• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মাজুলীৰ বিদ্যালয়ত অঘটন : প্ৰধান শিক্ষকে কাটিলে ২২ গৰাকী বৈষ্ণৱ ছাত্রৰ চুলি

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , April 27, 2019 8:48 pm

1 min read

মাজুলীৰ বিদ্যালয়ত অঘটন : প্ৰধান শিক্ষকে কাটিলে ২২ গৰাকী বৈষ্ণৱ ছাত্রৰ চুলি
1.9k
VIEWS
Share on FacebookShare on Twitter

মাজুলীৰ আউনীআটী সত্র মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বৰ্বৰতাই সত্ৰীয়া সংস্কৃতীৰ প্ৰাণকেন্দ্ৰ মাজুলী জিলাত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

৫০০ বছৰীয়া সত্রীয়া পৰম্পৰা তথা ঐতিহ্যত আঘাট হানি বিদ্যালয়খনৰ প্রধান শিক্ষক প্রশান্ত দোলাকাষৰীয়াই ২২ গৰাকীকৈ বৈষ্ণব ছাত্রৰ খলপা খলপকৈ চুলি কাটি এক অভাবনীয় পৰিস্থিতিৰ সৃষ্টি কৰে।

ঘটনাৰ বিৱৰণি অনুসৰি আজি পুৱা বিদ্যালয়ৰ প্রাৰ্থনা সভাত প্রধান শিক্ষকে বিদ্যালয়খনত অধ্যয়নৰত ২২ গৰাকীকৈ আউনী আটী সত্রৰ বৈষ্ণব ছাত্রৰ দীঘলকৈ ৰখা চুলিত ৰং কৰি অহাৰ অজুহাতত চুলি খলপা খলপকৈ কাটি দিয়ে।

এই কাণ্ডত মৰ্মাহত হৈ শিশু আৰু কিশোৰ বৈষ্ণব ছাত্রকেইগৰাকীয়ে সত্রৰ নিজ নিজ বহালৈ গৈ অভিভাৱকৰ সন্মুখত ঘটনাটো প্রকাশ কৰি কান্দোনত ভাগি পৰে। সত্রৰ পৰম্পৰা আৰু ধৰ্মীয় অনুভূতিত তীব্র আঘাত হনা এই কাৰ্য্য প্রত্যক্ষ কৰি হতচকিত হৈ পৰা জ্যেষ্ঠ বৈষ্ণৱসকলে ছাত্রকেইগৰাকীক লগত লৈ মাজুলীৰ জিলা উপায়ুক্তৰ কাষ চাপে।

উপায়ুক্তক অভিযোগ দিয়াৰ উপৰি বৈষ্ণৱসকলে মাজুলী আৰক্ষী থানাত ঘটনা সম্পৰ্কত এক গোচৰ ৰুজু কৰে।

আনহাতে অভিযুক্ত প্রধান শিক্ষক গৰাকীক এই বিষয়ে সোধাত তেওঁ ছাত্রসকলৰ উশৃঙ্খল স্বভাব তথা চুলিত ৰং কৰি বিদ্যালয়লৈ অহাৰ বাবেই ৰং কৰা চুলিখিনি কাটি দিয়া হৈছিল বুলি উল্লেখ কৰে।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd