হিমন্ত বিশ্বক ৰাষ্ট্ৰীয় ৰাজনীতিলৈ বিজয়া চক্ৰৱৰ্তীয়ে বাট এৰি দিব নিজৰ ৰাজনৈতিক কেৰিয়াৰ বলিদানেৰে

২০১৯-ৰ লোকসভা নিৰ্বাচনত গুৱাহাটীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে মন্ত্ৰী হিমন্ত বিশ্বই

Himanata_Bijoya

নিজৰ ৰাজনৈতিক কেৰিয়াৰ বলিদানেৰে  হিমন্ত বিশ্বক ৰাষ্ট্ৰীয় ৰাজনীতিলৈ বাট এৰি দিবলৈ সাজু আছে বিজেপি নেত্ৰী বিজয়া চক্ৰৱৰ্তী। আজি এই ইংগিত দিলে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ সাংসদগৰাকীয়ে।

আগন্তুক লোকসভা নিৰ্বাচনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এই সম্ভাৱনাৰ কথা নিজেই ক’লে সমষ্টিটোৰ বৰ্তমানৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে। “গুৱাহাটী সমষ্টি হিমন্তই বিচাৰিছে বুলি কোৱা শুনিছো। যদি খেলে তেওঁ জিকিব।” সাংবাদিকৰ আগত বিজেপিৰ বয়োজ্যেষ্ঠা নেত্ৰীগৰাকীয়ে কয়।

তেওঁ আকৌ কয়, “হিমন্ত ডেকা মানুহ, খেলিলে বেয়া নহয়”। ইয়াৰ জৰিয়তে তেওঁ নিজৰ সমষ্টিটোত মন্ত্ৰী হিমন্তৰ আগমনক এক প্ৰকাৰৰ আদৰণি জনায়।

প্ৰয়োজনত সাংসদগৰাকীয়ে নিজে সমষ্টিটো এৰি দিব, সেই কথা ক’লে সাংবাদিকৰ আগত। “হিমন্তই যদি কয় বাইদেউ আপুনি এৰি দিয়ক, মই নিশ্চয় এৰি দিম”, এইদৰে কৈ পৰোক্ষে নিজৰ ৰাজনৈতিক কেৰিয়াৰ যৱনিকাৰো ইংগিত দিলে সাংসদগৰাকীয়ে।

উল্লেখযোগ্য যে অতি চতুৰ বুলি আখ্যায়িত আৰু ৰাজ্যৰ ৰাজনীতিত দপদপাই থকা মন্ত্ৰী হিমন্তই যদি আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে, তেন্তে নিশ্চয় জালুকবাৰী সমষ্টিটো অন্তৰ্ভুক্ত হৈ থকা গুৱাহাটীৰ পৰাই সেয়া কৰাৰ সম্ভাৱনা আছে।

সেয়াই যদি হয়, বিজেপিৰ প্ৰভাৱশালী নেতাজনৰ ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰৱেশৰ বাট এৰি দিবলৈ বাধ্য হ’ব চক্ৰৱৰ্তী। লগতে বৰ্ষীয়ান ৰাজনীতিকগৰাকীৰ এয়াই হ’ব পাৰে ৰাজনৈতিক কেৰিয়াৰ যৱনিকা।

অৱশ্যে হাজো সমষ্টিৰ পৰা যোৱা বিধানসভাত দলীয় টিকটত জিকাই আনিছে নিজৰ জীয়েকক সুমন হৰিপ্ৰিয়াক।