অসমত বানপানী, আনহাতে যোৱা ৩ দিনত বিহাৰ, উত্তৰ প্ৰদেশত গৰমত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

প্রতিনিধিত্বমূলক ফটো।

উত্তৰ প্ৰদেশ আৰু বিহাৰত গ্ৰীষ্ম প্ৰবাহৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। বিগত কিছুদিন ধৰি তীব্ৰ গৰম দহিছে উত্তৰ ভাৰত। যাৰ ফলত ৰাজ্য দুখনৰ অধিকাংশ ষাঠিৰ উৰ্দ্ধৰ লোকৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে।

ইপিনে, বিগত কেইদিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ ১৩ জিলাত বানপানীৰ সৃষ্টি কৰিছে। ৰাজ্যখনৰ বিভিন্ন স্থানত বানৰ বাবে ৰাইজে আশ্ৰয় শিৱিৰত কটাবলগীয়া হৈছে। 

প্ৰশাসনৰ সূত্ৰ অনুসৰি, যোৱা ৩ দিনত উত্তৰ প্ৰদেশ আৰু বিহাৰত তীব্ৰ গৰমৰ বাবে মুঠ ৯৮ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে ৫৪জন উত্তৰ প্ৰদেশৰ আৰু ৪৪জন বিহাৰৰ।

লগতে পঢ়ক: দেওবাৰে পুৱাই ৰক্তাক্ত দিল্লী; দুৰ্বৃত্তৰ গুলীত নিহত দুই যুৱতী ভগ্নী

উত্তৰ প্ৰদেশৰ বালিয়া জিলা চিকিৎসালয়ত যোৱা ৩ দিনত ৪০০ৰো অধিক লোক গুৰুতৰভাৱে অসুস্থ হৈ ভৰ্তি হৈছে। অধিকাংশ লোকেই জ্বৰ, উশাহ লোৱাত কষ্টৰ দৰে সমস্যাৰ সন্মুখীন হৈছে। ইয়াৰে ৫৪ জনৰ বিগত তিনিদিনত মৃত্যু হৈছে। বেছিভাগেই হাৰ্ট এটেক, ষ্ট্ৰোক আৰু ডায়েৰিয়াত মৃত্যুবৰণ কৰে।

মৌচম ভৱনৰ মতে, বালিয়া জিলাৰ তাপমাত্ৰা বিগত কিছুদিন ধৰি ৪২ ডিগ্ৰী চেলছিয়াছৰ ওপৰত আছে।

আনহাতে, বিহাৰত বিগত ২৪ ঘন্টাত ৪৪ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে ৩৫জন পাটনাৰ বাসিন্দা। বাকী ৯ গৰাকী অন্য জিলাৰ।

লগতে পঢ়ক: অদ্ভুত ঘটনা! আৰ বি আইৰ পৰা অন্তর্ধান ৮৮০৩২ কোটি টকাৰ ৫০০ টকীয়া নোট

মৌচম ভৱনৰ তথ্য অনুসৰি, শনিবাৰে বিহাৰৰ ১১খন জিলাত সৰ্বোচ্চ তাপমাত্ৰা আছিল ৪৪ ডিগ্ৰী চেলছিয়াছ। আনহাতে, পাটনাত তাপমাত্ৰা প্ৰায় ৪৫ ডিগ্ৰী চেলছিয়াছ আছিল।