কোভিড পৰিস্থিতিৰ মাজতে পশ্চিমবংগৰ ৰাজনীতিত সৃষ্টি হৈছে এক ধুমুহাৰ। নাগদকাণ্ডত চিবিআইৰ জালত পৰা চাৰিগৰাকী তৃণমূল নেতাক লৈ আৰম্ভ হৈছে এক ৰুদ্ধশ্বাস নাটকৰ।
চিবিআইয়ে গ্ৰেপ্তাৰ কৰা মন্ত্ৰী সুব্ৰত মুখাৰ্জী, ফিৰহাদ হাকিম, বিধায়ক মদন মিত্ৰ আৰু প্ৰাক্তন মন্ত্ৰী শোভন চেটাৰ্জীক সোমবাৰে নিম্ন আদালতে দিয়া জামিনত স্থগিতাদেশ জাৰি কৰিছে কলকাতা হাইকোৰ্টে।
সোমবাৰে নিশা কলকাতা হাইকোৰ্টৰ মুখ্য ন্যায়াধীশৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰে। আনহাতে, গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন অহা বুধবাৰে ধাৰ্য কৰে। তেতিয়ালৈকে নেতা চাৰিগৰাকী জে’ল হাজোততে থাকিব লাগিব।
সোমবাৰে নিম্ন আদালতে অভিযুক্তকেইগৰাকীৰ জামিন মঞ্জুৰ কৰাৰ পাছত চিবিআইয়ে হাইকোৰ্টৰ দ্বাৰস্থ হয়।
আদালতে জৰুৰী ভিত্তিত গোচৰটো গ্ৰহণ কৰি নিশা ৮-১৫বজাত শুনানি আৰম্ভ কৰে। নিশা ৯বজালৈ শুনানি চলে আৰু নিশা ১০-৩০বজাত আদালতে জামিনত স্থগিতাদেশ জাৰিৰ নিৰ্দেশ দিয়ে।
মুখ্য ন্যায়াধীশৰ খণ্ড বিচাৰপীঠখনে লগতে আদালতত এই গোচৰৰ সৈতে জড়িত যিকোনো প্ৰক্ৰিয়াতে স্থগিতাদেশ দিয়ে। ইয়াৰ ফলত জামিন লাভ কৰিও মুকলি হ’ব নোৱাৰিলে নেতা চাৰিগৰাকী।
বাতৰি অনুসৰি, তেওঁলোকক প্ৰেছিডেন্সি জেল’লৈ প্ৰেৰণ কৰা হৈছে।
ইপিনে, নিজাম পেলেচৰ চিবিআইৰ কাৰ্যালয়ৰ সন্মুখত তৃণমূলৰ কৰ্মীৰ বিক্ষোভ সন্দৰ্ভত চিবিআইয়ে আদালতক এনেদৰে তদন্ত চলাই নিয়া সম্ভৱ নহয় বুলি অৱগত কৰে। চিবিআইয়ে গোচৰটো আন ৰাজ্যলৈ নিয়াৰ পোষকতা কৰে যদিও আদালতে এইক্ষেত্ৰত কোনো সিদ্ধান্ত প্ৰকাশ কৰা নাই।
সোমবাৰে সন্ধিয়া জামিন পোৱাৰ পাছতো অভিযুক্তকেইগৰাকীক চিবিআইৰ বিষয়াসকলে মুকলি কৰিলে নিদিয়াৰ বাবে নতুন বিতৰ্কৰ সৃষ্টি হৈছে। অৱশেষত চিবিআইৰ জালত বন্দী নেতাকেইগৰাকীৰ ঘৰলৈ উভতা নহ’ল।