অতিথিৰ পৰা দেশৰ বাস্তৱ লুকুৱাইছে চৰকাৰে! পুনৰ সোচ্চাৰ ৰাহুল গান্ধী

G20

দেশৰ ৰাজধানী দিল্লীত চলি আছে G20 বৈঠক। G20 ত ভাগ লোৱাৰ অৰ্থে দেশলৈ আগমন ঘটিছে আন্ত:ৰাষ্ট্ৰীয় অতিথিৰ, সজাই তোলা হৈছে ৰাজধানী দিল্লী।

তাৰ মাজতে ভাইৰেল হৈছিল অঘৰী কুকুৰসমূহক নিৰ্দয়ভাৱে পথৰ কাষৰ পৰা আঁতৰাই নিয়া কিছু দৃশ্য। এই দৃশ্যসমূহে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

জি-২০ৰ প্ৰতিনিধিয়ে মহাত্মা গান্ধী স্মৃতিসৌধ ভ্ৰমণৰ পূৰ্বে ৰাজঘাট আৰু ইয়াৰ আশে-পাশে বান্দৰ আৰু কুকুৰৰ ভাবুকি ৰোধৰ বাবে নাগৰিক সংস্থাৰ সহায় বিচাৰিছে প্ৰশাসনে।

কেৱল জীৱ-জন্তু বুলিয়েই নহয়, প্ৰকাশিত খবৰ অনুসৰি G20 বৈঠকৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে বহু বস্তিও খালী কৰি দিছে।

এনে ব্যস্ততাৰ মাজতে চৰকাৰ-প্ৰশাসনৰ এনে কাৰ্যক তীব্ৰ কটাক্ষ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। গান্ধীৰ মতে, এনে কাৰ্যৰ দ্বাৰা চৰকাৰে অতিথিৰ পৰা দেশৰ বাস্তৱতাক লুকুৱাই ৰাখিছে।

এক টুইটযোগে চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ অনাৰ লগতে তেওঁ দেশৰ অতিথিসকলৰ পৰা ভাৰতৰ বাস্তৱতাক লুকুৱাই ৰখাৰ প্ৰয়োজন নাই বুলিও কেন্দ্ৰক সমালোচনা কৰে।

উল্লেখ্য যে, প্ৰায় এসপ্তাহজোৰা ভ্ৰমণেৰে সম্প্ৰতি ইউৰোপত আছে কংগ্ৰেছ নেতাগৰাকী। এই ভ্ৰমণত তেওঁ ইউৰোপীয় সংঘৰ সাংসদ, ছাত্ৰ-ছাত্ৰী, ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব।