NORTHEAST NOW (Assamese)

অহা বছৰৰ পৰা অসমৰ কলেজ, বিশ্ববিদ্যালয়ত নাথাকিব উচ্চতৰ মাধ্যমিক শ্ৰেণী

June 26, 2019 4:37 pm · কল্পজ্যোতি শইকীয়া
Updated: June 26, 2019 5:04 pm
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অনুষ্ঠানত বুধবাৰে শিক্ষা মন্ত্ৰী। ছবি- নৰ্থ ইষ্ট নাও।

অহা বছৰৰ পৰা ৰাজ্যৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহত নাথাকিব উচ্চতৰ মাধ্যমিক শ্ৰেণী। বুধবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ৩৫সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথিৰ ভাষণত এই ঘোষণা কৰে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।

‘উচ্চতৰ মাধ্যমিকৰ অধীনৰ একাদশ-দ্বাদশ কেনেকৈ এখন বিশ্ববিদ্যালয়ে পৰিচালনা কৰি আছে? বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহত একাদশ-দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত পৰীক্ষা দিব লাগে বা মাৰ্কশ্বিট ল’ব লাগে, এইটো বৈষম্যমূলক।‘ এইদৰে নিজৰ ভাষণ প্ৰসংগত শিক্ষা মন্ত্ৰীয়ে কয়।

তদুপৰি, কিছুদিন পূৰ্বে আটাইকেইখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ সৈতে শিক্ষা মন্ত্ৰীগৰাকীয়ে এক আলোচনাত মিলিত হৈছিল বুলি উল্লেখ কৰি লগতে কয় ‘এইবছৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ যাতে অসুবিধা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি অহাবছৰৰ পৰা মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত উচ্চতৰ মাধ্যমিক শ্ৰেণী থাকিব নোৱাৰিব, সেই সিদ্ধান্ত আলোচনাকালত গ্ৰহণ কৰা হৈছে।‘

শেষবাৰৰ বাবে এই বৰ্ষত বিশ্ববিদ্যালয় আৰু ইয়াৰ অন্তৰ্গত মহাবিদ্যালয়সমূহত একাদশ-দ্বাদশ শ্ৰেণীৰ পাঠদান হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে কয়।

ৰাজ্যৰ শিক্ষা বিভাগে গ্ৰহণ কৰা এই সিদ্ধান্তৰ ফলত ৰাজ্যৰ সীমিতসংখ্যক উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ ক্ষেত্ৰত অভাৱ পূৰণ কৰিব পাৰিব নে? সেয়াও এক বিচাৰ্য্য বিষয় হৈ পৰিছে।

আনহাতে, উক্ত প্ৰতিষ্ঠা দিৱসৰ কায্যসূচীত দ্বিতীয় বৰ্ষৰ পাঠ্যক্ৰমৰ অন্তৰ্গত স্বদেশ অধ্যয়ন পুথি উন্মোচন কৰা হয়। এই পুথিখন উন্মোচন কৰে শিক্ষা মন্ত্ৰীয়ে।

তদুপৰি, উক্ত অনুষ্ঠানতে এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত শীর্ষ স্থান লাভ কৰা শিক্ষাৰ্থীক স্বৰ্ণ পদক প্ৰদান কৰা হয়।

আনহাতে, ৰাজ্যৰ প্ৰায়কেইখন মহাবিদ্যালয়ে ভিন্ন ক্ষেত্ৰত স্থান লাভ কৰিবলৈ সক্ষম হয়। সেইসমূহ মহাবিদ্যালয়ক প্ৰতিষ্ঠা দিৱসৰ দিনটোতে সম্বৰ্ধনা জনোৱা হয়।

বহী মূল্যায়নৰ ক্ষেত্ৰত কলিয়াবৰ কলেজ আৰু ডিফু চৰকাৰী কলেজে শ্ৰেষ্ঠ মণ্ডলৰ সন্মান লাভ কৰে। বৰপেটাৰ এম চি কলেজ, শিলচৰৰ গুৰুচৰণ কলেজ আৰু শিৱসাগৰৰ এছ চি দি চি কলেজে শ্ৰেষ্ঠ পৰীক্ষা কেন্দ্ৰৰ সন্মান লাভ কৰে। এই কলেজ কেইখনক ৫০ হাজাৰ টকাকৈ সাহায্য আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰে শিক্ষা মন্ত্ৰীয়ে।

Related News