বিভিন্ন সময়ত আৰক্ষীয়ে অভিযান চলাই অহাৰ পিছতো নগাঁও জিলাত ড্ৰাগছ জাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত আছে। আজি নগাঁও চহৰৰ জেইলৰোডৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ হেৰ’ইনসহ দুগৰাকী ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়।
ধৃত ড্ৰাগছ ব্যৱসায়ী দুগৰাকীক নগাঁও কলংপাৰৰ জেইলৰোড নিবাসী আছিয়া বেগম আৰু ছৈদুল্লা বুলি চিনাক্ত কৰা হৈছে।
নগাঁও আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে মঙলবাৰে নিশা প্ৰায় ৯ বজাত এক গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত নগাঁও আৰক্ষী থানাৰ এটা দলে আছিয়া বেগমৰ ঘৰত অভিযান চলাই ১৯ গ্ৰাম হেৰ’ইনসহ দুটা ম’বাইল ফোন, নগদ ১০ হাজাৰ টকা আৰু ড্ৰাগছ বেচিবলৈ ব্যৱহাৰ কৰা ১০০ ৰো অধিক প্লাষ্টিকৰ টেমা জব্দ কৰে।
উল্লেখযোগ্য যে আটকাধীন ড্ৰাগছ ব্যৱসায়ী দুগৰাকী দীৰ্ঘদিন ধৰি উক্ত ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
সমগ্ৰ ঘটনা সংক্ৰান্তত নগাঁও আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি ধৃত আছিয়া বেগম আৰু ছৈদুল্লাক আজি আবেলি আদালতত হাজিৰ কৰাই জে’ললৈ প্ৰেৰণ কৰে।