কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰক দেশৰ আগশাৰীৰ কম্পিউটাৰ উদ্যোগ এইচ চি এল ফাউণ্ডে’চনে শনিবাৰে এখন ভ্ৰাম্যমাণ পশু চিকিৎসা গাড়ী প্ৰদান কৰে৷
কেন্দ্ৰটোত এই উপলক্ষে আয়োজিত এক বিশেষ অনুষ্ঠানত পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াই পতাকা জোকাৰি গাড়ীখনৰ শুভ উদ্বোধন কৰে৷
এই ভ্ৰাম্যমাণ পশু চিকিৎসা সেৱাই কাজিৰঙা আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্গত বন্যপ্ৰাণীৰ বাবে চিকিৎসা সেৱা আগবঢ়াব৷
অনুষ্ঠানত কেন্দ্ৰটোৰ পৰিচালনাৰ দায়িত্বত থকা ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উপ সঞ্চালক ড৹ ৰথীন বৰ্মন আৰু যুটীয়া সঞ্চালক যুনীল চুবাও উপস্থিত আছিল৷