• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Ashwagandha অশ্বগন্ধাত আছে বহু ঔষধি গুণ জানেনে আপোনালোকে?

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 27, 2022 2:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বনত হোৱা ঔষধি গছসমূহৰ ভিতৰত অশ্বগন্ধা অন্যতম। ই এক বন্য উদ্ভিদ; বনৌষধিৰ ভিতৰত ই এক নিত্য ব্যৱহাৰ্য ঔষধি গছ।
সংস্কৃতত ‘অশ্ব’ শব্দৰ অৰ্থ ঘোঁৰা; শুকান অৱস্থাত ইয়াৰ শিপাত ঘোঁৰাৰ মূত্ৰৰ দৰে গোন্ধ পোৱা যায় বাবে ইয়াৰ নাম ‘অশ্বগন্ধা’।

উদ্ভিদ বিজ্ঞানৰ অন্তৰ্গত ‘গুৰুচ্যাদি বৰ্গ’ৰ (Solanacae) ভিতৰত এই গছ অতি আৱশ্যকীয় ঔষধি। এই গছ সাধাৰণতে আম, কঠাল আদি গছৰ তলত দেখা যায়। ভাৰতবৰ্ষৰ সকলো ঠাইতে আৰু অসমৰ গাঁৱে-ভূঞে, চহৰে-নগৰে আৰু হাবিলতীয়া ঠাইত এই উদ্ভিদ পোৱা যায়।

Apply Now

এই গছ সাধাৰণতে দুই ফুটৰ পৰা চাৰি ফুট পৰ্যন্ত ওখ হয়; অৱশ্যে স্থান অনুপাতে ইয়াক তাৰতম্য দেখা যায়। পাতবোৰ দুইৰ পৰা চাৰি ইঞ্চি পৰ্যন্ত দীঘল হয়; পাতবিলাক থোপা পাতি থাকে। মূলৰ তলৰ ভাগতকৈ ওপৰৰ ভাগ আপেক্ষিকভাৱে শকত। ফলবিলাক ৰক্ত বৰ্ণৰ, কিছু ডাঙৰ। গুটি পাণ্ডুবৰ্ণৰ হয়।

গুণ,ধৰ্ম আৰু বিভিন্ন ৰোগত প্ৰয়োগ হয় অশ্বগন্ধা তাৰ বিষয়ে জানো আহক:-

অশ্বগন্ধাত কটু, তিক্ত ৰস অধিক পৰিমাণে থাকে। ইয়াৰ বীৰ্য সদায় উষ্ণ, বলকাৰক, শুক্ৰবৰ্ধক, ৰসায়ন আৰু বাত শ্লেষ্মানাশক। ইয়াৰ বায়ু, শোথ, ক্ষয়, শ্বিত্ৰ ৰোগ নাশ কৰিব পৰা শক্তি আছে। ইয়াক ঔষধিৰূপে নিয়মিত প্ৰয়োগ কৰিলে শৰীৰৰ কাম উত্তেজনা বৃদ্ধি পায়।

ইয়াক প্ৰমেহ, নিদ্ৰাহীনতা, ধাতু, দৌৰ্বল্য, কুষ্ঠৰোগ, শ্বাস ৰোগ, হাওঁফাওঁৰ ৰোগ, স্বপ্নদোষ, উন্মাদ মৃগী, হৃদয় দৌৰ্বল্য, মনো বিভ্ৰম, ভগন্দৰ, ৰাজযক্ষ্মা, স্বপ্ন প্ৰমেহ, মস্তিষ্ক বিকাৰ, পীনস(নাকেৰে পানী ওলোৱা) গুল্ম, ব্ৰণ, চৰ্মৰোগ, খজুৱতি, নিউমোনিয়া, উপদংশ, দৃষ্টিহীনতা, নপুংসকতা, প্ৰদৰ আদি ৰোগত প্ৰয়োগ কৰিব পাৰি।

কুষ্ঠৰোগত অশ্বগন্ধাৰ প্ৰয়োগ দুই মাহ পৰ্যন্ত কৰিব লাগে। সাধাৰণতে কষায় আৰু কটু ৰস বিশিষ্ট ত্ৰিফলা(আমলখি, শিলিখা আৰু ভোমোৰা) ক্কাথৰ দ্বাৰা কৰিব লাগে। এইদৰে প্ৰয়োগ কৰিলে ক্ষয়ৰোগ, শ্বাসৰোগ, কাহ আৰু অজীৰ্ণ আদিত ভাল ফল দিয়ে। ইয়াক নিয়মিতভাৱে সেৱন কৰিলে শুক্ৰ বৃদ্ধি হয়।

অশ্বগন্ধা মূলৰ চূৰ্ণ গাখীৰৰ সৈতে মিহলাই দুমাহ পৰ্যন্ত প্ৰয়োগ কৰিলে হাওঁফাওঁৰ ৰোগ দূৰ হয়, লগতে মহিলাসকলৰ সন্তান প্ৰসৱৰ পিছত স্তনত দুগ্ধ বৃদ্ধি হয়। অশ্বগন্ধা এনে এক অপূৰ্ব ৰসায়ন, যাক জৰা, মৃত্যুনাশক বুলি মহৰ্ষিসকলে কয়।

 

ইয়াৰ নিয়মিত সেৱনত সৌন্দৰ্য, বল, কান্তি আৰু শক্তি আদি বৃদ্ধি হৈ দীৰ্ঘায়ুপ্ৰাপ্ত হয়। বেয়া সপোন দেখি শুক্ৰস্খলন হ’লে, হঠাতে সংজ্ঞাহীন হৈ পৰা, হৃদয় দুৰ্বলতা, শৌচৰ নাড়ীত ঘা হ’লে আৰু ৰাজযক্ষ্মাত ইয়াৰ ব্যৱহাৰ অতি উপযোগী। অশ্বগন্ধাৰ চূৰ্ণ গৰুৰ ঘিউ, চেনিসহ উপযুক্ত মাত্ৰাত সেৱন কৰিলে নিদ্ৰা ভাল হয়। ই ক্ষীণ শিশুৰ পুষ্টিকাৰক।

অশ্বগন্ধাৰ ঔষধি মাত্ৰা আধা গ্ৰাম পৰিমাণত দুই মাহ পৰ্যন্ত দিব পাৰি। নিদ্ৰাহীনতা ৰোগত ইয়াৰ মূলৰ চূৰ্ণ ডেৰ গ্ৰাম লৈ গাখীৰ বা পানীৰ লগত মিহলাই খালে বায়ু সমান হৈ সুন্দৰৰূপে নিদ্ৰা আহে। বায়ু বৃদ্ধি হোৱাৰ ফলত টোপনি কম হয়, তেনে অৱস্থাত ইয়াৰ ব্যৱহাৰে ভাল ফল দিয়ে। এইদৰে সেৱন কৰিলে বুদ্ধি বৃদ্ধি হয় লগতে প্ৰমেহ আৰু ধাতুক্ষীণতা দূৰ হয়।

ইয়াক বাতনাশক আৰু অগ্নিৰ বৃদ্ধিকাৰক হিচাপে ব্যৱহাৰ কৰা যায়। ভোজনৰ পিছত অশ্বগন্ধাৰিষ্ট দুই চাহ চামুচ ঔষধ এচামুচ পানীৰে নিয়মিত খালে মস্তিষ্ক বিকাৰ আৰু স্নায়বিক দুৰ্বলতাত ভাল ফল দিয়ে। চূৰ্ণ দুই মাত্ৰা হিচাপে প্ৰয়োগ কৰি ৰাতিপুৱা মৌৰে খালে, বীৰ্য পুষ্ট হৈ স্বপ্ন প্ৰমেহ ৰোগ ভাল হয়। আনহাতে ইয়াৰ প্ৰয়োগ পুৰণা ঘিউ বা মৌৰে কৰিব লাগে।

ইয়াৰ প্ৰয়োগ মানুহৰ শৰীৰত ঘোঁৰাৰ সদৃশ বল বৰ্ধন কৰে। এক মাত্ৰা অশ্বগ্ধা ১২ গ্ৰাম মিচিৰিৰ লগত মিহলাই খালে সম্পূৰ্ণ বীৰ্য বিকাৰ দূৰ হয়।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

July 6, 2026 7:49 pm
পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd