• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ মুখ খুলিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই; ৩০ নৱেম্বৰৰ ভিতৰত হ’ব নিযুক্তি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 29, 2020 6:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এছ আইৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ অতদিনে নিশ্চুপ হৈ থকা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অৱশেষত মুখ খুলিলে।

হিমন্ত বিশ্ব শৰ্মাই এছ আইৰ পৰীক্ষা সন্দৰ্ভত মুখ খুলিলে যদিও পলাতক ‘দিবন ডেকা’ৰ দৰে ‘দালাল’ বোৰক চিনি নাপায় বুলি মত প্ৰকাশ কৰে।

সাংবাদিকে দিবন ডেকাৰ বিজেপিৰে সম্পৰ্কক লৈ প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে কয়, ‘দালাল বিলাক আমাৰ পাৰ্টীৰ মানুহ নহয়। দিবন ডেকাই ২০১১ চনতে নিৰ্বাচন খেলিছিল। ১১ ৰ কথা কোনে মনত ৰাখিছে। এই কথাবিলাকৰ পাৰ্টীৰ লগত কোনোধৰণৰ সম্পৰ্ক নাই। মই বিজেপিত ইমান দিন আছো কেতিয়াও তেনেকুৱা ব্যক্তিক দেখা নাই। মই ৬ বছৰত বিজেপি অফিচত তেনেকুৱা ব্যক্তি দেখা নাই। আপোনালোক সংবাদমাধ্যমৰ মানুহে জানো তেওঁক দেখিছে?‘

অৱশ্যে প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাটোৰ নৈতিক দায়িত্ব মূৰ পাতি লয় মন্ত্ৰীগৰাকীয়ে।

‘প্ৰশ্ন কাকত ফাদিল হৈছে তাৰ এটা নৈতিক দায়িত্ব মূৰ পাতি ল’বই লাগিব।‘ এইদৰে কৈ মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰি কয় ‘১৫ নবেম্বৰৰ ভিতৰত এছ আইৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। ইমান সুন্দৰকৈ পৰীক্ষা অনুষ্ঠিত হ’ব যে সৰু বস্তু এটাও সোমাব নোৱাৰিব।‘

ইপিনে, ‘বিৰোধীয়ে অভিযোগ উত্থাপন কৰাটো সহজ’ বুলি কংগ্ৰেছক কটাক্ষ কৰি তেওঁ লগতে কয় ‘কিন্তু ২০ বছৰীয়া ৰাজনীতিত টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ আগলৈকে বিৰোধীয়ে অনুষ্ঠিত কৰা প্ৰত্যেক নিযুক্তিতে কেলেংকাৰী আছিল।‘

বিজেপিৰ শাসনৰ কালছোৱাত পঞ্চায়ত, এ পি ডি চি এল, বন বিভাগৰ পৰীক্ষাত বহু বিসংগতিয়ে দেখা দিয়াৰ পাছত শেহতীয়াকৈ দেখা দিলে এছ আই পৰীক্ষাৰ বিয়াগোম কেলেংকাৰীয়ে। তাৰ পাছতো মন্ত্ৰীৰ দাবী ‘প্ৰায় সকলো নিযুক্তিয়েই নিকা কৰিলে বিজেপি চৰকাৰে’।

মন্ত্ৰীগৰাকীয়ে কয় ‘আমি শিক্ষকৰ পৰীক্ষা নিকা কৰিলো লোকসেৱা আয়োগৰ পৰীক্ষা নিকা কৰিলো। য’তে অসুবিধা দেখা পাইছো সেয়া প্ৰত্যাহ্বান হিচাপে লৈছো আৰু পৰৱৰ্তী কালত তাক নিকা তথা সংস্কাৰ কৰিছো। এছ আইৰ পৰীক্ষাৰ বেমেজালি আমাৰ বাবে প্ৰত্যাহ্বান। দোষীয়ে শাস্তি নিশ্চয়কৈ পাব। ভৱিষ্যতে সকলো নিযুক্তিতে সংস্কাৰ হ’ব।‘

মন্ত্ৰীগৰাকীয়ে লগতে দাবী কৰি কয় ‘অসমত নিযুক্তি খেলি-মেলি আছিল। য’ত য’ত পোহৰলৈ আহিছে তাত কেৱল দোষীকে শাস্তি বিহি এৰি দিয়া নাই, একেবাৰে নিকাও কৰি পেলাইছে।আৰক্ষীৰ নিযুক্তিও সুস্থ, সৰ্বাঙ্গ সুন্দৰ আৰু মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে অনুষ্ঠিত হয় তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব।‘

তাৎপয্যপূৰ্ণভাৱে, বক্ৰ পথৰে চাকৰি লোৱা সকলোৱে চাকৰি হেৰুৱাব বুলি তেওঁ ঘোষণা কৰে।

তেওঁ কয় ‘প্ৰয়োজন সাপেক্ষে চাকৰি কৰি থকা মানুহৰো চাকৰি যাব। যদি বক্ৰ পথৰে চাকৰি লৈছে তেনে নিযুক্তি পোৱাসকলৰো চাকৰি যাব।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ডাঙৰৰ মুখৰ ওপৰতে কথা কৈছে শিশুৱে! চাওক অভিভাৱকৰ বাবে চম্ভালাৰ ৫টা ফলপ্ৰসূ উপায়

ডাঙৰৰ মুখৰ ওপৰতে কথা কৈছে শিশুৱে! চাওক অভিভাৱকৰ বাবে চম্ভালাৰ ৫টা ফলপ্ৰসূ উপায়

August 18, 2025 7:34 am
তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

August 17, 2025 11:43 pm
ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

August 17, 2025 9:46 pm
কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

August 17, 2025 9:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাঙৰৰ মুখৰ ওপৰতে কথা কৈছে শিশুৱে! চাওক অভিভাৱকৰ বাবে চম্ভালাৰ ৫টা ফলপ্ৰসূ উপায়

ডাঙৰৰ মুখৰ ওপৰতে কথা কৈছে শিশুৱে! চাওক অভিভাৱকৰ বাবে চম্ভালাৰ ৫টা ফলপ্ৰসূ উপায়

August 18, 2025 7:34 am
তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

August 17, 2025 11:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd