DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ বাবে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিয়ে বিচাৰিছে জনসাধাৰণৰ মতামত

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 22, 2019 2:24 pm
2.6k
VIEWS
Share on FacebookShare on Twitter

অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিয়ে আজি ইয়াৰ অন্তৰ্গত চাৰিটা মূল বিষয়ত অসমৰ ৰাইজৰ মতামত বিচাৰি আহ্বান জনাইছে।

সমিতিখনে ৰাইজৰ মতামত বিচৰা মূল বিষয় চাৰিটা হ’ল ক্ৰমে-

১) লোকসভা, বিধানসভাত ভূমিপুত্ৰ খিলঞ্জীয়াৰ বাবে আসন সংৰক্ষণ।

২) অসমীয়া ভাষাৰ সংৰক্ষণ।

৩) কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অধীনৰ বিভাগসমূহত খিলঞ্জীয়া ভূমিপুত্ৰৰ বাবে আসন সংৰক্ষণ।

৪) অসমীয়া জাতিৰ সামাজিক পৰিচয় আৰু ঐতিহ্য সংৰক্ষণ।

৫) অসমৰ খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় তথা ঐতিহ্য সুৰক্ষা সংৰক্ষন তথা প্ৰসাৰৰ বাবে ল’বলগীয়া অন্যান্য ব্যৱস্থা।

বুধবাৰে নৰ্থ-ইষ্ট নাওক এই কথা জানিব দিয়ে মুখ্য পৰামৰ্শ দাতা সমিতিৰ সদস্য লুৰিণজ্যোতি গগৈয়ে।

বিভিন্ন দল, সংগঠনৰ লগত ব্যক্তিগত ভাৱেও অসমৰ জনসাধাৰণে এই সম্পৰ্কত মতামত দাখিল কৰিব পাৰিব বুলি গগৈয়ে উল্লেখ কৰি মতামত সমূহ ২০ ছেপ্তেম্বৰৰ ভিতৰত পঠাবলৈ অনুৰোধ জনায়।

মতামত সমূহ নিজে আহি অথবা ইমেইল যোগেও দিব পাৰিব বুলি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়।

আনহাতে, প্ৰশাসনিক বিষয়া পি পি কাঠকটীয়াই পৰামৰ্শদাতা সমিতিখনৰ নডেল বিষয়া হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে।

লিখিতভাৱে মতামত পঠিয়াবলৈ ঠিকনা- অধ্যক্ষ, অসম চুক্তিৰ ৬ নং দফাৰ সম্পৰ্কীয় উচ্চ পৰ্য্যায়ৰ সমিতি, অসম চুক্তি ৰূপায়ণ বিভাগ, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়াৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান, খানাপাৰা ,গুৱাহাটী-৭৮১০২২।

ই মেইল যোগে পঠিয়াবলৈ- [email protected]  [email protected]

Recent News

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd