সাধাৰণতে খোজ কঢ়াক এক স্বাস্থ্যকৰ ব্যায়াম হিচাপে গণ্য কৰা হয়। কম শাৰীৰিক কাৰ্যকলাপ হ’লেও নিয়মিত খোজ কঢ়াৰ অভ্যাসে আপোনাৰ শৰীৰৰক অনন্য উপকাৰিতা প্ৰদান কৰে।
কেৱল দৈহিক উপকাৰিতাই নহয়, নিয়মিত খোজ কঢ়াৰ অভ্যাসে ব্যক্তিৰ মানসিক স্বাস্থ্যৰো উপকাৰ সাধন কৰে। সেয়ে পৰাপক্ষত পুৱাৰ ভাগত বা সুবিধা অনুযায়ী বিয়লি হ’লেও খোজ কঢ়াৰ অভ্যাস আপোনাৰ বাবে মহৌষধ স্বৰূপ হৈ পৰিব পাৰে।
খোজ কঢ়াৰ ফলত মগজু আৰু শৰীৰলৈ ৰক্ত সঞ্চালন উন্নত হয়। মগজুলৈ তেজৰ সঞ্চালন উন্নত হ’লে মগজুৰ কাৰ্যক্ষমতা উন্নত হয়। ইয়াৰ ফলত ব্যক্তিৰ মানসিক স্বাস্থ্যত সুপ্ৰভাৱ পৰে।
ব্যায়াম হিচাপে খোজ কঢ়াৰ অভ্যাসে কিদৰে মানসিক স্বাস্থ্যত সুপ্ৰভাৱ পেলায় জানো আহকঃ
টোপনি ভাল হয়ঃ খোজ কঢ়াই টোপনি অহাত সহায় কৰে তথা টোপনিৰ মান উন্নত কৰে। যদি আপোনাৰ টোপনি কম বা অনিদ্ৰাৰ সমস্যা আছে, তেন্তে খোজ কঢ়াৰ অভ্যাস কৰক। ভাল টোপনিয়ে আপোনাৰ মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰে।
মানসিক চাপ কমায়ঃ অনিয়ন্ত্ৰিত মানসিক চাপে আপোনাৰ মানসিক স্বাস্থ্যৰ লগতে শাৰীৰিক স্বাস্থ্যতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে। খোজ কঢ়াৰ লগতে অন্যান্য ধৰণৰ ব্যায়ামে মানসিক চাপৰ মাত্ৰা ফলপ্ৰসূভাৱে হ্ৰাস কৰিব পাৰে।
মেজাজ উন্নত কৰে: অধ্যয়নত দেখা গৈছে যে খোজ কঢ়াৰ ফলত ব্যক্তিৰ মেজাজ উন্নত হ’ব পাৰে। ইয়াৰ উপৰিও ই উদ্বেগ আৰু হতাশাৰ লক্ষণসমূহ হ্ৰাস কৰাত সহায় কৰিব পাৰে।