NORTHEAST NOW (Assamese)

অহা দুদিনলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত হ’ব ধাৰাসাৰ বৰষুণ

October 31, 2020 2:43 pm · এন ই নাও নিউজ

শনিবাৰৰ পৰা দুদিনলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত  ধাৰাসাৰ বৰষুণ হ’ব।

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে এই আগজাননী।

বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি অসমকে ধৰি অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ , নাগালেণ্ড আদি ৰাজ্য সমূহতো শনিবাৰৰ পৰা দুদিনলৈ ধাৰাসাৰ বৰষুণ হ’ব।

বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে বৰষুণৰ লগতে এই ৰাজ্য কেইখনত ঘণ্টাত ৪০-৫০ কিলোমিটাৰ বেগেৰে বতাহ বলিব।

বে অৱ বেংগলত সৃষ্টি হোৱা নিম্ন চাপৰ ফলতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেই খনত বৰষুণ হ’ব।

শীতৰ আগমণ ঘটা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত বৰষুণে শীতৰ মাত্ৰা বঢ়াই তুলিব বুলি ধাৰণা কৰা হৈছে।

এই সময়ছোৱাত বিভিন্ন ৰাজ্যত বিজুলী-ঢেৰেকনিৰে বৰষুণ হ’ব বুলি কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰ সূত্ৰই প্ৰকাশ কৰিছে।

Related News