• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

হাইৱে’জ অৱ লাইফ

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
December 10, 2022 8:45 pm
Highways Of Life
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাইৱে’জ অৱ লাইফ- অৰ্থ,জীৱনৰ ঘাইপথবোৰ। আজিৰ এই তথ্যচিত্ৰখন সম্পূৰ্ণৰূপে হাইৱে’ অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথক কেন্দ্ৰ কৰা জীৱন,জীৱিকা আৰু ইয়াৰ আনুষঙ্গিক জটিলতাসমূহ ভিত্তিক। বেছি দূৰৰ কথা নহয় এইয়া,আমাৰ নিচেই কাষৰ ৰাজ্য মণিপুৰৰেই কিছু জীয়া বাস্তৱ,ক্লেশকৰ অতীতকেই এই তথ্যচিত্ৰখনৰ মাজেৰে চিত্ৰায়িত কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ ২ আৰু ৩৭ ৰ মাধ্যমেৰেই মণিপুৰ দেশৰ আন প্ৰান্তৰৰ সৈতে সংযুক্ত হৈ আছে। ইনাৰ লাইন পাৰ্মিট,অৰ্থনৈতিক অৱৰোধ,দুৰ্গম বাট-পথ,ভিন্ন ধৰ্মঘট,উগ্ৰপন্থীৰ ধনদাবী আদিয়ে সময় সাপেক্ষে কিমান কঠিন কৰি তুলিব পাৰে এই ভিন্ন ৰচদ-পাতি কঢ়িওৱা ট্ৰাক ড্ৰাইভাৰসকলৰ জীৱন-এইখিনিক সামৰি নিৰ্মাণ কৰা এই তথ্যচিত্ৰখনৰ সামগ্ৰিক পৰিকল্পনা আৰু পৰিচালনা অমৰ মাইবামৰ।

ইতিমধ্যেই এই তথ্যচিত্ৰখনিয়ে বাংলাদেশৰ অষ্টম লিবাৰেচন ডক ফেষ্টত শ্ৰেষ্ঠ ছবিৰ সন্মান,২৬তম কলকতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ভাৰতীয় তথ্যচিত্ৰৰ বঁ‌টা আৰু ১৩তম মণিপুৰ ৰাজ্যিক চলচ্চিত্ৰ বঁ‌টা প্ৰতিযোগিতাত শ্ৰেষ্ঠ তথ্যচিত্ৰ,শ্ৰেষ্ঠ পৰিচালনা,শ্ৰেষ্ঠ আলোকশিল্পকাৰ আৰু শ্ৰেষ্ঠ সম্পাদনাৰ বঁ‌টা লাভ কৰিবলৈ সক্ষম হৈছে।
তথ্যচিত্ৰখনৰ আৰম্ভণি ঘটে,জৰুৰীকালীন অৱস্থাত কন্দুৱাগেছ,শূন্যলৈ গুলীচালনা আদি দৃশ্যৰ মাজেৰে। ইয়েই তথ্যচিত্ৰখনিৰ সম্পৰ্কে এক আভাস দিয়ে। এটি নিম্ন মধ্যবিত্ত মণিপুৰী পৰিয়ালৰ ট্ৰাকচালক অৰুণজিতৰ পৰিয়ালটিক খুব সংক্ষিপ্তে দেখোৱাই,অৰুণজিতে ট্ৰাক লৈ এক দীঘলীয়া যাত্ৰাত ওলাই পৰাক প্ৰদৰ্শন কৰে। পৰিচালকে এই ৫২মিনিটৰ তথ্যচিত্ৰখন নিৰ্মাণৰ বাবে ২০১৪চনৰ পৰা ২০১৬চন পৰ্যন্ত ট্ৰাকচালক অৰুণজিতৰ যাত্ৰাক সম্পূৰ্ণ নিৰীক্ষণ কৰিছিলে।

Apply Now

ট্ৰাকচালকসকলৰ দৈনন্দিন জীৱনচৰ্যাক কোনোধৰণৰ ৰহণ নসনাকৈ,সম্পূৰ্ণ বাস্তৱ ছবিখনৰ দৃশ্যায়ন কৰা হৈছে। টামেলমঙ জিলাৰ বৰাক নদীৰ ওপৰৰ দলং ভঙাৰ ফলত কেইবাদিন দলঙৰ দুয়োপাৰে ৰৈ থকা শাৰী শাৰী ট্ৰাক আৰু ট্ৰাকচালকসকল কেনে পৰিস্থিতিৰ মাজেৰে যাব লগা হয়,তাৰ কঠিন,ৰুঢ় বাস্তৱক চিত্ৰায়ণ কৰিছে। ঠিক একেদৰেই ২০১৬ চনৰ অক্টোবৰ মাহৰ পৰা ২০১৭ চনৰ মাৰ্চ পৰ্যন্ত-১৪১ দিন জুৰি চলা(বিশ্ব সভ্যতাৰ অন্যতম অৰ্থনৈতিক অৱৰোধ)অৰ্থনৈতিক অৱৰোধত এই ট্ৰাকচালকসকলৰ দুৰ্দশাৰ লগতে,স্থানীয় ৰাইজৰ কেনে প্ৰতিক্ৰিয়া হৈছিলে,সেইখিনি অংশকো সামৰি লোৱা হৈছে। ৰৈ থাকিবলগা দীৰ্ঘকাল ট্ৰাকখনক কেন্দ্ৰ কৰিয়েই ট্ৰাকচালকসকলৰ খোৱা-শুৱা,সকলোখিনি কিদৰে চলি থাকে,এই জটিল তথা কষ্টকৰ সময়খিনিৰ সমান্তৰালকৈ স্বাভাৱিক ঘটনাবহুলতাৰ মাজেৰে স্বতঃস্ফূৰ্ত হাস্যৰসৰ উপস্থাপনো কৰিছে।

ট্ৰাকচালকসকলৰো আনৰ দৰেই নিজ কৰ্মৰ লগতে পৰিয়ালৰ প্ৰতিও দায়বদ্ধতা থাকে,এনে জটিল পৰিস্থিতিত তেওঁ‌লোকে কিদৰে সহাৱস্থান কৰে-মূলতঃ এই লৈয়েই,অৰুণজিতৰ দৃষ্টিৰেই তথ্যচিত্ৰখন। ট্ৰাকৰ গতি কোন দিশে,তাক দৰ্শাবলৈ,পথৰ দাঁ‌তিৰ মাইল পষ্টবিলাকৰ ব্যৱহাৰ কৰা হৈছে। তথ্যচিত্ৰখনিৰ এটি দিশ খুব ভাল লগা যে,পৰিচালকে যি দেখোৱাব খুজিছে-তাতেই সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিছে আৰু সফলো হৈছে। পিছে, মাজে মাজে মণিপুৰৰ ভিন্ন অংশৰ নৈসৰ্গিক শোভাও কেমেৰাত আবদ্ধ হৈছে। উল্লেখনীয় যে,জৰুৰীকালীন অৱস্থাত সংঘৰ্ষ চলি থকাৰ মাজত দৃশ্যগ্ৰহণ সম্পূৰ্ণ সঁ‌চা,অৰ্থাৎ ঘটি থকাৰ সময়ত স্থানত উপস্থিত থাকি পৰিচালক তথা আলোকশিল্পকাৰ মাইবামে নিজে দৃশ্যগ্ৰহণ কৰিছিলে।

অন্তিম দৃশ্যত নিশা অৰুণজিতে ট্ৰাক চলাই ঘৰ অভিমুখী যাত্ৰা আৰম্ভ কৰাৰ দৃশ্যক পিছফালৰ বাহনৰ লাইটেৰে দেখোৱাৰ পৰা প্ৰভাতী কিৰণে উজ্বলাই তোলা ঘৰৰ চোতালত শেষ কৰিছে,অৰুণজিতৰ শিশু সন্তানটিৰ লগত। প্ৰতীকীৰূপত এক ধনাত্মক আৰু শান্তিসূচক অন্ত। উল্লেখনীয় যে,পৰিচালক অমৰ মাইবাম নিজে এই ট্ৰাকচালনাৰ কৰ্মত ১০বছৰ জুৰি জড়িত আছিলে। সেয়ে হয়তো তেওঁ‌,আনে নেদেখা বা দেখিলেও বিশেষ গুৰুত্বসহকাৰে নোলোৱা এক বাস্তৱক সফলৰূপত চিত্ৰায়ণ কৰিবলৈ সক্ষম হ’ল। হাইৱে’জ অৱ লাইফ-এখন মানুহৰ ছবি,মানুহৰ বাবে।

মেইল- [email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm
অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm
অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd