আইনগতভাৱে ভাং খেতি কৰা হ’ব হিমাচল প্ৰদেশত; বিধানসভাত গৃহীত হ’ল প্ৰস্তাৱ

প্ৰতিনিধিত্বমূলক ফটো।

হিমাচল প্ৰদেশত আইনগতভাৱেই ভাং খেতি কৰা হ’ব। শুকুৰবাৰে ৰাজ্য বিধানসভাত এই প্ৰস্তাৱ গৃহীত হয়।

বিধানসভা সমিতিয়ে পৰামৰ্শসহ এখন প্ৰতিবেদন দাখিল কৰিছিল। তাত চিকিৎসা আৰু উদ্যোগিক ক্ষেত্ৰৰ প্ৰয়োজনত ভাং খেতি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। ইয়াৰ পিছতে এই প্ৰস্তাৱ বিধানসভাত গৃহীত হয়।

এই সমিতিৰ নেতৃত্বত আছিল হিমাচলৰ ৰাজহ মন্ত্ৰী জগত সিং নেগী। তেওঁ ভাং খেতিৰ উপকাৰিতাৰ বিষয়ে বিতংভাৱে কয়। লগতে শাসক-বিৰোধী উভয় দলৰ বিধায়কসকলে সমৰ্থন প্ৰকাশ কৰিছে বুলিও তেওঁ কয়।

লগতে পঢ়কঃৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত হৰিণৰ মাংসৰ সৈতে ধৰা পৰিল “চোৰাংচিকাৰী”

মন্ত্ৰীগৰাকীৰ মতে, “হিমাচলৰ প্ৰতিখন জিলালৈ গৈ কমিটীৰ সদস্যসকলে মানুহৰ লগত কথা পাতিছে। ভাং কেনেকৈ চিকিৎসা আৰু উদ্যোগিকভাৱে ব্যৱহাৰ কৰিব পাৰি সেই বিষয়েও আলোচনা কৰা হৈছে। জম্মু-কাশ্মীৰ, উত্তৰাখণ্ড, মধ্যপ্ৰদেশৰ সফল আৰ্হিৰ বিষয়েও আলোচনা কৰা হয়। তাৰ পিছতহে আইনীভাৱে ভাং খেতিৰ  প্ৰস্তাৱ দিয়া হৈছিল।”

নেগীয়ে এই খেতিৰ বাবে বেছি পানীৰ প্ৰয়োজন নহয় বুলিও জনায়। তাৰ বাবে নতুনকৈ পানী অপচয় হোৱাৰ কোনো সম্ভাৱনা নাই। ক্ষয় ক্ষতিও কমি যায়।

লগতে পঢ়কঃ হাতৰ মুঠিতে কলেষ্টেৰল নিয়ন্ত্ৰণৰ চাবিকাঠি! জানি লওক কি খালে নিমিষতে হ্ৰাস পাব সমস্যা

উৎপাদিত ভাং চিকিৎসা আৰু উদ্যোগিক কামৰ বাহিৰে আন কোনো কামত ব্যৱহাৰ নকৰাৰ ওপৰতো চৰকাৰে তীক্ষ্ণ দৃষ্টি ৰাখিব। ভাং খেতিয়ে কোনো কাৰণতে ড্ৰাগছ আসক্তিক উৎসাহ নোযোগায় বুলিও স্পষ্ট কৰি দিয়ে ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে।