NORTHEAST NOW (Assamese)

অনুসন্ধানত ওলাল দেউতাকৰ স্বাস্থ্যৰ উন্নতিৰ তথ্য : আৰ পি শৰ্মাৰ জীয়েক পল্লৱীক আত্মসমৰ্পণৰ নিৰ্দেশ আদালতৰ

August 20, 2018 7:28 pm · এন ই নাও নিউজ
Updated: August 20, 2018 7:33 pm
পল্লৱী শৰ্মা। ফাইল ফটো।

এ পি এছ চিৰ কেলেংকাৰিত অভিযুক্ত কাৰাবন্দী বিষয়াসকলৰে মাজৰ এগৰাকী তথা বিজেপিৰ সাংসদ আৰ পি শৰ্মাৰ জীয়েক পল্লৱী শৰ্মাৰ অন্তৰ্ৱৰ্তী জামিনৰ ম্যাদ আজি শেষ হোৱাত অহা ২৪ আগষ্টত পল্লৱীক আদালতত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

উল্লেখযোগ্য যে বাকী অভিযুক্ত বিষয়াসকলে জামিন নোপোৱা বাবে কাৰাগাৰতে কটাব লগীয়া হৈছে যদিও নিলম্বিত এ পি এছ বিষয়া পল্লৱী শৰ্মাই আদালতৰ পৰা অন্তৰ্ৱৰ্তী জামিন পাবলৈ সক্ষম হৈছিল। কিডনিৰ অসুখত ভুগি থকা দেউতাকৰ চিকিৎসাত সহযোগ কৰিব লাগে বুলি উকীলে যুক্তি দিয়াত গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ১ আগষ্টত পল্লৱীৰ ১৪ দিনৰ অন্তৰ্ৱৰ্তী জামিন মঞ্জুৰ কৰিছিল।

তাৰ পিছতো যোৱা ১৪ আগষ্টত সেই ম্যাদ শেষ হোৱাত একে যুক্তিতে তেওঁৰ উকীলে আকৌ জামিন বৃদ্ধিৰ আৱেদন কৰে। যোৱা ১৪ আগষ্টত পুনৰ আদালতে ২০ আগষ্টলৈ, অৰ্থাৎ আজিলৈকে অন্তৰ্ৱৰ্তী জামিন বৃদ্ধি কৰিছিল। কিন্তু লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ে উক্ত দিনাই আৰক্ষীক নিৰ্দেশ দিছিল কলকাতাত চিকিৎসাধীন সাংসদ আৰ পি শৰ্মাৰ স্বাস্থ্যৰ বুজ ল’বলৈ আৰু তাৰ প্ৰতিবেদন দাখিল কৰিবলৈ।

সেই অনুসৰি অসম আৰক্ষীৰ এটা দল কলকাতালৈ গৈ চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা প্ৰতিবেদন সংগ্ৰহ কৰে। প্ৰতিবেদনত হস্পিটেল কৰ্তৃপক্ষই আৰ পি শৰ্মাৰ স্বাস্থ্যৰ উন্নতি হোৱা বুলি জনায়। আৰক্ষীয়ে এই কথা আদালতক জানিবলৈ দিয়ে।

সেয়েহে আদালতে আজি পল্লৱী শৰ্মাক আত্মসমৰ্পণৰ নিৰ্দেশ দিয়ে। অহা ২৪ আগষ্টত বিশেষ ন্যায়াধীশৰ আদালতত পল্লৱী শৰ্মাক আত্মসমৰ্পণ কৰিবলৈ আদালতে নিৰ্দেশ দিছে।

জানিব পৰামতে, পল্লৱী শৰ্মাৰ অধিবক্তাই জামিনৰ ম্যাদ বৃদ্ধি কৰিবলৈ আদালতক অনুৰোধ কৰিছিল যদিও আদালতে সেইটো কৰিবলৈ অস্বীকাৰ কৰে।

Related News