NORTHEAST NOW (Assamese)

অসমত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা: ১৩খন জিলাত সতৰ্কতা জাৰি কৰিছে

May 20, 2025 12:57 pm · এন ই নাও নিউজ, গুৱাহাটী

অসমত কেইদিনম ধৰি অবিৰাম বৰষুণ, ধুমুহা আৰু বিজুলী-ঢেৰেকণিয়ে সাধাৰণ জনজীৱন বিপর্যস্ত কৰি তুলিছে। গুৱাহাটীৰ বিভিন্ন অঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলত কৃত্ৰিম বানৰ সমস্যাই দেখা দিছে। কৃত্ৰিম বানে নাগৰিকৰ দৈনন্দিন জীৱনত ব্যাঘাত ঘটাইছে। বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক ২-৩ দিনৰ বাবে ৰাজ্যৰ ১৩খন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে।

এই জিলাসমূহ হ’ল: দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বাক্সা, গোৱালপাৰা, নলবাৰী, কামৰূপ (গ্ৰাম্য), কামৰূপ (মহানগৰ), ডিমা হাচাও, কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি। এই অঞ্চলত বৰষুণৰ লগতে বিজুলী-ঢেৰেকণি আৰু কিছু ঠাইত ভূমিস্খলনৰ সম্ভাৱনা আছে বিলি প্ৰকাশ কৰিছে।

প্ৰশাসনে মহানগৰবাসীক সতৰ্কতা অৱলম্বন কৰাৰ লগতে জলমগ্ন অঞ্চলত গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণ কৰাৰ আহ্বান জনাইছে। বতৰ বিজ্ঞান বিভাগৰ মতে, বৰষুণ কিছু সময়ৰ বাবে কমিলেও পুনৰ আৰম্ভ হ’ব পাৰে, আৰু প্ৰশাসনে সম্ভাৱ্য বিপদৰ ওপৰত নজৰ ৰাখিছে বুলি সদৰী কৰিছে।

Related News