NORTHEAST NOW (Assamese)

গংগাত গা ধুলেও অজিত কুমাৰ ভূঞা পৱিত্ৰ নহয় : হিমন্ত বিশ্ব শৰ্মা

March 13, 2020 3:06 pm · দীপজ্যোতি শৰ্মা
হিমন্ত বিশ্ব শৰ্মা, বদৰুদ্দিন আজমল আৰু অজিত কুমাৰ ভূঞা

ৰাজ্যসভাৰ বাবে কংগ্ৰেছ আৰু এআইয়ুডিএফৰ সন্মিলিত প্ৰাৰ্থী হিচাপে জেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই আজি মনোনয়ন দাখিল কৰাৰ পাছতে ভূঞাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

অজিত কুমাৰ ভূঞাক তীব্ৰ সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাই ভূঞাই গংগাৰ পানীৰে গা ধুলেও পৱিত্ৰ নহয় বুলি কয়।

উল্লেখযোগ্য যে, বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰা অজিত কুমাৰ ভূঞাক সংগ দিয়ে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু এআইয়ুডিএফ প্ৰধান তথা ধুবুৰী সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলৰ লগতে কংগ্ৰেছ আৰু এআইয়ুডিএফৰ নেতা সকলে।

‘‘অজিত কুমাৰ ভূঞা একো ‘কা’ বিৰোধী প্ৰাৰ্থী নহয়। তেওঁ এআইয়ুডিএফৰ প্ৰাৰ্থী হৈ অসমীয়া মানুহক বাংলাদেশীৰ ভৰিৰ তললৈ নিলে। ভূঞাই অসমৰ বৌদ্ধিক সমাজক কলুষিত কৰিলে। আজমলৰ ভৰিত পৰি ৰাজ্যসভাৰ টিকত লৈছে অজিক কুমাৰ ভূঞাই,’’ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়।

আনহাতে, ৰাজ্যসভাৰ তৃতীয়খন আসনৰ প্ৰাৰ্থীক বিজেপি, অগপ আৰু বিপিএফে সমৰ্থন নকৰে বুলিও স্পষ্ট কৰি দিয়ে মন্ত্ৰী শৰ্মাই।

‘‘মোৰ অজিত কুমাৰ ভূঞালৈ সহানুভূতি জগাৰ লগতে দুখো লাখিছে। ৰাজ্যসভাৰ বাবে যদি ইমান নাটক কৰিবলগীয়া আছিল তেওঁ এআইয়ুডিএফত আগতেই যোগদান কৰিব লাগিছিল,’’ তীব্ৰ সমালোচনা কৰি হিমন্তৰ মন্তব্য।

Related News