• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

আহিছে হিমন্ত…নিবনুৱাৰ বাবে পুনৰ টেঙা আমৰ মোনাখন লৈ!

২৬ লাখ নিবনুৱাৰ সংখ্যা নামি হ’ল ১ লাখ

দুলাল মিশ্ৰ by দুলাল মিশ্ৰ
March 25, 2021 9:03 pm
a himanta biswa12
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত পাঁচটা বছৰত বিজেপিয়ে অসমবাসীক দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহৰ গৰিষ্ঠসংখ্যক প্ৰতিশ্ৰুতিয়েই পূৰণ কৰা নাই।

বিশেষকৈ বান-গৰাখহনীয়াৰ সমস্যা, বিদেশীৰ সমস্যাকে ধৰি আন বহু গুৰুতৰ সমস্যা সমধানৰ ক্ষেত্ৰত ৰাজ্যত বিজেপি শাসিত চৰকাৰ খন পূৰা মাত্ৰাই ব্যৰ্থ হৈছে।

Apply Now

২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই ভোট লাভৰ অস্ত্ৰ হিচাবে বাচি লৈছিল ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলকপ্ৰায় প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভাতে সেয়ে হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰ গঠন হ’লেই ২৬ লাখ নিবনুৱাক কৰ্ম সংস্থাপন দিব বুলি ঘোষণা কৰিছিল।

কিন্তু পাঁচটাকৈ বছৰ বাগৰি যোৱাৰ পিছতো বিজেপিৰ চৰকাৰে ২৬ লাখতো বাদেই এক লাখ নিবনুৱাকো চাকৰি-বাকৰি অথবা কৰ্ম সংস্থাপনৰ আন কোনো দিহা কৰি দিবলৈ সক্ষম হ’ল নে নাই সেয়াও সন্দেহৰ বিষয়। বিজেপিয়ে ক’তো উল্লেখ কৰা নাই কিমান লাখ নিৱনুৱাক সংস্থাপিত কৰিলে তাৰ স্পষ্ট তথ্য।

অসমত বছৰ বাগৰাৰ লগে লগে শিক্ষিত নিবনুৱাৰ সংখ্যাও লক্ষ্যণীয় ভাবে বৃদ্ধি পাইছে।অসম বিধানসভাতে বিজেপি দলৰ পৰাই নিৰ্বাচিত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে দিয়া তথ্য অনুসৰিয়েই ২০১৬ চনৰ পৰা ২০১৯ চনৰ জুন মাহৰ ভিতৰত অসমত বৃদ্ধি পোৱা নিবনুৱাৰ সংখ্যা হৈছে ৭৩,০০৭ গৰাকী।

মন্ত্ৰী গৰাকীয়ে দিয়া তথ্য অনুসৰি ২০১৯ চনৰ জুন মাহ পৰ্যন্ত অসমত পঞ্জীয়নভূক্ত নিবনুৱাৰ সংখ্যা হৈছিল ১৭,১৫,৭৫৯ গৰাকী।আজিৰ তাৰিখত সেই সংখ্যা আৰু বৃদ্ধিহে পাইছে।

২০১৬ চনলৈকে অসমত পঞ্জীয়নভূক্ত নিৱনুৱাৰ সংখ্যা আছিল ১৬,৪২,৭৮১ গৰাকী।২৬ লাখ নিবনুৱাক সংস্থাপিত কৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ কাৰ্যকালতে ২০১৮ চনত অসমত নিবনুৱাৰ সংখ্যা হৈছিলগৈ ১৬,৯৯,৯৭৭ গৰাকী আৰু ২০১৯ চনৰ জুন পৰ্যন্ত এই সংখ্যা হৈছিল গৈ ১৭,১৫,৭৫৯ গৰাকী।

এনেবোৰ পৰিসংখ্যাই প্ৰমাণ কৰে যে ২০১৬ ৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই যি ২৬ লাখ নিবনুৱাক কৰ্মসংস্থাপন দিব বুলি প্ৰতিশ্ৰুতি দিছিল সেয়া তেওঁৰ ভুৱা আশ্বাসৰ বাদে আন একো নাছিল। এতিয়া আকৌ আহিছে নিৰ্বাচন। সেয়ে পুনৰবাৰ ৰাইজৰ কাষ চাপিবলগীয়া হৈছে বিজেপিৰ নেতাসকল। এইবাৰ হিমন্ত বিশ্বৰ মুখত অৱশ্যে যোৱা নিৰ্বাচনত দিয়া ২৬ লাখ নিৱনুৱাৰ কথাষাৰ নাই।

ব্যৰ্থতাক ঢাকিবলৈ এইবাৰ হিমন্তই ২৬ লাখৰ সলনি ১ লাখ নিবনুৱাক চাকৰি দিব বুলি প্ৰতিশ্ৰুতি দিছে। ১ লাখ নিবনুৱাক কেতিয়া চাকৰি দিব তাৰো সময় বান্ধি দিছে হিমন্ত বিশ্ব শৰ্মাই।

২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত অসমৰ ১ লাখ নিৱনুৱাক চৰকাৰে চাকৰি দিব বুলি হিমন্তই সময়সীমা বান্ধি দি নিবনুৱা যুৱক-যুৱতীসকলক পুনৰ সপোনৰ সাগৰত নিমজ্জিত কৰিছে।

হিমন্ত বিশ্বৰ দৰে নেতাসকলে এই কথা ভালদৰেই জানে যে চাকৰি নিদিলেও বা চাকৰিৰ নামত সাক্ষাৎকাৰ পাতি ভেঁকোভাওনা কৰিলেও অসমৰ নিবনুৱাই হিমন্ত বিশ্ব অথবা বিজেপিক দুনাই কোনো প্ৰশ্ন নকৰে।

যিদৰে যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত হিমন্তই ২৬ লাখ নিবনুৱাক সংস্থাপিত কৰিব বুলি দিয়া প্ৰতিশ্ৰুতি পালন নকৰা সত্বেও কোনো নিবনুৱাই আজিলৈকে বিজেপি অথবা হিমন্ত বিশ্ব শৰ্মাক এই বিষয়ত কোনো প্ৰশ্ন কৰা নাই।

সেয়ে নিবনুৱাৰ সপোন এইবাৰ হৈ পৰিছে বিজেপিৰ বাবে নিৰ্বাচন জিকাৰ অস্ত্ৰ।এইবাৰো আহিছে হিমন্ত…নিবনুৱাৰ বাবে পুনৰ টেঙা আমৰ মোনা খনলৈ বুলি ক’লেও হয়তো সেয়ে ভুল কোৱা নহ’ব।

দুলাল মিশ্ৰ

দুলাল মিশ্ৰ

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd