NORTHEAST NOW (Assamese)

প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলন, কৰ্ণাটকত মৃত্যুৰ সংখ্যা ৭৫ জনলৈ লৈ বৃদ্ধি

May 31, 2025 12:34 pm · নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
Updated: May 31, 2025 12:35 pm

অত্যধিক বৰষুণ আৰু ভূমিস্খলনৰ ফলত কৰ্ণাটকৰ ৩১খন জিলাত স্বাভাৱিক জীৱন ব্যাহত হৈছে। দক্ষিণ কৰ্ণাটকৰ মেংগালুৰুৰ পাহাৰীয়া অঞ্চলৰ কেইবাটাও স্থানত বৃহৎ অঞ্চল ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। মেংগালুৰুৰ উল্লাল ব্লকত ভূমিস্খলনৰ ফলত ৮ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও বানপানী পানীত ৬৭ জন লোকে প্ৰাণ হেৰুৱাইছে। কেৱল ৰাজধানী বেংগালুৰুতে বিদ্যুৎস্পৃষ্ট হৈ ৫জন লোকৰ মৃত্যু হৈছে।

পৰিৱেশবিদ আৰু বতৰ বিজ্ঞানীসকলৰ মতে ২০১৮ চনত কেৰালাত যি পৰিস্থিতিৰ সৃষ্টি হৈছিল কৰ্ণাটক সেই পৰিস্থিতিৰ দিশে আগবাঢ়িছে। উল্লেখ্য যে ২০১৮ চনত কেৰালাত ভয়ংকৰ বানপানীয়ে সমগ্ৰ ৰাজ্যখনৰ বিপুল ক্ষতিসাধন কৰিছিল আৰু হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছিল।

মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই কয় যে বাৰিষা অহাৰ পূৰ্বেই ৰাজ্যখনত ১৫০ শতাংশতকৈ অধিক বৰষুণ হৈছে। বৰ্তমান প্ৰায় ২০ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে।

অৱশ্যে এই পৰিস্থিতি সন্দৰ্ভত কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে এতিয়াও কেন্দ্ৰৰ পৰা সহায় বিচৰা নাই। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ হাতত হাজাৰ হাজাৰ কোটি টকা আছে। সেই ধনৰ পৰা মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়া হব আৰু ক্ষতিগ্ৰস্ত ঘৰবোৰ নিৰ্মাণ কৰা হব।

Related News