• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বাচনী প্ৰচাৰত শালীনতা হানিৰ অভিযোগ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ দ্বাৰস্থ সুজাতা গুৰুং চৌধুৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:18 am
115
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনী প্ৰচাৰত শালীনতাৰ সীমা অতিক্ৰম কৰি বিৰোধী প্ৰাৰ্থীৰ পৰিয়ালক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগত এতিয়া আইনী মেৰপেচত সোমাই পৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে মানহানিকাৰক মন্তব্য আৰু অনলাইনযোগে মানসিক হাৰাশাস্তি চলোৱাৰ অভিযোগ তুলি আজি ৰাষ্ট্ৰীয় মহিলা আয়োগৰ দ্বাৰস্থ হৈছে গুৱাহাটী কেন্দ্ৰীয় সমষ্টিৰ বিৰোধী প্ৰাৰ্থী কুনকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰী। ক্ষমতাৰ অপব্যৱহাৰ কৰি এগৰাকী মহিলাৰ মৰ্যাদা হানি কৰাৰ অভিযোগত তেওঁ দিল্লীস্থিত আয়োগৰ কাৰ্যালয়ত গোচৰ ৰুজু কৰে।

সুজাতা গুৰুং চৌধুৰীৰ অভিযোগ অনুসৰি, নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীয়ে তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে কোনো তথ্য-প্ৰমাণ নোহোৱাকৈয়ে অত্যন্ত আপত্তিজনক আৰু অপমানজনক মন্তব্য কৰিছিল। এই মন্তব্যসমূহ কেৱল ৰাজহুৱা সভাতেই সীমাবদ্ধ নাথাকি বিভিন্ন সামাজিক মাধ্যমতো বিয়পি পৰাৰ ফলত তেওঁ তীব্ৰ মানসিক নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি তেওঁ এজাহাৰত উল্লেখ কৰে। এগৰাকী উচ্চ পদত অধিষ্ঠিত ব্যক্তিয়ে নিৰ্বাচনী সুবিধাৰ বাবে এগৰাকী মহিলাৰ ব্যক্তিগত জীৱন আৰু সন্মানক লৈ এনেদৰে আক্ৰমণ কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলিও তেওঁ মন্তব্য কৰে।

Apply Now

দিল্লীস্থিত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ কাৰ্যালয়ত দাখিল কৰা এই অভিযোগত সুজাতা গুৰুং চৌধুৰীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। তেওঁ উল্লেখ কৰে যে নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকাৰ দোহাই দি কোনো ব্যক্তিয়েই আনৰ মৰ্যাদাহানি কৰিব নোৱাৰে। এই গোচৰত তেওঁ ন্যায় বিচাৰি আয়োগক সমগ্ৰ বিষয়টোৰ এক নিৰপেক্ষ তদন্ত কৰিবলৈ অনুৰোধ জনাইছে। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও কুনকি চৌধুৰী আৰু তেওঁৰ ছ’চিয়েল মিডিয়া কোষৰ বিৰুদ্ধে হোৱা আৰক্ষীৰ কাৰ্যৱাক লৈ সচেতন সমাজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

বৰ্তমান সমগ্ৰ বিষয়টো ৰাষ্ট্ৰীয় মহিলা আয়োগৰ বিবেচনাধীন হৈ আছে। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত এই গুৰুতৰ অভিযোগে ৰাজনৈতিক মহলত এক নতুন তৰ্কৰ সূচনা কৰিছে। এই অভিযোগৰ ভিত্তিত আয়োগে পৰৱৰ্তী সময়ত ড° হিমন্ত বিশ্ব শৰ্মালৈ জাননী জাৰি কৰে নে নকৰে, সেয়া হ’ব লক্ষণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

July 15, 2026 6:14 pm
২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd