NORTHEAST NOW (Assamese)

কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰক গাড়ী প্ৰদান এইচ চি এল ফাউণ্ডেইশ্যনৰ

September 15, 2018 9:23 pm · উত্তম শইকীয়া
কাজিৰঙাত শনিবাৰৰ গাড়ী প্ৰদান অনুষ্ঠান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰক দেশৰ আগশাৰীৰ কম্পিউটাৰ উদ্যোগ এইচ চি এল ফাউণ্ডে’চনে শনিবাৰে এখন ভ্ৰাম্যমাণ পশু চিকিৎসা গাড়ী প্ৰদান কৰে৷

কেন্দ্ৰটোত এই উপলক্ষে আয়োজিত এক বিশেষ অনুষ্ঠানত পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াই পতাকা জোকাৰি গাড়ীখনৰ শুভ উদ্বোধন কৰে৷

এই ভ্ৰাম্যমাণ পশু চিকিৎসা সেৱাই কাজিৰঙা আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্গত বন্যপ্ৰাণীৰ বাবে চিকিৎসা সেৱা আগবঢ়াব৷

অনুষ্ঠানত কেন্দ্ৰটোৰ পৰিচালনাৰ দায়িত্বত থকা ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উপ সঞ্চালক ড৹ ৰথীন বৰ্মন আৰু যুটীয়া সঞ্চালক যুনীল চুবাও উপস্থিত আছিল৷

Related News