হিৰ’ আই লীগ : মোহন বাগানৰ হাতত ২-০ গ’লৰ ব্যৱধানত পৰাস্ত চিলং লাজং

Shillong-Lajong-

আজি কলকতাৰ ৱাই বি কে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা হিৰ’ আই লীগৰ এখন গুৰুত্বপূৰ্ণ মেচত ঘৰুৱা দল মোহন বাগানে চিলং লাজং দলক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়। ঘৰুৱা দলৰ হৈ য়ুটা কিন’ৱাকি আৰু হেনৰি কিছেক্কাই বিজয়সূচক গ’ল দুটা প্ৰদান কৰে।

মেচৰ আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক মনোভাৱেৰে খেলপথাৰত নমা ঘৰুৱা দল মোহন বাগানে প্ৰথমাৰ্ধৰ বেছিভাগ সময়তে প্ৰতিপক্ষ দলৰ গ’ল প’ষ্টত এটাৰ পাছত আন এটা আক্ৰমণেৰে থকা সৰকা কৰা দেখা যায় যদিও লাজঙৰ গলৰক্ষকৰ বাবেই গ’ল শূণ্যভাৱে সমাপ্ত হয় প্ৰথমাৰ্ধৰ খেল।

ইফালে দ্বিতীয়াৰ্ধত অধিক আক্ৰমণাত্মকেৰে খেল আৰম্ভ কৰি ঘৰুৱা দল মোহন বাগানে ৪৭ মিণিটত প্ৰথমটো আঘাত দিয়ে চিলং লাজং দলক। বক্সৰ বাহিৰৰ পৰা অহা এটা সুন্দৰ পাছৰ সহায়তে য়ুটা কিন’ৱাকিয়ে নিজৰ দলক ১-০ৰ অগ্ৰগতি দিবলৈ সক্ষম হয়।

এক গ’লত পিছ পৰি থকা লাজঙেও দ্বিতীয়াৰ্ধত সুন্দৰ সুযোগ লাভ কৰিছিল যদিও প্ৰতিবাৰেই বিপক্ষৰ গ’ল প’ষ্ট ভেদ কৰিবলৈ ষ্ট্ৰাইকাৰ বিফল হয়। কিন্তু ইয়াৰ বিপৰীতে ঘৰুৱা দলটোৱে ধাৰাবহিকভাৱে চিলঙৰ শিৱিৰত আক্ৰমণ কৰি আলহী দলটোৰ ৰক্ষণ বিভাগক বিপাঙত পেলোৱাৰ লগতে মেচৰ ৬০ মিনিটত হেনৰি কিছেক্কাৰ ৰূপত দলটোৱে অগ্ৰগতি ২-০ লৈ বৃদ্ধি কৰে।

ইয়াৰ পাছত আলহী দলটোৱে মেচখনত সমতা স্থাপন কৰিবলৈ বহু চেষ্টা কৰিছিল যদিও নিৰ্ধাৰিত সময়লৈকে এটাও গ’ল কৰিব নোৱাৰাত খেলখন ২-০ৰ ব্যৱধানত পৰাস্ত হয়।

যুৱ খেলুৱৈৰে সমৃদ্ধ চিলং লাজং দলটোৱে এতিয়া পৰৱৰ্তি মেচখন অহা ২৯ ডিচেম্বৰত চেন্নাইৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।