NORTHEAST NOW (Assamese)

শিক্ষা বিভাগৰ চূড়ান্ত ম‌ইমতালিত আত্মহত্যা প্ৰধান শিক্ষকৰ: ডিৱাইএফ‌আইৰ শোক প্ৰকাশ

October 3, 2023 9:40 pm · এন ই নাও নিউজ, গুৱাহাটী

শিক্ষা বিভাগৰ বিভিন্ন মইমতালিত অতিষ্ঠ হৈ তীব্ৰ মানসিক চাপত আত্মহত্যাৰ দৰে চূড়ান্ত পথ বাচি লৈছে তামুলপুৰ জিলাৰ উপৰখুঁটি নিৱাসী, ওদালগুৰি জিলাৰ খৈৰাবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত দিব্যজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দুৰ্গা চাপাগায়ে।

এই ঘটনাত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন( ডিৱাইএফ‌আই) তামুলপুৰ জিলা কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে ইয়াৰ বাবে শিক্ষা বিভাগক জগৰীয়া কৰি তৎকালে শিক্ষামন্ত্ৰীৰ পদত্যাগ দাবী কৰিছে।

উল্লেখযোগ্য যে বহু বছৰকাল ১৬৭ নং উপৰখুঁটি প্ৰাথমিক বিদ্যালয়ত বিনাবেতনে শিক্ষকতা কৰি থকাৰ অন্তত দুৰ্গা চাপাগাইদেৱে প্ৰায় এবছৰ আগত ওদালগুৰি জিলাত পুনৰ নিযুক্তি লাভ কৰিছিল।

কিন্তু নিযুক্তিৰ ছমাহ পিচত দিব্যজ্যোতি প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰূপে নিযুক্তি দিয়াত সমস্যাত পৰে মোবাইল ফোন আৰু ইন্টাৰনেটৰ সম্যক জ্ঞান নথকা শিক্ষকগৰাকী।

পৰৱৰ্তী সময়ছোৱাত বিভিন্ন শৈক্ষিক আৰু অনাশৈক্ষিক কাম-কাজৰ তথ্য মোবাইল ফোনেৰে দিবলগীয়া হোৱাত শিক্ষকগৰাকী বিবুদ্ধিত পৰে।

লাচিত বৰফুকনৰ ওপৰত ৰচনা লিখি এপত বাধ্যতামূলকভাৱে আপলোড কৰাৰ পৰা আৰম্ভ কৰি শেহতীয়াভাৱে অমৃত বৃক্ষ, অমৃত কলহ, বীৰগাথা দিৱস আদিৰ লগতে শিক্ষাসেতুত তথ্য দিয়াৰ দৰে কামসমূহ সমাপন কৰাত জটিলতাৰ সন্মূখীন হৈ মানসিকভাৱে ভাগি পৰে শিক্ষকগৰাকী।

এই সকলোবোৰ কামৰ বোজা সহিব নোৱাৰি তেওঁ আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লয়। বিভিন্ন অনাশৈক্ষিক কামৰ বোজা বিদ্যালয়সমূহত বৃদ্ধি হোৱাৰ বাবেই তেওঁ তীব্ৰ চাপত পৰে।

ডিৱাইএফ‌আই তামুলপুৰ জিলা কমিটিয়ে শিক্ষকৰ ওপৰত জাপি দিয়া এই অনাশৈক্ষিক কামৰ বোজাৰ তীব্ৰ বিৰোধ কৰিছে আৰু দুৰ্গা চাপাগাইৰ দৰে ঘটনা পুনৰ যে সংঘটিত নহব তাত সন্দেহ ব্যক্ত কৰিছে।

এই ঘটনাৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে বুলি ডিৱাইএফ‌আই তামুলপুৰ জিলা কমিটিয়ে দাবী জনাইছে।

Related News