NORTHEAST NOW (Assamese)

উৰিষ্যা ৰে’ল দুৰ্ঘটনা: নিহতৰ সংখ্যা ২৮০ জনলৈ বৃদ্ধি, উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰে’ল মন্ত্ৰীৰ

June 3, 2023 9:05 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 3, 2023 9:09 am

যোৱা নিশা উৰিষ্যাৰ বালাছ’ৰত সংঘটিত শোকাৱহ ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত এক উচ্চ-পৰ্যায়ৰ তদন্ত কমিটিৰ তদন্ত ঘোষণা কৰিছে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে ঘটনা সন্দৰ্ভত ৰে’ল সুৰক্ষা আয়ুক্তই এক স্বতন্ত্ৰ তদন্ত কৰিব বুলিও সদৰী কৰে। অৱশ্যে বৰ্তমান ঘটনাস্থলীত উদ্ধাৰ আৰু সাহায্য অভিযানত প্ৰধান গুৰুত্ব আৰোপ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

উল্লেখ্য যে, দুখন যাত্ৰীবাহী ৰে’ল আৰু এখন মালবাহী ৰে’লৰ মাজত সংঘৰ্ষৰ পৰিণতিত সংঘটিত এই ভয়াৱহ দুৰ্ঘটনাত বৰ্তমানলৈকে প্ৰায় ২৮০ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৯ শতাধিক লোক আহত হোৱা বুলি নিশ্চিত কৰিছে উৰিষ্যাৰ মুখ্য সচিব প্ৰদীপ জেনাই।

এই শোকাৱহ দুৰ্ঘটনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আজি ৰাজ্যিক শোক দিৱস ঘোষণা কৰিছে উৰিষ্যা চৰকাৰে। ইফালে দুৰ্ঘটনাৰ পিছতে কৰ্তৃপক্ষই প্ৰায় ১২টা হেল্পলাইন নম্বৰ জাৰি কৰিছে। উৰিষ্যা চৰকাৰে এই ঘটনাত আহত সকলক উদ্ধাৰৰ বাবে হেল্পলাইন নম্বৰ ০৬৭৮২-২৬২২৮৬ জাৰি কৰিছে।

আনহাতে ৰেলৱেই জাৰি কৰা হেল্পলাইন নম্বৰ কেইটা হৈছে ০৩৩-২৬৩৮২২১৭ (হাওৰা), ৮৯৭২০৭৩৯২৫, ৯৩৩২৩৯২৩৩৯(খৰগপুৰ), ৮২৪৯৫৯১৫৫৯, ৭৯৭৮৪১৮৩২২ (বালাছ’ৰ) আৰু ০৪৪- ২৫৩৩০৯৫২ (চেন্নাই)।

সেইদৰে কৰ্তৃপক্ষই জাৰি কৰা আন কেইটামান হেল্পলাইন নম্বৰ হৈছে ক্ৰমে:

ভদ্ৰকঃ ৮৪৫৫৮৮৯৯০০

জাজপুৰ কেওনিহাৰ ৰোডঃ ৮৪৫৫৮৮৯৯০৬

কোটাক: ৮৪৫৫৮৮৯৯১৭

ভুৱনেশ্বৰঃ ৮৪৫৫৮৮৯৯২২

খুৰদা ৰোড: ৬৩৭০১০৮০৪৬

ব্ৰহ্মপুৰঃ ৮৯১৭৩৮৮৭২৪১

বালুগাঁওঃ ৯৯৩৭৭৩২১৬৯

পালাছা: ৮৯৭৮৮৮১০০৬

শালিমাৰ হেল্পলাইন নম্বৰ: ৯৯০৩৩৭০৭৪৬

ইফালে এই ঘটনাৰ পাছতেই দক্ষিণ ৰেলৱে চেন্নাইত ২৪ ঘণ্টাই হেল্পলাইন আৰু কণ্ট্ৰল অফিচ স্থাপন কৰিছে। এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, আহত আৰু নিহত সকলৰ আত্মীয়ই হেল্পলাইন নম্বৰ ০৪৪-২৫৩৩০৯৫২, ০৪৪-২৫৩৩০৯৫৩, আৰু ০৪৪-২৫৩৫৪৭৭১ নম্বৰত যোগাযোগ কৰিব পাৰিব।

Related News