ভাৰতৰ তাৰকা দৌৰবিদ অসম সন্তান হিমা দাসে মঙলবাৰে নিশা পোলেণ্ডত অনুষ্ঠিত হৈ থকা ‘পোজনান এথলেটিকছ গ্ৰাণ্ড পিক্সত’ মহিলাৰ দুশ মিটাৰ শাখাত চমকপ্ৰদ প্ৰদৰ্শনেৰে সোণৰ পদক দখল কৰিবলৈ সক্ষম হয়।
বিগত কিছুসময় ধৰি পিঠিৰ আঘাতত ভূগি থকা হিমা দাসে এই প্ৰদৰ্শনৰ জৰিয়তে ৰাণিং ট্ৰেকত নিজৰ সবল উপস্থিতিৰ কথা পুনৰ বাৰ প্ৰমাণ কৰি দিলে।
হিমাই প্ৰতিযোগিতাখনত মহিলাৰ ২০০ মিটাৰ শাখাত নিজৰ ব্যক্তিগত সৰ্বোচ্চ প্ৰদৰ্শন ২৩.১০ ছেকেণ্ডেৰ বিপৰীতে ২৩.৬৫ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি সোণৰ পদক দখল কৰে। হিমাৰ দলীয় সতীৰ্থ ভি কে বিশ্বমায়াই ২৩.৭৫ ছেকেণ্ডেৰে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। কিছুদিন পূৰ্বে বিশ্বমায়াই ৪০০ মিটাৰ শাখাত নিজৰ সৰ্বোচ্ছ প্ৰদৰ্শন দাঙি ধৰিছিল।
হিমাৰ উপৰিও প্ৰতিযোগিতাখন ভাৰতীয় দৌৰবিদসকলে উল্লেখযোগ্য প্ৰদৰ্শন দাঙি ধৰি ক্ৰমে পুৰুষৰ ২০০ মিটাৰৰ শাখাত মহম্মদ আনাছে ব্ৰঞ্জৰ পদক আৰু ৪০০ মিটাৰ শাখাত কে এচ জিভানে ব্ৰঞ্জৰ পদক দখল কৰে।
অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমাৰ সফলতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ খেলুৱৈগৰাকীয়ে কঠোৰ সাধনাৰে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে। হিমাৰ সফলতাই ৰাজ্যখনৰ খেলুৱৈসকলক উৎসাহিত কৰিব বুলি সোণোৱালে প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰে।
সোণোৱালে হিমা দাসৰ লগতে প্ৰতিযোগিতা্খনত ভাৰতৰ হৈ পদক অৰ্জন কৰা অন্যান্য খেলুৱৈসকলকো শুভেচ্ছা জ্ঞাপন কৰে।