• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্পেচিয়েল ৰিভিউ কমিটীয়ে পৰিদৰ্শন কৰিলে গোৱালপাৰা ডিটেনশ্যন কেম্প

NE NOW NEWS ছফিকুল আহমেদ
গোৱালপাৰা , November 22, 2019 8:52 pm

2 min read

Gowalpara Detantion Camp

গোৱালপাৰা ডিটেনশ্যন কেম্প ভ্ৰমণ কৰা উচ্চ পৰ্য্যায়ৰ কমিটীৰ সদস্যসকল।

721
VIEWS
Share on FacebookShare on Twitter

ন্যায়িক আৰু আৰক্ষীৰ লোকেৰে গঠিত এখন উচ্চ পৰ্য্যায়ৰ কমিটীয়ে আজি গোৱালপাৰা জিলা কাৰাগাৰৰ ভিতৰত থকা ডিটেনশ্যন কেম্পটো পৰিদৰ্শন কৰে।

স্পেচিয়েল ৰিভিউ কমিটী (এছ আৰ চি) নামৰ চৰকাৰৰ দ্বাৰা গঠিত এই কমিটীখনে ভ্ৰমণকালত ডিটেনশ্যন কেম্পটোৰ বিভিন্ন দিশৰ বুজ লয়। বৰ্তমান কেম্পটোত ২০২জন বন্দী আছে।

ৰাজ্যৰ ছটা ডিটেনশ্যন কেম্পত বন্দী লোকসকললৈ আগ বঢ়োৱা আইনী সাহায্য আৰু তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যাবোৰ, খাদ্যৰ মান, স্বাস্থ্যসন্মত জীৱন নিৰ্বাহৰ পৰিৱেশ আদিৰ পৰ্য্যালোচনা কৰি সেইবোৰ উন্নত কৰাৰ বিভিন্ন পৰামৰ্শসহ চৰকাৰক প্ৰতিবেদন দিবলৈ এই কমিটীখন গঠন কৰি দিয়া হৈছে।

তিনি মাহৰ ভিতৰত প্ৰতিবেদন দিবলৈ সময় ধৰি দিয়া কমিটীখনে তাৰ উপৰি বন্দী হৈ থকা শিশুসকলৰ শিক্ষাৰ দিশটোও পৰীক্ষা কৰাৰ কথা আৰু সেইবোৰ উন্নত কৰিবলৈও পৰামৰ্শ আগ বঢ়াব।

ইতিপূৰ্বে এই উচ্চ পৰ্য্যায়ৰ কমিটীখনে তেজপুৰ আৰু কোকৰাঝাৰৰ ডিটেনশ্যন কেম্প ভ্ৰমণ কৰিছিল।

ইয়াৰ পিছতে কমিটীখনে আন তিনিখন জিলা, ক্ৰমে শিলচৰ, ডিব্ৰুগড়, যোৰহাটত থকা ডিটেনশ্যন কেম্পকেইটা ভ্ৰমণ কৰিব বুলি জানিবলৈ দিছে।

কমিটীখনৰ নেতৃত্বত আছে উপ মহাপৰিদৰ্শক (সীমান্ত) দেৱজ্যোতি মুখাৰ্জী আৰু আন আন সদস্যসকল হ’ল ক্ৰমে কাৰাগাৰবোৰৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মা আৰু অৱসৰপ্ৰাপ্ত জিলা খণ্ড ন্যায়াধীশ হৰদীপ সিং আৰু এজন ডিটেনশ্যন কেম্প থকা ছখন জিলাৰ উপায়ুক্তসকলৰ দ্বাৰা মনোনীত এজন প্ৰতিনিধি।

উল্লেখ কৰিব পাৰি যে অসমত বৰ্তমান ছটা ডিটেনশ্যন কেম্প আছে আৰু ইয়াত থকা বন্দীসকলৰ দুৰ্দশা সন্দৰ্ভত বিভিন্ন সময়ত মানৱতাবাদী ব্যক্তি আৰু সংগঠনে আপত্তি কৰি আহিছে।

বন্দী অৱস্থাতে স্বাস্থ্যৰ অৱনতি ঘটি কেইবাজনো লোকৰ মৃত্যুৱে গোটেই ৰাজ্য আৰু দেশজুৰি বিভিন্ন পক্ষক সমস্যাটোৰ গম্ভীৰতা সম্পৰ্কে চিন্তা কৰিবলৈ বাধ্য কৰিছে।

অতি শেহতীয়াকৈ ডিটেনশ্যন কেম্পত মৃত্যু হোৱা দুজনকৈ বন্দীৰ মৃতদেহ পৰিয়ালৰ লোকে চমজি ল’বলৈ অস্বীকাৰ কৰাত অস্বস্তিত পৰিছিল চৰকাৰ।

Recent News

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd