হয় সংগম, নহ’লে কাম হেৰুওৱাৰ ভাবুকি! মায়ানগৰীত চাৰিবছৰ ধৰি ধৰ্ষণৰ বলি মেক্সিকান ডি জে
মায়ানগৰী মুম্বাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চাৰিবছৰ ধৰি এগৰাকী যুৱকৰ দ্বাৰা একাধিক বাৰ ধৰ্ষণৰ বলি হোৱাৰ অভিযোগ তুলি আৰক্ষীৰ কাষ চাপিছে এগৰাকী মেক্সিকান ডিস্ক জকী, অৰ্থাৎ ডি জে।
৩১ বৰ্ষীয় মেক্সিকান যুৱতী ডি জে গৰাকীয়ে উত্থাপন কথা ধৰ্ষণৰ অভিযোগৰ পাছতে মুম্বাই আৰক্ষীয়ে অভিযুক্ত লোকজনক গ্ৰেপ্তাৰ কৰিছে।
প্ৰকাশিত খবৰ অনুসৰি, যৌন সংগমত সন্মতি নিদিলে যুৱতীগৰাকীক কামৰ পৰা আঁতৰোৱাৰ ভাবুকিৰে ধৰ্ষণ কৰি আহিছিল অভিযুক্ত লোকজনে। অভিযুক্ত ৩৫ বছৰীয়া যুৱকজনো একেটা প্ৰতিষ্ঠানতে ডি জে হিচাপে কৰ্মৰত।
অভিযোগ অনুসৰি, যোৱা ২০১৯ চনৰ পৰা অভিযুক্তই কেইবাবাৰো যুৱতীগৰাকীক ধৰ্ষণ কৰিছিল।২০১৭ চনত ছ’চিয়েল মিডিয়াৰ জৰিয়তে অভিযুক্তক লগ পাইছিল বুলি যুৱতীগৰাকীয়ে এজাহাৰত উল্লেখ কৰিছে।
যুৱতীগৰাকীয়ে অভিযোগ কৰা মতে, ২০১৯ চনৰ জুলাই মাহত বান্দ্ৰাস্থিত নিজ বাসগৃহত প্ৰথমবাৰ তেওঁক যৌন নিৰ্যাতন চলাইছিল অভিযুক্তই আৰু তাৰ পিছত তেওঁ তেওঁক একাধিকবাৰ ধৰ্ষণ কৰিছিল।
অভিযুক্ত যুৱকজন পেছাগতভাৱে মেনেজাৰ বুলি জানিবলৈ দি যুৱতীগৰাকীয়ে কয় যে তেওঁ যৌন সম্পৰ্কৰ বাবে অস্বীকাৰ কৰিলে অভিযুক্তই তেওঁক কামৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি দিছিল।
লগতে তেওঁৰ কিছুমান অন্তৰংগ ছবিৰ জৰিয়তেও ব্লেকমেইল কৰা বুলি অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে। তেওঁ অভিযোগ কৰা মতে, অভিযুক্তই প্ৰথমে তেওঁক অশালীন ছবি প্ৰেৰণ কৰিছিল।
২০২০ চনত আন এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছতো তেওঁ যুৱতীগৰাকীক যৌন সম্পৰ্কীয় মেছেজ কৰে আৰু তেওঁৰ পৰা যৌন সম্পৰ্ক দাবী কৰি আহিছিল বুলিও যুৱতীগৰাকীয়ে লগতে কয়।
যুৱতীগৰাকীৰ এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬, ৩৭৭, ৩৫৪ আৰু ৫০৬ৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে সদৰী কৰে।