NORTHEAST NOW (Assamese)

হাফলং হিলৰ পৰা হাৰাঙ্গাজাওলৈ হেৰিটেজ ট্ৰেকিঙৰ শুভাৰম্ভ 

August 25, 2018 11:11 am · পংকজকুমাৰ দেব

দেশী-বিদেশী পৰ্যটকক পাহাৰৰ প্ৰতি অধিক আকৰ্ষণ কৰাৰ লক্ষ্য আগত ৰাখি শনিবাৰে ৰটাৰি ক্লাব হাফলং হিলছৰ উদ্যোগত আৰু ডিমা হাচাও পৰ্যটন বিভাগৰ সহযোগত পৰিত্যাক্ত অৱস্থাত থকা মিটাৰগে’জৰ হাফলং হিল ষ্টেচনৰ পৰা এক ট্ৰেকিঙৰ শুভাৰম্ভ কৰা হয়। যাৰ নাম দিয়া হয় হেৰিটেজ ট্ৰ্যাকিঙ।

হেৰিটেজ ট্ৰেকিঙৰ ফ্লেগ-অফ কৰে ডিমা হাচাও জিলাৰ আৰক্ষী অধীক্ষকক প্ৰশান্ত শইকীয়াই।

এই অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য কুলেন্দ্ৰ দাউলাগুপু, ডিমা হাচাও পৰ্যটন বিভাগৰ উপ-সঞ্চালক নিৰ্মলেন্দু কেম্প্ৰাই আদি বিশিষ্ট ব্যক্তিসকল।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য  কুলেন্দ্ৰ দাউলাগুপুয়ে কয় যে পাৰ্বত্য পৰ্যটনক আৰু আগুৱাই নিয়াৰ লগতে দেশী- বিদেশী পৰ্যটকৰ মাজত ডিমা হাচাওক জনপ্ৰিয় কৰাৰ কাৰণে স্বায়ত্ত শাসিত পৰিষদে এটাৰ পাছত আনটোকৈ পৰ্যটন আঁচনি হাতত লৈছে। আচলতে পাহাৰীয়া জিলাখনত পৰ্যটকৰ কাৰণে পৰ্যাপ্ত ঠাইৰ উপৰিও সেউজীয়া পাহাৰ, নৈ, ঝৰ্ণা, ঐতিহাসিক দূৰ্গ আদি আছে।

ইয়াৰ বাহিৰে আছে বৃটিছ যুগৰ ৰেলপথ। ইতিমধ্যে ব্ৰডগে’জ আৰম্ভ হোৱাত মিটাৰগে’জ ৰেলপথ পৰিত্যাক্ত হৈ পৰিছে। আনহাতে ৰেল কৰ্ত্তৃপক্ষই একাধিক পুৰণি ৰেলৰ দলং খুলি পেলোৱাৰ বাহিৰে হাবিয়ে গ্ৰাস কৰিছে মিটাৰগে’জক।  অথচ মিটাৰগেজৰ শতিকা পুৰণি দলঙৰ উপৰিও সুৰঙ্গপথৰ ভিতৰেদি চলাৰ মাদকতা সুকীয়া।

এই লক্ষ্যৰে আৰম্ভ কৰা হৈছে আজিৰ হেৰিটেজ ট্ৰেকিং ।

এই হেৰিটেজ ট্ৰেকিঙত বৃহত্তৰ হাফলঙৰ প্ৰায় শতাধিক লোকে অংশ গ্ৰহণ কৰাৰ উপৰিও অসম আৰক্ষী আৰু আছাম ৰাইফলছৰ সৈনিক সকলেও অংশগ্ৰহণ কৰে। এই ট্ৰেকিংটো হাৰাঙ্গাজাওলৈ  যাব বুলি জনোৱা হৈছে।

Related News