ৰাজ্যৰ চৌদিশে ক’ৰ’নাৰ যি আতংক চলি আছে।
তাৰ মাজতে এই ক’ৰ’না বিৰুদ্ধে যুঁজৰ সেনাপতি ৰূপে সন্মুখ সমৰত অৱতীৰ্ণ হোৱা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক মন্তব্যই এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে।
আজি আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ ছাত্ৰী নিৱাসত মন্ত্ৰী ড০ শৰ্মাই কৰা এক মন্তব্যৰ পাছতে উন্মোচিত হৈছে ক’ৰ’নাৰ বিৰুদ্ধে যুঁজ দি থকা চিকিৎসা ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ।
দীপিকা নাথৰ ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যুকৰ সাবটি লোৱাৰ পাছত মন্ত্ৰীগৰাকীৰ এই মন্তব্যই ৰাজ্যত জুকাৰণি তুলিছে।
‘এইটো এটা অস্বাভাৱিক কথা যে ইমানখিনি লক্ষণ দেখুওৱাৰ পাছত দীপিকা নাথৰ চেম্পল ESI হস্পিতালত কিয় লোৱা নহ’ল?’ সংবাদ মাধ্যমৰ আগত প্ৰশ্ন স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
তেওঁ লগতে কয় ‘মৃত দীপিকা নাথক প্ৰথম ESIC হস্পিতালত ভৰ্তি হৈ চিকিৎসা লৈছিল। তেওঁৰ কোভিড১৯ৰ সম্পূৰ্ণ লক্ষণ চিকিৎসাধীন হৈ থকাৰ পৰাই দেখা দি আছিল। এইটো চিকিৎসকৰ এটা ভুল বুলি ক’ব লাগিব যে লক্ষণ থকাৰ পাছতো তেওঁৰ চেম্প’ল সংগ্ৰহ কৰিব নোৱাৰিলে।‘
‘তেওঁ ESI হস্পিতালত জ্বৰ কাহ আৰু ভৰিৰ বিষ লৈ গৈছিল। যিমানখিনি লক্ষণ দেখুৱাব লাগে সেইখিনি লক্ষণ দীপিকাৰ আছিল। সেইটো এটা ভাবিবলগীয়া কথা।‘ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।
উল্লেখ্য যে, দীপিকাৰ মৃত্যুৰ পিছত গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ৰ পৰা বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানক দীপিকাৰ তেজৰ চেম্পল পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে আৰু শুকুৰবাৰে নিশা দীপিকা ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয় বুলি প্ৰমাণিত হয় বুলি কালি এক সংবাদমেলত মন্ত্ৰীগৰাকীয়ে জনাইছিল।
আনহাতে, আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ ছাত্ৰী নিৱাস পৰিদৰ্শন সময়ছোৱাত গুৱাহাটীক কোনো জ’ন ঘোষণাৰ কথা নাই বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় ‘অপ্ৰয়োজনীয় কাৰণত কোনো লোকে ঘৰৰ পৰা ওলাব নালাগে।জিলাখন সম্পূৰ্ণৰূপে বন্ধ কৰিব নালাগে।নিৰ্দিষ্ট ঠাইখন বন্ধ কৰিব লাগে।‘
ইয়াৰোপৰি, মাস্ক পৰিধান কৰি সকলো লোককে সামাজিক দূৰত্ব পালন কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।
ইপিনে, জিএমচিএইচৰ চিকিত্সক-নাৰ্ছৰ ক’ৰ’না-টেষ্টৰ ফলাফল লাভ কৰা বুলি জানিবলৈ দি তেওঁ কয় ‘মুঠ ৫২৯ টা চেম্প’ল সংগ্ৰহ কৰা হৈছিল। তাৰে ৩৫৭টা ছেম্পলৰ ফলাফল নিগেটিভ আহিছে।বাকীকেইটাৰ ফলাফল আজি নিশা ওলাব।’
তদুপৰি জিএমচিএইচৰ অধ্যক্ষ ৰমেন তালুকদাৰৰ নমুনা নিগেটিভ আহিছে বুলি উল্লেখ কৰি তেওঁ কয় ‘হ’লেও তেওঁ এতিয়া কোৱাৰেন্টাইনত থাকিব।পুনৰ পৰীক্ষা কৰা হ’ব।’