DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, December 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিক্ষা বিভাগৰ চূড়ান্ত ম‌ইমতালিত আত্মহত্যা প্ৰধান শিক্ষকৰ: ডিৱাইএফ‌আইৰ শোক প্ৰকাশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2023 9:40 pm
Apex Bank scam
6.7k
VIEWS
Share on FacebookShare on Twitter

শিক্ষা বিভাগৰ বিভিন্ন মইমতালিত অতিষ্ঠ হৈ তীব্ৰ মানসিক চাপত আত্মহত্যাৰ দৰে চূড়ান্ত পথ বাচি লৈছে তামুলপুৰ জিলাৰ উপৰখুঁটি নিৱাসী, ওদালগুৰি জিলাৰ খৈৰাবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত দিব্যজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দুৰ্গা চাপাগায়ে।

এই ঘটনাত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন( ডিৱাইএফ‌আই) তামুলপুৰ জিলা কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে ইয়াৰ বাবে শিক্ষা বিভাগক জগৰীয়া কৰি তৎকালে শিক্ষামন্ত্ৰীৰ পদত্যাগ দাবী কৰিছে।

উল্লেখযোগ্য যে বহু বছৰকাল ১৬৭ নং উপৰখুঁটি প্ৰাথমিক বিদ্যালয়ত বিনাবেতনে শিক্ষকতা কৰি থকাৰ অন্তত দুৰ্গা চাপাগাইদেৱে প্ৰায় এবছৰ আগত ওদালগুৰি জিলাত পুনৰ নিযুক্তি লাভ কৰিছিল।

কিন্তু নিযুক্তিৰ ছমাহ পিচত দিব্যজ্যোতি প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰূপে নিযুক্তি দিয়াত সমস্যাত পৰে মোবাইল ফোন আৰু ইন্টাৰনেটৰ সম্যক জ্ঞান নথকা শিক্ষকগৰাকী।

পৰৱৰ্তী সময়ছোৱাত বিভিন্ন শৈক্ষিক আৰু অনাশৈক্ষিক কাম-কাজৰ তথ্য মোবাইল ফোনেৰে দিবলগীয়া হোৱাত শিক্ষকগৰাকী বিবুদ্ধিত পৰে।

লাচিত বৰফুকনৰ ওপৰত ৰচনা লিখি এপত বাধ্যতামূলকভাৱে আপলোড কৰাৰ পৰা আৰম্ভ কৰি শেহতীয়াভাৱে অমৃত বৃক্ষ, অমৃত কলহ, বীৰগাথা দিৱস আদিৰ লগতে শিক্ষাসেতুত তথ্য দিয়াৰ দৰে কামসমূহ সমাপন কৰাত জটিলতাৰ সন্মূখীন হৈ মানসিকভাৱে ভাগি পৰে শিক্ষকগৰাকী।

এই সকলোবোৰ কামৰ বোজা সহিব নোৱাৰি তেওঁ আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লয়। বিভিন্ন অনাশৈক্ষিক কামৰ বোজা বিদ্যালয়সমূহত বৃদ্ধি হোৱাৰ বাবেই তেওঁ তীব্ৰ চাপত পৰে।

ডিৱাইএফ‌আই তামুলপুৰ জিলা কমিটিয়ে শিক্ষকৰ ওপৰত জাপি দিয়া এই অনাশৈক্ষিক কামৰ বোজাৰ তীব্ৰ বিৰোধ কৰিছে আৰু দুৰ্গা চাপাগাইৰ দৰে ঘটনা পুনৰ যে সংঘটিত নহব তাত সন্দেহ ব্যক্ত কৰিছে।

এই ঘটনাৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে বুলি ডিৱাইএফ‌আই তামুলপুৰ জিলা কমিটিয়ে দাবী জনাইছে।

Recent News

জাতিক প্ৰতাৰণা! আছুৰ তিনি শতাধিক নেতা-কৰ্মীয়ে চলিত সপ্তাহতে যোগদান কৰিব বিজেপিত

জাতিক প্ৰতাৰণা! আছুৰ তিনি শতাধিক নেতা-কৰ্মীয়ে চলিত সপ্তাহতে যোগদান কৰিব বিজেপিত

কেনেকৈ নিৰ্বাচন অনুষ্ঠিত হয় এইকেইখন দেশত? নিৰ্বাচনৰ নিয়মে আচৰিত কৰিব আপোনাক

কেনেকৈ নিৰ্বাচন অনুষ্ঠিত হয় এইকেইখন দেশত? নিৰ্বাচনৰ নিয়মে আচৰিত কৰিব আপোনাক

বন্ধ হৈ যোৱা ২০০০ টকাৰ নোটসমূহ ছপা কৰিবৰ বাবে চৰকাৰে খৰচ কৰিছিল ১৭,৬৮৮ কোটি টকা, লোকসভাত প্ৰকাশ হ’ল এই তথ্য

বন্ধ হৈ যোৱা ২০০০ টকাৰ নোটসমূহ ছপা কৰিবৰ বাবে চৰকাৰে খৰচ কৰিছিল ১৭,৬৮৮ কোটি টকা, লোকসভাত প্ৰকাশ হ’ল এই তথ্য

চিচি টিভিত বন্দী হত্যাৰ দৃশ্য : আততায়ীৰ গুলীত নিহত ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণী সেনাৰ মুৰব্বী সুখদেৱ সিং গগামেডি

চিচি টিভিত বন্দী হত্যাৰ দৃশ্য : আততায়ীৰ গুলীত নিহত ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণী সেনাৰ মুৰব্বী সুখদেৱ সিং গগামেডি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd