• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীৰ নতুন মেয়ৰ হ’ব কোন?

আপ নেত্ৰী শিখা গাৰ্গে পক্ষ সলনি কৰাৰ বাবে উৎকোচ দিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰি দিল্লী দুৰ্নীতি নিবাৰক ব্যুৰোত বিজেপিৰ কাউন্সিলাৰ মনিকা পণ্টে এজাহাৰ দাখিল কৰিছিল।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 6, 2023 8:52 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৫ বছৰীয়া বিজেপিৰ শাসন উফৰাই আম আদমী পাৰ্টিয়ে প্ৰথমবাৰৰ বাবে এইবাৰ দিল্লীৰ পৌৰসভা দখল কৰিলে। ২০২২ চনৰ শেষৰ ফালে দিল্লীৰ পৌৰসভাৰ নিৰ্বাচনত বিজয়ৰ হাঁহি মাৰে আপে।

২৫০ খন আসনযুক্ত দিল্লীৰ পৌৰসভাৰ ১৩৪ খন আসন লাভ কৰে আপে। ইয়াৰ বিপৰীতে বিজেপিয়ে ১৩৪ খন আৰু কংগ্ৰেছ দলে ৯ খন আসন লাভ কৰে দিলীৰ পৌৰসভাৰ নিৰ্বাচনত।

Apply Now

দিল্লী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ এমাহৰ পাছত বৃহস্পতি বাৰে দিল্লীয়ে লাভ কৰিব নতুন মেয়ৰ। আজি দিল্লী পৌৰসভাত শপত গ্ৰহণ কৰিব নৱনিৰ্বাচিত কাউন্সিলাৰসকলে। এই অধিৱেশনতে অনুষ্ঠিত হ’ব নতুন মেয়ৰ আৰু ডেপুটি মেয়ৰৰ নিৰ্বাচন প্ৰক্ৰিয়া। এতিয়া দিল্লীৰ ৰাজনৈতিক মহলৰ মাজত এটাই প্ৰশ্ন – কোন হ’ব দিল্লীৰ পৰৱৰ্তী মেয়ৰ?

উল্লেখ্য যে মেয়ৰ পদৰ বাবে আপে শ্বেলী ওবেৰয় আৰু আছু ঠাকুৰক প্ৰক্ষেপ কৰিছে। দলটোৰ মূল প্ৰতিদ্বন্দ্বী হৈছে শ্বেলী ওবেৰয়।

ডেপুটি মেয়ৰ পদৰ বাবে আম আদমি পাৰ্টিয়ে মনোনীত কৰিছে জালাজ কুমাৰ আৰু আলে মহম্মদ ইকবালক। আনহাতে বিজেপিয়ে ডেপুটি মেয়ৰৰ বাবে কমল বাগৰীক প্ৰক্ষেপ কৰিছে ।

কিন্তু শেহতীয়াকৈ আম আদমী পাৰ্টি আৰু দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ বিনয় কুমাৰ ছাক্সেনাৰ মাজত হোৱা শ্ব’ডাউনৰ মাজতে আবদ্ধ হৈ পৰিছে মেয়ৰ নিৰ্বাচন। দহজন এল্ডাৰমেনক মনোনীত কৰাক লৈ আপৰ সদস্যই কৰিছে আপত্তি। এল্ডাৰমেন হ’ল সেইসকল লোক যিসকল নিজৰ ক্ষেত্ৰত বিশেষজ্ঞ যদিও মেয়ৰৰ নিৰ্বাচনত তেওঁলোকৰ ভোটাধিকাৰ নাই।

এল্ডাৰমেনৰ সম্পৰ্কত হোৱা অবৈধ আৰু অসাংবিধানিক পদ্ধতিৰ বিৰুদ্ধে হস্তক্ষেপ বিচাৰি লেফটেনেন্ট গৱৰ্ণৰ বিনয় কুমাৰ চাক্সেনালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে কেজৰিৱালে। ইতিমধ্যে সেই পত্ৰখন টুইটাৰযোগে প্ৰচাৰ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে।

Wrote a letter to Hon’ble LG against the illegal and unconstitutional manner in which notification on aldermen has been done. pic.twitter.com/SdTVcujtGn

— Arvind Kejriwal (@ArvindKejriwal) January 5, 2023

ইয়াৰ পূৰ্বেও এল জি( লেফটেনেন্ট গৱৰ্ণৰ) য়ে বিজেপিৰ কাউন্সিলাৰ সত্য শৰ্মাক প্ৰথম সদনৰ বৈঠকত প্ৰিজাইডিং অফিচাৰ হিচাপে মনোনীত কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল আপে। সকলো গণতান্ত্ৰিক পৰম্পৰা আৰু প্ৰতিষ্ঠান ধ্বংস কৰা বুলি বিজেপিক তীক্ষ্ণ সমালোচনা কৰিছিল আম আদমী পাৰ্টিয়ে।

উল্লেখযোগ্য যে দিল্লীৰ মেয়ৰৰ পদত ঘূৰণীয়া ভিত্তিত পাঁচটা একবছৰীয়া কাৰ্যকাল থাকে, প্ৰথম বছৰটো মহিলাৰ বাবে সংৰক্ষিত, দ্বিতীয়টো কাৰ্যকাল মুকলি , তৃতীয়টো সংৰক্ষিত শ্ৰেণীৰ বাবে, আৰু বাকী দুটাও সকলোৰে বাবে মুকলি থাকে।

উল্লেখ্য যে কংগ্ৰেছে মেয়ৰ আৰু ডেপুটি মেয়ৰৰ নিৰ্বাচনত অংশগ্ৰহণ নকৰে বুলি কৈছে।

মেয়ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু আপ দুয়োটা দলে পৰস্পৰক বিৰোধী কাউন্সিলাৰৰ চোৰাংচোৱাগিৰি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। আপ নেত্ৰী শিখা গাৰ্গে পক্ষ সলনি কৰাৰ বাবে উৎকোচ দিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰি দিল্লী দুৰ্নীতি নিবাৰক ব্যুৰোত বিজেপিৰ কাউন্সিলাৰ মনিকা পণ্টে এজাহাৰ দাখিল কৰিছিল। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে বিজেপিয়ে আপৰ কাউন্সিলাৰসকলক দলত্যাগ কৰিবলৈ ১০ লাখৰ পৰা ৫০ লাখ টকা আগবঢ়াব পাৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd