ভূতৰ ওপৰত দানহ: দেশত দ্ৰুত গতিত বৃদ্ধি ব্লেক ফাংগাছত আক্ৰান্ত ৰোগীৰ সংখ্যা

black-fungus

ভূতৰ ওপৰত দানহ পৰাদি কোভিডৰ আতংকৰ লগতে এতিয়া দেশক গ্ৰাস কৰিছে ব্লেক ফাংগাছৰ ত্ৰাসে।কোভিডৰ পৰা মুক্ত হোৱা বহু লোকো এই ভয়াৱহ ব্লেক ফাংগাছত আক্ৰান্ত হৈছে।

মিউকোৰমাইকোছিছ নামেৰে চিকিৎসা বিজ্ঞানত পৰিচিত ব্লেক ফাংগাছত আক্ৰান্ত হৈছে ৮ হাজাৰ ৮৪৮ গৰাকী লোক। গুজৰাটতে সৰ্বাধিক ২ হাজাৰ ২৮১ গৰাকী লোক ব্লেক ফাংগাছত আক্ৰান্ত হৈছে।

অন্ধ্ৰপ্ৰদেশত ৯১০, মহাৰাষ্ট্ৰত ২০০০ গৰাকী লোক,মধ্যপ্ৰদেশত ৭২০ গৰাকী লোক ব্লেক ফাংগাছত আক্ৰান্ত হৈছে। ব্লেক ফাংগাছৰ দৰৱ AMPHOTERICIN B পৰ্যাপ্ত পৰিমাণে উৎপাদন কৰিবলৈ তৎপৰ হৈ পৰিছে চৰকাৰ।

এতিয়াও এই দৰৱ বিধৰ উৎপাদন তেনেই কম হৈ আছে।

উল্লেখ্য ‘ব্লেক ফাংগাছ’ তথা মুকৰমাইক’চিছক মহামাৰী হিচাপে গণ্য কৰিবলৈ ৰাজ্য চৰকাৰসমূহে ঘোষণা কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰই।

বুধবাৰে কেন্দ্ৰীয় চৰকাৰে কয় যে ব্লেক ফাংগাছক ‘মহামাৰী ব্যাধি আইন ১৯৮৭’ৰ অধীনত এটা মহামাৰী হিচাপে ৰাজ্য চৰকাৰসমূহে গণ্য কৰিব লাগে।

এই সংক্ৰান্তত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ যুটীয়া সচিব লৱ আগৰাৱাই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ এখনি পত্ৰ প্ৰেৰণ কৰিছে।

পত্ৰখনত কোৱা হৈছে যে সকলো চৰকাৰী আৰু ব্যক্তিগত স্বাস্থ্যখণ্ডই কেন্দ্ৰীয় চৰকাৰ আৰু আইচিএমআৰে আগবঢ়োৱা ব্লেক ফাংগাছৰ চিকিৎসা পদ্ধতিৰ নিৰ্দেশনাসমূহ মানি চলিব লাগিব।

ব্লেক ফাংগাছ সংক্ৰমণৰ সন্দেহযুক্ত আৰু নিশ্চিত কেচসমূহৰ তথ্যসমূহ মুখ্য চিকিৎসা বিষয়া আৰু পাছত আইডিএছপি চাৰ্ভিলেন্স চিষ্টেমৰ জৰিয়তে স্বাস্থ্য বিভাগলৈ প্ৰেৰণ কৰাটো বাধ্যতামূলক বুলি পত্ৰখনত কোৱা হৈছে।

উল্লেখযোগ্য যে হাৰিয়ানাকে ধৰি কেইবাখনো ৰাজ্যত ইতিমধ্যে ব্যাপক ব্লেক ফাংগাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যসমূহত ইয়াক মহামাৰী হিচাপে গণ্য কৰিছে।