কোভিডৰ পৰা আৰোগ্য লাভ কৰাসকলক হালধী মিহলোৱা গাখীৰ খোৱাৰ পৰামৰ্শ স্বাস্থ্য দপ্তৰৰ,আৰু কি কি আছে নতুন নিৰ্দেশনাত?

turmeric

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে দেওবাৰে জাৰি কৰে কোভিডৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ যোৱা লোকসকলৰ বাবে বিশেষ নিৰ্দেশনা।

স্বাস্থ্য বিভাগৰ নিৰ্দেশনাত কোভিডৰ পিছত কিদৰে সুস্থ জীৱন এটা যাপন কৰিব পাৰি সেই বিষয়ত এলানি পৰামৰ্শ তথা বিধান সন্নিবিষ্ট কৰা হৈছে।

কোভিড মুক্ত লোকসকলে যাতে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সঠিক ভাবে বৰ্তাই ৰাখিব পাৰে তাৰ বাবে তেনে লোকক নিয়মীয়াকৈ চৱনপ্ৰাশ খোৱাৰ পৰামৰ্শ দিয়া হৈছে।

হালধীয়ে যিহেতু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে সেয়ে কোভিডৰ পৰা আৰোগ্য লাভ কৰা লোক সকলক স্বাস্থ্য দপ্তৰে নিয়মীয়াকৈ হালধী মিহলোৱা গাখীৰ খোৱাৰ পৰামৰ্শ দিছে।

স্বাস্থ্য বিভাগৰ নিৰ্দেশনাত থকা পৰামৰ্শ সমূহ এনেধৰণৰ—