• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ হ্ৰাস পালে টকাৰ মূল্য, ডলাৰৰ হিচাপত সৰ্বনিম্ন; ট্ৰাম্পৰ প্ৰত্যাৱৰ্তনতে ভাৰতীয় মুদ্ৰাৰ পতন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2024 8:56 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ হ্ৰাস পাইছে ভাৰতীয় মুদ্ৰাৰ মূল্য। আজি ১৫ নৱেম্বৰ শুকুৰবাৰে চাৰি পইচা হ্ৰাস পাই সৰ্বকালৰ সৰ্বনিম্ন স্তৰত উপনীত হৈছে টকা। ডলাৰৰ বিপৰীতে মূল্য পাইছেগৈ ৮৪.৪৩ টকা। এই মূল্য হ্ৰাসক লৈ উদ্বিগ্ন বিশেষজ্ঞসকল।

অক্টোবৰ মাহৰ পৰা টকাৰ মূল্য দ্ৰুতগতিত হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। ১১ অক্টোবৰত এক ডলাৰৰ মূল্য আছিল ৮৩.৯৯ ভাৰতীয় টকা। ইয়াৰ পিছত ৩১ অক্টোবৰত পুনৰ টকাৰ মূল্য হ্ৰাস পাই সৰ্বকালৰ নিম্নতম স্তৰত উপনীত হয়। সেইবাৰ আছিল ৮৪.১০ টকা। তেতিয়াৰ পৰাই টকাৰ মূল্য ক্ৰমান্বয়ে কমি আহিছে।

শুকুৰবাৰেও শ্বেয়াৰ বজাৰ মুকলি হোৱাৰ পিছত ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য আছিল ৮৪.৪০ টকা। পিছত ১ পইচা বৃদ্ধি হৈ ৮৪.৩৯ টকা হয়। ইয়াৰ পিছত তাৰ পৰাই মূল্য হ্ৰাস পাবলৈ ধৰি ৮৪.৪৩ টকাত ৰৈছে।

Apply Now

লগতে পঢ়কঃ পুৰুষ নে মহিলা! কাৰ বেছি বুদ্ধি? চাণক্যই কৈ গৈছে প্ৰকৃত সত্য!

বিশেষজ্ঞসকলে কয় যে ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য হ্ৰাসৰ কাৰণ হৈছে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি আৰু ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা বিদেশী পুঁজিৰ বহিঃপ্ৰবাহ। ভাৰতীয় টকাত লাভৰ পৰিসংখ্যা হ্ৰাস পাইছে। বিগত কিছুদিন ধৰি শ্বেয়াৰৰ মূল্যও হ্ৰাস পাইছে। ফলত ডলাৰৰ হিচাপত টকাৰ মূল্য ক্ৰমান্বয়ে হ্ৰাস পাইছে। অহা কেইদিনমানৰ ভিতৰত এই মূল্য আৰু হ্ৰাস পাব পাৰে।

ইয়াৰ আঁৰৰ এটা মূল কাৰণ হ’ল ড’নাল্ড ট্ৰাম্পৰ প্ৰত্যাৱৰ্তন। যোৱা সপ্তাহত ৰিপাব্লিকান নেতাগৰাকীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভলৈ উভতি আহিছে। তেতিয়াৰ পৰাই আমেৰিকাৰ শ্বেয়াৰ বজাৰখন পুনৰ উত্থান হ’বলৈ আৰম্ভ কৰিছে। তাৰ বাবেই টকাৰ দাম কমিবলৈ আৰম্ভ কৰিছে। ফলত বিদেশী ঋণ পৰিশোধৰ খৰচ বাঢ়িছে। আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ীসকলৰ মতে এই পৰিস্থিতিত ভাৰতীয় টকাই সংকীৰ্ণ পৰিসৰত ব্যৱসায় কৰিব পাৰিব।

লগতে পঢ়কঃ মগজুৰ বাহিৰেও শৰীৰৰ আন কি কি অংগত জমা হৈ থাকে আমাৰ স্মৃতি; গৱেষণাত আচৰিত তথ্য

চলিত বৰ্ষৰ এপ্ৰিল মাহত ভাৰতীয় মুদ্ৰাই মাৰ্কিন ডলাৰৰ বিপৰীতে ৮৩.৫৩ টকাৰ অভিলেখ সৃষ্টি কৰিছিল। মধ্যপ্ৰাচ্যত যুদ্ধৰ আশংকা, আমেৰিকাৰ মুদ্ৰা শক্তিশালী হোৱা আৰু বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিয়ে ভাৰতীয় টকা দুৰ্বল কৰি তুলিছিল। কিন্তু ৭ মাহৰ পাছত সেই সৰ্বনিম্ন মূল্যৰ অভিলেখো অতিক্ৰম হ’ল। ডলাৰ এতিয়া ব্যয়বহুল, প্ৰায় ৮৫ টকাৰ সমান। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

August 15, 2026 9:09 am
ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

August 15, 2026 7:58 am
সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

August 15, 2026 7:50 am
স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 15, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

August 15, 2026 9:09 am
ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

August 15, 2026 7:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd