• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যোৰহাটৰ প্ৰথমখন ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানৰ গৌৰৱক অক্ষু্ন্ন ৰখাৰ প্ৰয়াস প্ৰাক্তন শিক্ষাৰ্থী সন্থাৰ

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
September 5, 2018 2:25 pm
Screenshot_2018-09-04-21-11-44-676_com.miui.gallery
501
VIEWS
Share on FacebookShare on Twitter

উজনি অসমৰ আটাইতকৈ প্ৰাচীন ইংৰাজী মাধ্যমৰ বিদ্যালয় হেমলতা সন্দৈকৈ স্মাৰক প্ৰতিষ্ঠানৰ ( Hemalata Handiqui Memorial Institute) ২০১২ চনত সোণালী জয়ন্তী বৰ্ষ উদ্‌যাপন কৰা হৈছিল। সোণালী জয়ন্তী উদ্‌যাপনৰ অন্ত পৰিছিল, কিন্তু ৰৈ গৈছিল প্ৰাক্তন ছাত্ৰ সন্থাই গ্ৰহণ কৰা প্ৰতিজ্ঞা— যেনেকৈয়েই নহওক এই আগশাৰীৰ শিক্ষানুষ্ঠানৰ গৌৰৱক পুনৰ্জীৱিত কৰাত সহযোগিতা আগবঢ়োৱাৰ।

এই প্ৰতিজ্ঞাকেই সাৰোগত কৰি, সংস্থাই এইবাৰ পঞ্চমবাৰৰ বাবে আয়োজন কৰিবলৈ ওলাইছে আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা। নুমলীগড় ডিপিএছ আৰুআছাম ভেলী স্কুলৰ দৰে শিক্ষানুষ্ঠানে অংশগ্ৰহণ কৰাৰ পাছত এই প্ৰতিযোগিতাৰ পৰিসৰ বাঢ়ি গৈছিল।

পঞ্চম সদৌ অসম আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতাৰ প্ৰাইজমানি হৈছে ২০,০০০ টকা আৰু এই ধনখিনি বিভিন্ন শাখাৰ বিজয়ী প্ৰতিযোগীৰ মাজত ভাগ কৰা হ’ব। এই প্ৰতিযোগিতাখন অক্টোবৰৰ ৬ তাৰিখে বিদ্যালয়খনৰ সোণালী জয়ন্তী ভৱনত পুৱা ৯-০০ বজাৰ পৰা আৰম্ভ হ’ব। এই বছৰৰ তৰ্ক প্ৰতিযোগিতাৰ বিষয় হৈছে, ‘দেশৰ উন্নতিৰ বাবে সকলো পৰ্যায়ৰ সংৰক্ষণ উঠাই দিব লাগে।‘

তৰ্ক প্ৰতিযোগিতা হিন্দী আৰু ইংৰাজী ভাষাত অনুষ্ঠিত হ’ব আৰু দ্বাদশ মানৰ ছাত্ৰ-ছাত্ৰীলৈকে মুকলি থাকিব। বিদ্যালয়খনৰ এগৰাকী প্ৰাক্তন ছাত্ৰ ৰমেশ অগ্ৰৱালে কৈছে যে হিন্দী আৰু ইংৰাজী ভাষাত অনুষ্ঠিত হ’বলগীয়া এই তৰ্ক প্ৰতিযোগিতাখন চাবলগীয়া হ’ব।

সন্থাৰ নতুনটো গোট হৈছে যে সভাপতি ৰাজিন্দৰ সিং ভাম্ৰাহ,  উপ সভাপতি মেডিনি কামাল,  সম্পাদক যুগল বাজাজ,  যুটীয়া সম্পাদক অভিলাষ বৰুৱা, আৰু ধন-ভড়ালী অসীম সৰৱাটেৰে গঠিত দলটো।

উল্লেখ্য যে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্থাই ২০১৩ চনত তৰ্ক প্ৰতিযোগিতাখনৰ সূচনা কৰিছিল। প্ৰথম বছৰ কেইটাত সন্থাই বাতৰি কাকত পঢ়াৰ বাবে ৰেক আৰু ব’ৰ্ড আদিও দান কৰিছিল।

হেমলতা সন্দৈকৈ স্মাৰক প্ৰতিষ্ঠান বিদ্যালয়খন চিবিএছইৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। ২০০৮ চনৰ পৰা বিদ্যালয়খনত উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকলৈ শ্ৰেণী খোলা হৈছে।

এই বছৰৰ স্বাধীনতা দিৱসৰ পেৰেডত প্ৰথম স্থান অধিকাৰ কৰিছিল বিদ্যালয়খনে। এই বিদ্যালয়খন স্থাপন কৰিছিল পণ্ডিত প্ৰৱৰ, মাইনৱ হিতৈষী কৃষ্ণকান্ত সন্দিকৈদেৱে তেওঁৰ পত্নী হেমলতা সন্দিকৈৰ স্মৃতিত।

এগৰাকী শিক্ষাবিদৰ বাবে তেওঁৰ পত্নীক শেষ শ্ৰদ্ধা জনোৱাৰ ইয়াতকৈ সৰ্বত্তোম উপায় কি হ’ব পাৰে?

যোৰহাটৰ  প্ৰথমখন ইংৰাজী মাধ্যমৰ বিদ্যালয় আৰু উজনি অসমৰ তৃতীয়খন বিদ্যালয় ‘হেমলতা সন্দৈকৈ স্মাৰক প্ৰতিষ্ঠান’ স্থাপন কৰা হৈছিল ১৯৬২ চনত। চীনে ভাৰত আক্ৰমণ কৰাৰ কেইমাহ মান পূৰ্বে।

পণ্ডিপ প্রবৰ সন্দিকৈদেৱৰ পুত্ৰ বিজয়কৃষ্ণ সন্দিকৈয়ে এই বিদ্যালয়খনৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছিল। উল্লেখযোগ্য যে বিজয়কৃষ্ণ সন্দিকৈ যোৰহাটৰ পৰা ৫ বাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd