দেশৰ অৰ্থনীতিৰ স্বাস্থ্য কেনেকুৱা? কেৱল স্বাস্থ্য খণ্ডত চৰকাৰে দিয়া আৱণ্টন চালেই বুজিব পাৰিব! সংসদত সাধাৰণ বাজেট দাখিল কৰাৰ দিনাই একাংশ সচেতন নাগৰিকে কটাক্ষ কৰিছিল। মন্তব্যটো ধেমেলীয়া আছিল! কিন্তু সেই সৰল কৌতুকটো সঁচাকৈয়ে ইংগিতদায়ক নেকি?
চৰকাৰী পৰিসংখ্যাত এলানি উল্লেখযোগ্য তথ্য পোৱা যায়। ২০১৮ চনত তেতিয়াৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে বাজেটত স্বাস্থ্য চেছ (অতিৰিক্ত কৰ) প্ৰৱৰ্তনৰ প্ৰস্তাৱ দিছিল। সেই চেছ বিশেষভাৱে স্বাস্থ্য খণ্ডৰ ব্যয়ৰ বাবে প্ৰৱৰ্তন কৰা হৈছিল। কিন্তু চৰকাৰী পৰিসংখ্যাই দেখুৱাইছে যে চেছৰ ধন সংগ্ৰহ কৰাৰ পূৰ্বে কেন্দ্ৰই স্বাস্থ্য খণ্ডত খৰচ কৰা ধনৰ পৰিমাণ চেছ প্ৰৱৰ্তনৰ পিছতো বৃদ্ধি হোৱা নাই। বৰং কমি আহিল। স্বাস্থ্য চেছ প্ৰৱৰ্তন কৰি অতিৰিক্ত ধন সংগ্ৰহ কৰাৰ পিছতো মোডী চৰকাৰে স্বাস্থ্য খণ্ডৰ ব্যয় হ্ৰাস কৰিছে। মুঠ বাজেট আৱণ্টন আৰু দেশৰ জিডিপি – চেছ প্ৰৱৰ্তনৰ পিছতো দুয়োটা ক্ষেত্ৰতে স্বাস্থ্যখণ্ডত ব্যয়ৰ অনুপাত হ্ৰাস কৰিছে কেন্দ্ৰই।
২০১৮ চনত স্বাস্থ্য চেছ প্ৰৱৰ্তনৰ পূৰ্বে ২০১৭-১৮ বিত্তীয় বৰ্ষত মুঠ চৰকাৰী ব্যয়ৰ ২.৪ শতাংশ স্বাস্থ্য খণ্ডলৈ আৱণ্টন দিয়া হৈছিল। কিন্তু এইবাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ বাজেট প্ৰস্তাৱত দেখা গৈছে যে চেছ অন্তৰ্ভুক্ত কৰাৰ পিছতো ২০২৬-২৭ বিত্তীয় বৰ্ষত স্বাস্থ্যৰ বাবে আৱণ্টন ১.৯ শতাংশলৈ হ্ৰাস পাইছে।
অৱশ্যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ খণ্ডৰ বাবে আৱণ্টনৰ ৩০ শতাংশ সেই স্বাস্থ্য চেছৰ পৰা চৰকাৰলৈ আহিব। সেই ধন যদি আমি বাদ দিওঁ তেন্তে ২০২৬-২৭ চনত স্বাস্থ্যৰ বাবে আৱণ্টন কমি হ’ব মাত্ৰ ১.২ শতাংশ। অৰ্থাৎ চেছ প্ৰৱৰ্তনৰ পূৰ্বে যি আৱণ্টন (২.৪ শতাংশ) আছিল, সাধাৰণ মানুহৰ পৰা চেছৰ বাবে অতিৰিক্ত ধন সংগ্ৰহ কৰাৰ পিছতো, প্ৰায় আধালৈ হ্ৰাস পাইছে।
কেৱল বাজেট আৱণ্টনেই নহয়, মুঠ জিডিপিৰ হিচাপত স্বাস্থ্য ব্যয়ৰ পৰিমাণো হ্ৰাস পাইছে। চেছ প্ৰৱৰ্তনৰ পূৰ্বে জিডিপিৰ ০.২৮ শতাংশ স্বাস্থ্য খণ্ডলৈ আৱণ্টন দিয়া হৈছিল। কেন্দ্ৰীয় চেছৰ প্ৰৱৰ্তনৰ পিছতো সেয়া ০.২৬ শতাংশলৈ হ্ৰাস পাইছে।
এইটো এটা শতাংশ হিচাপ। টকাৰ সংখ্যাত বিষয়টো কেনেদৰে দেখা গৈছে? শেহতীয়া প্ৰতিবেদন অনুসৰি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সংশোধিত বাজেটত স্বাস্থ্যৰ বাবে ৯২,৯২৬ কোটি টকা আৱণ্টন দিয়া হৈছিল। যদি ইয়াৰ পৰা চেছৰ পৰা সংগ্ৰহ কৰা ধন বাদ দিয়া হয় তেন্তে এই ধনৰাশি ৭৮,২৭৯ কোটি টকালৈ হ্ৰাস পায়। একেদৰে ২০২৬-২৭ বৰ্ষৰ নতুনকৈ দাখিল কৰা বাজেট প্ৰস্তাৱৰ পৰা যদি চেছ ধন বাদ দিয়া হয় তেন্তে যোৱাবাৰৰ তুলনাত আৰু কম ৭০,৯৮৪ কোটি টকা হ’ব। অৰ্থাৎ যদি চেছ-ৰ ধন বাদ দিয়া হয় তেন্তে এইবাৰ স্বাস্থ্য খণ্ডলৈ আৱণ্টিত ধন যোৱাবাৰৰ তুলনাত ৯.৩ শতাংশ কম।
আনহাতে, যদি ২০১৭ চনৰ দৰে (চেছ প্ৰৱৰ্তনৰ পূৰ্বে) বাজেটৰ ২.৪ শতাংশ স্বাস্থ্যৰ বাবে আৱণ্টন দিয়া হ’লহেঁতেন, তেন্তে সেই ধনৰাশি ১.২ লাখ কোটি টকা হ’ব লাগিছিল। কিন্তু চেছ মানি অন্তৰ্ভুক্ত কৰিও এইবাৰ আৱণ্টিত ধন মাত্ৰ ১ লাখ কোটি টকাহে।





