• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰঞ্জী ট্ৰফীৰ এটা ইনিংছত ১০ উইকেট দখলেৰে অভিলেখ গঢ়িলে হাৰিয়ানাৰ যুৱ পেচাৰ অংশুলে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2024 2:53 pm
হাৰিয়ানাৰ যুৱ পেচাৰ অংশুল কাম্বোজে ৰঞ্জি ট্ৰফীৰ এটা ইনিংছত ১০টা উইকেট দখল কৰাৰ এক বিৰল অভিলেখ গঢ়িছে।

হাৰিয়ানাৰ যুৱ পেচাৰ অংশুল কাম্বোজে ৰঞ্জি ট্ৰফীৰ এটা ইনিংছত ১০টা উইকেট দখল কৰাৰ এক বিৰল অভিলেখ গঢ়িছে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টেষ্ট ক্ৰিকেটত প্ৰথম আৰু একমাত্ৰ ভাৰতীয় বলাৰ হিচাপে অনিল কুম্বলেই এই কৃতিত্ব অৰ্জন কৰিছে, এইবাৰ ঘৰুৱা ক্ৰিকেটত সেই কৃতিত্ব অৰ্জন কৰিলে অংশুল কাম্বোজে। হাৰিয়ানাৰ যুৱ পেচাৰগৰাকীয়ে ৰঞ্জি ট্ৰফীৰ এটা ইনিংছত ১০টা উইকেট দখল কৰাৰ এক বিৰল অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

ৰোহটকত অনুষ্ঠিত ৰঞ্জী এলিট-চি গ্ৰুপৰ এখন খেলত কেৰালাৰ বিৰুদ্ধে খেলে হাৰিয়ানাই। ৰোহটকৰ ২২ গজে সদায়ে পেচাৰসকলক সহায় কৰে। স্বাভাৱিকতে হাৰিয়ানাই টছত জয়লাভ কৰি কেৰালাক প্ৰথমে বেটিং কৰিবলৈ পঠিয়ায়। প্ৰথম ইনিংছত অংশুলে কেৰালাৰ ১০ জন বেটছমেনকেই পেভলিয়নলৈ পঠিয়াই ইতিহাস ৰচনা কৰে।

প্ৰথম ইনিংছত ২৯১ ৰান কৰি অল আউট হৈছিল কেৰালা। তেওঁলোকে ১১৬.১ অভাৰ আৰামত বেটিং কৰে। দলটোৰ চাৰিজন বেটছমেনে অৰ্ধশতক অৰ্জন কৰে। ৫৫ ৰান সংগ্ৰহ কৰি খেলপথাৰ এৰি যায় ৰোহন কুন্নুমলে। ১০২টা বলৰ ইনিংছত ৬টা চাৰি মাৰে। অক্ষয় চন্দ্ৰনে ৫৯ ৰান সংগ্ৰহ কৰে। ১৭৮টা বলৰ ইনিংছত তেওঁ ৫টা চাৰি মাৰে।

লগতে পঢ়কঃ বিশ্বকাপৰ কোৱালিফাইং মেচত মেছিৰ আৰ্জেণ্টিনাক পৰাস্ত কৰি চমক পেৰাগুৱেৰ

অধিনায়ক শচীন বাবীয়ে ৫২ ৰান সংগ্ৰহ কৰি পেভলিয়নলৈ উভতি যায়। ১৪৬টা বলৰ সতৰ্ক ইনিংছটোত তেওঁ ২টা চাৰি মাৰে। মহম্মদ আজহাৰুদ্দিনে ৭৪টা বলত ৫৩ ৰানৰ আগ্ৰাসী ইনিংছ খেলে। তেওঁ ৩টা চাৰি আৰু ৩টা ছয় মাৰে। ইয়াৰ উপৰিও শ্বাউন ৰজাৰে ১০৭টা বলত ৪২ ৰান সংগ্ৰহ কৰে। তেওঁ ৩টা চাৰি আৰু ১টা ছয় মাৰে।

হাৰিয়ানাৰ হৈ প্ৰথম ইনিংছত অংশুল কম্বোজে ৩০.১ অভাৰত বলিং কৰে। তেওঁ মাত্ৰ ৪৯ ৰানত ১০টা উইকেট দখল কৰে, য’ত ৯টা মেডেন অভাৰ আছিল। কম্বোজে ৰঞ্জি ট্ৰফীৰ ইতিহাসত এটা ইনিংছত ১০টা উইকেট দখল কৰা তৃতীয়জন বলাৰ হিচাপে পৰিগণিত হয়। প্ৰেমাংশ চেটাৰ্জী আৰু প্ৰদীপ সুন্দৰমে তেওঁৰ আগতে এই কৃতিত্ব অৰ্জন কৰিছে।

১৯৫৬-৫৭ ছিজনত বংগৰ বাওঁহতীয়া পেচাৰ প্ৰেমাংশুৱে অসমৰ বিৰুদ্ধে ৰঞ্জী খেলৰ এটা ইনিংছত মাত্ৰ ২০ ৰানত ১০টা উইকেট দখল কৰিছিল। ৰঞ্জী ট্ৰফীৰ ইতিহাসত শ্ৰেষ্ঠ বলিং প্ৰদৰ্শনৰ এয়া সৰ্বকালৰ অভিলেখ।

লগতে পঢ়কঃ পুনৰ হ্ৰাস পালে টকাৰ মূল্য, ডলাৰৰ হিচাপত সৰ্বনিম্ন; ট্ৰাম্পৰ প্ৰত্যাৱৰ্তনতে ভাৰতীয় মুদ্ৰাৰ পতন?

১৯৮৫-৮৬ ছিজনত ৰাজস্থানৰ সোঁহতীয়া পেচাৰ প্ৰদীপে বিদৰ্ভৰ বিৰুদ্ধে ৰঞ্জী মেচ এখনৰ ইনিংছত ৭৮ ৰানত ১০টা উইকেট দখল কৰিছিল। ৰঞ্জীৰ এটা ইনিংছত সৰ্বোত্তম বলিং প্ৰদৰ্শনৰ ক্ষেত্ৰত অংশুলে প্ৰদীপক অতিক্ৰম কৰে।

মুঠতে ভাৰতৰ ঘৰুৱা প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ষষ্ঠ বলাৰ হিচাপে এটা ইনিংছত ১০টা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰে অংশুল কাম্বোজে। কুম্বলে, প্ৰেমাংশু, প্ৰদীপ আৰু অংশুলৰ উপৰিও এই তালিকাত দেবাশীশ মহান্তি আৰু সুভাষ গুপ্তেৰ নাম আছে।

1⃣ innings 🤝 1⃣0⃣ wickets 👏

Historic Spell 🙌

3⃣0⃣.1⃣ overs
9⃣ maidens
4⃣9⃣ runs
1⃣0⃣ wickets 🔥

Watch 📽️ Haryana Pacer Anshul Kamboj’s record-breaking spell in the 1st innings against Kerala 👌👌#RanjiTrophy | @IDFCFIRSTBank pic.twitter.com/RcNP3NQJ2y

— BCCI Domestic (@BCCIdomestic) November 15, 2024

১৯৯৯ চনত পাকিস্তানৰ বিৰুদ্ধে টেষ্ট খেলত কুম্বলেই এই কৃতিত্ব অৰ্জন কৰিছিল। ২০০০-০১ ছিজনত ইষ্ট বনাম চাউথ জ’নৰ খেলখনত মহান্তিয়ে এই কৃতিত্ব অৰ্জন কৰিছিল। ১৯৫৪-৫৫ ছিজনত বম্বে বনাম পাকিস্তান কম্বাইণ্ড চাৰ্ভিচেছ আৰু বাহাৱালপুৰ একাদশৰ খেলখনত সুভাষ গুপ্তেই এনে অভিলেখ গঢ়ি তুলিছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd