NORTHEAST NOW (Assamese)

উপকাৰী গুণেৰে ভৰপূৰ কেপছিকামঃ চাওক কেপছিকামৰ গুণাগুণ

August 29, 2023 6:50 pm · এন ই নাও নিউজ, গুৱাহাটী

প্ৰায় লোকৰে প্ৰিয় পাচলিৰ তালিকাত কেপছিকাম অন্যতম। ইয়াত প্ৰচুৰ পৰিমানে ভিটামিন ’চি’ থাকে। অলপ ঠাইতে বা আনকি টাবতো ইয়াৰ খেতি কৰিব পৰা যায়।

স্বাস্থ্যৰ উপকাৰিতাৰ ক্ষেত্ৰত কেপছিকামৰ আছে বিশেষ গুণ। ছালৰ উজ্জলতা অটুট ৰখাৰ ক্ষেত্ৰত কেপছিকামৰ যাদুকৰী গুণ আছে। তদুপৰি, ছালত কোচ খোৱা বা শালমন প্ৰতিৰোধত ই বিশেষ কাৰ্যকৰী।

ইয়াৰ কেপছাইছিনছ নামৰ উপাদান ডিএনএ’ৰ সৈতে লগ লাগি কেন্সাৰ সৃষ্টিকাৰী উপাদানৰ গঠনত বাধা দিয়ে আৰু সেইদৰে কেন্সাৰ প্ৰতিৰোধত সহায় কৰে।

কেপছিকামে যিকোনো বিষৰ পৰা মুক্তি দিয়ে। মাইগ্ৰেন, ছাইনাছ, সংক্ৰমণ, দাঁতৰ বিষ, অষ্টিঅ’আৰ্থাৰাইটিছ ইত্যাদিৰ বিষৰ উপশম কৰাত কাম কৰে।

দেহৰ বৰ্দ্ধিত কেল’ৰি পূৰণত কাম কৰে কেপছিকামে। ইয়াৰ ফলত অতিমাত্ৰা চৰ্বিৰ পৰা বৃদ্ধি পোৱা ওজন হ্ৰাস কৰে।

মেলেৰিয়া, জ্বৰ আদিতো কেপছিকামৰ কাৰ্যকৰী উপকাৰিতা আছে।

কেপছিকামত এলকাল’য়েড, ফ্লেব’নয়ড, কানিন ইত্যাদি পোৱা যায়। এলকাল’য়েড জ্বলন নাশক তথা এন্টি অক্সিডেন্ট হিচাপে কাম কৰে।

কেপছিকামত থকা ভিটামিন ‘চি’য়ে মস্তিষ্কৰ পেশী পুনৰুজ্জীৱিত কৰাৰ লগতে দেহৰ হাড়কো সুগঠিক কৰি তোলে।

Related News