ইজৰাইলৰ আক্ৰমণত নিহত হিজবুল্লাহৰ মুৰব্বী নাছৰুল্লাহ; প্ৰত্যাক্ৰমণৰ ভাবুকি উগ্ৰপন্থী সংগঠনটোৰ

ইজৰাইলৰ বিমান আক্ৰমণত নিহত হয় হিজবুল্লাহৰ মুৰব্বী হাছান নাছৰুল্লাহ। ফটোঃ সংগ্ৰহীত।

ইজৰাইলৰ বিমান আক্ৰমণত নিহত হয় হিজবুল্লাহৰ মুৰব্বী হাছান নাছৰুল্লাহৰ। যোৱা কেইদিনমানৰ পৰা ইজৰাইলৰ সেনাৰ বোমাবৰ্ষণে লেবাননক নৰকত পৰিণত কৰিছে। ইজৰাইলৰ সেনাই ইৰাণ সমৰ্থিত হিজবুল্লাহৰ ঘাটিক লক্ষ্য কৰি ইটোৰ পিছত সিটোকৈ আক্ৰমণ চলাইছে। যোৱা শুকুৰবাৰে সংঘটিত হোৱা এনে আক্ৰমণত হিজবুল্লাহ গোটৰ মুৰব্বী নিহত হয় বুলি দেশৰ চোৰাংচোৱা সংস্থাই প্ৰকাশ কৰিছে।

জানিব পৰা মতে, বেইৰুটৰ দহিয়া চুবুৰীৰ এটা অসামৰিক অট্টালিকাত আত্মগোপন কৰি আছিল মুৰব্বীগৰাকী। এই খবৰ নিশ্চিত হোৱাৰ পিছতে ইজৰাইলী সেনাই অঞ্চলটোত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলায়। নিমিষতে ঘন ক’লা ধোঁৱাই চৌপাশ ঢাকি পেলায়। সূত্ৰ অনুসৰি এই আক্ৰমণত কমেও ৩০০ লোকৰ মৃত্যু হয়।

লগতে পঢ়কঃ উত্তৰাধিকাৰ! তামিলনাডুৰ উপ-মুখ্যমন্ত্ৰী হ’ল মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ উদয়নিধি

দীৰ্ঘদিন ধৰি ইজৰাইলৰ হিট লিষ্টত আছিল হিজবুল্লাহৰ মুৰব্বীগৰাকী। ইজৰাইলৰ সেনাই এক বিবৃতিত কয় যে হাছান বহু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছিল। তেওঁ লেবাননত বিস্ফোৰক আৰু ড্ৰোন কাৰখানা নিৰ্মাণ কৰিছিল। তাত নিৰ্মিত ৰকেটবোৰ প্ৰায়ে ইজৰাইলৰ ভূখণ্ডত নিক্ষেপ কৰা হৈছিল। ইজৰাইলৰ আগশাৰীৰ সংবাদপত্ৰই প্ৰকাশ কৰা অনুসৰি হিজবুল্লাহ আৰু ইজৰাইলৰ মাজত চলি থকা এবছৰৰ ভিতৰত বেইৰুটত এইটো আছিল আটাইতকৈ ডাঙৰ আক্ৰমণ।

নাম প্ৰকাশ নকৰা ইজৰাইলৰ বিষয়াসকলৰ মতে, ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত হিজবুল্লাহৰ মুৰব্বীগৰাকীৰ মৃত্যু হয় যদিও উগ্ৰপন্থী সংগঠনটোৰ আন কমাণ্ডাৰ আৰু সন্ত্ৰাসবাদীক নিৰ্মূল কৰা হৈছে নে নাই সেয়া নিশ্চিত নহয়। তদন্ত শেষ হোৱাৰ পিছত তেওঁলোকে সেই বিষয়ে নিশ্চিত হ’ব পাৰে।

ইফালে ইৰাণৰ শীৰ্ষ নেতা আয়াতুল্লাহ আলী খামেইনিয়ে নিজৰ বাসগৃহত দেশখনৰ উচ্চতম ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ জৰুৰী অধিৱেশন আহ্বান কৰে। তেওঁ এই আক্ৰমণক গৰিহণা দিয়ে। খামেইনিৰ উপদেষ্টা আলী লাৰিজানীয়ে কয় যে ইজৰাইলে তেহৰাণৰ ৰেড লাইন অতিক্ৰম কৰিছে আৰু পৰিস্থিতি গুৰুতৰ হৈ পৰিছে। এই হত্যাকাণ্ডই ইজৰাইলৰ সমস্যা সমাধান কৰিব নোৱাৰে। ফলত দুয়োখন দেশৰ সম্পৰ্ক অধিক জটিল হৈ পৰিব।

লগতে পঢ়কঃ এয়াৰ ইণ্ডিয়াৰ অমলেটত পইতাচোৰা! দুবছৰীয়া শিশুক খুৱাবলৈ লৈ দেখি ক্ষোভ উজাৰিলে মাতৃয়ে

এই আক্ৰমণৰ ফলত সমগ্ৰ অঞ্চলটোৰ ইৰাণ সমৰ্থিত উগ্ৰপন্থীয়ে ইজৰাইলৰ সৈতে যুঁজ অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে। ইৰাণক লক্ষ্য কৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত দিয়া ভাষণত ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে কয় যে তেহৰাণৰ অত্যাচাৰীসকলৰ বাবে মোৰ এটা বাৰ্তা আছে। হিজবুল্লাহৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব। যেতিয়ালৈকে তেওঁলোকে ৰকেট নিক্ষেপ বন্ধ নকৰে তেতিয়ালৈকে এই আক্ৰমণ অব্যাহত থাকিব। তেওঁ লগতে কয় যে ইৰাণত ইজৰাইলে ঢুকি নোপোৱা এনে কোনো ঠাই নাই।