তিতাবৰৰ সন্ধানহীন যুৱতীৰ মৃতদেহ শৌচাগাৰৰ টেংকিত উদ্ধাৰৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চাৰি দিনে সন্ধানহীন হৈ থকা যুৱতীগৰাকীৰ মৃতদেহ জগত সিং নামৰ এজন লোকৰ দোকানৰ শৌচাগাৰৰ টেংকিত উদ্ধাৰ হয়। জগত সিঙে ছাত্ৰীগৰাকীক হত্যা কৰি শৌচাগাৰৰ টেংকিত লুকুৱাই ৰাখিছিল মৃতদেহ। যুৱতীগৰাকী সাতমহীয়া অন্তঃসত্ত্বা আছিল বুলি জানিব পৰা গৈছে। জগত সিঙৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশা আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহ।
উল্লেখ্য যে তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ প্ৰথম ষাণ্মাষিকৰ ছাত্ৰী আছিল যুৱতীগৰাকী। যুৱতীগৰাকীৰ ঘৰ তিতাবৰ শিলিখাবাৰীত। সাত নৱেম্বৰত কলেজলৈ আহি থকা পথতে সন্ধানহীন হৈছিল যুৱতীগৰাকীৰ। তিতাবৰ আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছিল পৰিয়ালে। কিন্তু তিনি দিনে আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাত ৰাইজ ক্ষুব্ধ হৈ কালি তিতাবৰ আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰ পিছতে যুৱতীগৰাকীৰ সন্ধানত অধিক তৎপৰ হৈ পৰিছিল আৰক্ষী।
আজি বিপ্লৱী দাসৰ মৃতদেহ উদ্ধাৰৰ পিছতে তিতাবৰৰ ৰাজপথত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিদ্যালয়, মহাবিদ্যালয়ৰ শ শ ছাত্র-ছাত্রী আৰু তিতাবৰৰ বহুসংখ্যক লোকে ৰাজপথ অৱৰোধ কৰি যুৱতীগৰাকীৰ ন্যায়ৰ দাবী তোলে। ক্ষুব্ধ ৰাইজে তিতাবৰ আৰক্ষী থানা ঘেৰাও কৰিও পৰিস্থিতি উত্তপ্ত কৰি তোলে। প্ৰতিবাদকাৰীৰ সৈতে হতাহতিও হয় আৰক্ষীৰ। হত্যাকাৰী জগত সিঙক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই ৰাইজে। বর্তমান স্তব্ধ হৈ পৰিছে তিতাবৰৰ ৰাজপথ। ইফালে, পৰিস্থিতি উত্তপ্ত হৈ থকাৰ মাজতে তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষ্মণ কুমাৰ দাসক ৰিজার্ভ ক্লজ কৰা হয়।
ইপিনে আৰক্ষীয়ে জগত সিঙৰ দুই পুত্ৰ কৃষণ সিঙ আৰু জীৱন সিঙক গ্ৰেপ্তাৰ কৰিছে। ঘটনাটিৰ সৈতে সম্পর্কিত মেলামাটিৰ ৰেকিবুদ্দিন আহমেদ নামৰ এজন ফাৰ্মাচিষ্টকো আৰক্ষীয়ে আটক কৰে।
ইয়াৰ উপৰি তদন্তৰ অংশ হিচাপে আৰক্ষীয়ে এজন টেম্পোচালককো সোধাপোচাৰ বাবে থানালৈ লৈ যায়।





