হিন্দুত্ববাদৰ আগ্ৰাসী ৰূপ; এইবাৰ মথুৰাক লক্ষ্য কৰিছে হিন্দুত্ববাদীয়ে

Mathura

অযোধ্যাৰ পাছত এইবাৰ মথুৰা। আন এটা ভয়াৱহ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টিৰ কৰিবলৈ অগ্ৰসৰ হৈছে হিন্দুত্ববাদীসকল। সেই লৈ বৰ্তমান শ্ৰীকৃষ্ণৰ জন্মভূমি হিচাপে মথুৰাত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে। মোতায়েন কৰা হৈছে নিৰাপত্তাৰক্ষী। জাৰি কৰা হৈছে ১৪৪ ধাৰা।

হিন্দুত্ববাদী সংগঠনসমূহে কৈছে যে যিহেতু অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে, সেইদৰে মথুৰাকো কৃষ্ণ জন্মভূমি হিচাপে গণ্য কৰিব লাগে। সেই অনুসৰি তেওঁলোকে মথুৰাত বাস কৰি অহা মুছলিম ধৰ্মাৱলম্বীসকলক লক্ষ্য কৰি লৈছে।

এইক্ষেত্ৰত অখিল ভাৰত হিন্দু মহাসভা, শ্ৰীকৃষ্ণ জন্মভূমি নিৰ্মাণ ন্যাস, নাৰায়নী সেনা আৰু শ্ৰীকৃষ্ণ মুক্তি দল নামৰ সংগঠনকেইটাই আগভাগ লৈ আছে। তেওঁলোকে দাবী কৰিছে যে মথুৰাত মুছলিমসকলৰ যিটো মছজিদ তথা শ্বাহী ঈদগাহ আছে, সেই ঠাইত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। তাত এটা মন্দিৰ আছিল বুলি সংগঠনসমূহে দাবী কৰিছে।

তেওঁলোকে দাবী কৰা মতে, মোগল সম্ৰাট ঔৰংগজেৱে মন্দিৰটো ভাঙি তাত মছজিদ নিৰ্মাণ কৰিছিল। বৰ্তমানেও মছজিদৰ কাষত এটা মন্দিৰ আছে।

সেই অনুসৰি যোৱা ১৬ নৱেম্বৰত উক্ত মছজিদটো ভাঙি শ্ৰীকৃষ্ণৰ এটা মূৰ্তি প্ৰতিষ্ঠা কৰাৰ অনুমতি বিচাৰিছিল। কিন্তু পাছলৈ তেওঁলোকে দাবীটো প্ৰত্যাহাৰ কৰে। তাৰ পাছতে সামাজিক মাধ্যমত মথুৰাক লৈ চৰ্চা আৰম্ভ হয়।

সংগঠনসমূহে মথুৰাক ‘জলভিষেক’ তথা শুদ্ধিকৰণ কৰাৰ কথা কৈছে। তেওঁলোকে কৈছে- “মথুৰা আয়েংগে, মাখন খিলায়েংগে।’’ অৰ্থাৎ মথুৰালৈ আহিম আৰু ভগৱান শ্ৰীকৃষ্ণক মাখন খুৱাম। ঠিক একেদৰে অযোধ্যাৰ ক্ষেত্ৰতো তেওঁলোকে কৈছিল- ‘ৰাম লালা হাম আয়েংগে, মন্দিৰ ৱহী বনায়েংগে’’।

উত্তৰপ্ৰদেশ চৰকাৰেও বিষয়টো লৈ ব্যস্ত হৈ পৰা দেখা গৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে যোৱা মাহত এটা বিশেষ বক্তব্য দাঙি ধৰিছিল। তেওঁ কৈছিল যে অযোধ্যাত যিদৰে কৰসেৱকসকলে মছজিদ ভাঙিছিল, ঠিক একেদৰে আন ঠাইতো এই কৰসেৱকসকল ‘কৰ সেৱা’ কৰাৰ দায়িত্ব আছে। ইয়াৰ দ্বাৰা যোগীয়ে মথুৰাৰ কথাই ইংগিত কৰিছিল বুলি ক’ব পাৰি।

শেহতীয়াকৈ উপমুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যইও এই বিষয়ত এটা টুইট কৰিছে। মৌৰ্যই কয় যে মথুৰাত এটা কৃষ্ণ মূৰ্তি স্থাপন কৰিবলৈ চৰকাৰে পূৰ্ণোদ্যমে প্ৰস্তুতি চলাই আছে।

শেহতীয়া ভয়াৱহ পৰিস্থিতিলৈ লক্ষ্য কৰি মথুৰাৰ ঈদগাহ ন্যাসৰ তৰফৰ পৰা সকলোকে শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈ অনুৰোধ কৰিছে। ন্যাসৰ তৰফৰ পৰা কোৱা হৈছে মথুৰা হৈছে প্ৰেম আৰু সহনশীলতাৰ প্ৰতীক। শ শ বছৰ ধৰি হিন্দু আৰু মুছলিমে ভ্ৰাতৃত্ববোধেৰে মথুৰাত বাস কৰি আহিছে।

উল্লেখযোগ্য যে ১৯৯২ চনৰ আজিৰ দিনটোতে অযোধ্যাত আধুনিক ভাৰতৰ ইতিহাসত আটাইতকৈ সাম্প্ৰদায়িক ঘটনাটো সংঘটিত হৈছিল। উক্তদিনা এক লাখৰো অধিক কৰসেৱকে মোগল সম্ৰাট বাবৰে ১৫২৮ খ্ৰীষ্টাব্দত প্ৰতি্ষ্ঠা কৰা ঐতিহাসিক বাবৰী মছজিদ ধ্বংস কৰিছিল। কৰসেৱকসকলৰ স’তে তাত উপস্থিত আছিল বিজেপি নেতা লালকৃষ্ণ আদৱানী আৰু মুৰলী মনোহৰ যোশী।

বাবৰী মছজিদ ধ্বংসৰ পাছতে অযোধ্যাত ভয়াৱহ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হয়। ওঠৰজন মুছলিম ধৰ্মাৱলম্বী লোকে প্ৰাণ হেৰুৱায়। সমগ্ৰ দেশজুৰি এই সাম্প্ৰদায়িক উত্তেজনা বিয়পি পৰে। মুম্বাইকে ধৰি দেশৰ বহুকেইটা স্থানত হিন্দু মুছলিম সংঘৰ্ষ হয়। প্ৰায় ২০০০ জন লোকে সংঘৰ্ষত মৃত্যু হয়। হিন্দু ধৰ্মাৱলম্বী পাকিস্তান, বাংলাদেশতো ইয়াৰ প্ৰভাৱ পৰিছিল।

সেই সময়ত উত্তৰ প্ৰদেশত বিজেপি শাসনাধিষ্ঠ চৰকাৰ আছিল। মুখ্যমন্ত্ৰী কল্যাণ সিং নেতৃত্বাধীন বিজেপি চৰকাৰ আৰু বিজেপি নেতা লালকৃষ্ণ আদৱানীয়ে ১৯৯০ চনত আৰম্ভ কৰা ৰথ যাত্ৰাই বাবৰী মছজিদ ধ্বংস সহজ কৰি তুলিছিল। ঠিক অনুৰূপধৰণে উত্তৰপ্ৰদেশত বৰ্তমান যোগী আদিত্যনাথৰ নেতৃত্বত বিজেপি চৰকাৰ চলি আছে।

আনহাতে, উত্তৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইমাহমান বাকী আছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ধৰ্মীয় মেৰুকৰণ বৰ্তাই ৰাখিবলৈকে যোগী চৰকাৰে মথুৰাক লৈ সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব বিচাৰিছে নেকি?