NORTHEAST NOW (Assamese)

লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মাক যদি শান্তি দিব বিচাৰে মুখ্য মন্ত্ৰীয়ে “কেব”ৰ বিৰোধিতা কৰক : তৰুণ গগৈ

October 15, 2019 4:24 pm · কল্পজ্যোতি শইকীয়া
Updated: October 15, 2019 4:28 pm
সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ১৫ অক্টোবৰত।

“অসমৰ জাতীয় জীৱনত মহাসংকট আহিছে আৰু তৎসত্ত্বেও বিজেপি চৰকাৰ নিদ্ৰাত আছে। আজিৰ এই পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰ সম্পূৰ্ণ দায়ী”, সংবাদমেল দি এই অভিযোগ কৰিলে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

প্ৰাক্তন মুখ্য মন্ত্ৰীজনে ১৫ অক্টোবৰত মিনিষ্টাৰ কলনিস্থিত চৰকাৰী আৱাসত সংবাদমেল সম্বোধন কৰে।

তেওঁ জাতি মাটিৰ কথা কোৱা চৰকাৰখনে ক্ষমতা পাই সকলো বিসৰ্জন দিছে বুলি অভিযোগ কৰি কয় যে সোণোৱাল, হিমন্ত আৰু চন্দ্রমোহন পাটোৱাৰীয়ে অসম ধ্বংসযজ্ঞৰ পূজাৰীৰ ভূমিকা লৈছে। তেওঁলোকৰ সেই যজ্ঞত অগপৰ সভাপতি অতুল বৰা আৰু কেশৱ মহন্তই ঘিউ ঢালিছে।

চৰকাৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিনক গুৰুত্বহীন ধৰণে পাতিলে বুলি অভিযোগ কৰি গগৈয়ে কয়, “বেজবৰুৱাৰ জন্মদিন যেনেদৰে আয়োজন কৰিব লাগিছিল তেনেদৰে একোৱেই নকৰিলে ৰাজ্য চৰকাৰখনে”।

“সোণোৱালে কৈছিল “লক্ষ্মীনাথ বেজবৰুৱাৰ অসমীয়াৰ প্ৰতি প্ৰাসংগিকতা বেছি” কিন্তু সেয়া হ’বলৈ হ’লে মুখ্য মন্ত্ৰীয়ে “কেব” বিৰোধিতা কৰিব লাগিব। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মাক যদি শান্তি দিব বিচাৰে তেনেহ’লে মুখ্য মন্ত্ৰীয়ে “কেব”ৰ বিৰোধিতা কৰক। অসমৰ স্বাৰ্থত যদি মুখ্য মন্ত্ৰীয়ে মাত নামাতে তেনেহ’লে কেন্দ্ৰীয় চৰকাৰ বা অমিত শ্বাহক দোষ দি লাভ নাই” গগৈৰ মন্তব্য। তেওঁ মুখ্য মন্ত্ৰী, হিমন্ত আৰু অতুল বৰা এতিয়া নিমাতী কইনা বুলি কটাক্ষ কৰে।

অগপৰ প্ৰতি প্ৰাক্তন মুখ্য মন্ত্ৰীজনৰ প্ৰশ্ন, “কালিৰ প্ৰতিষ্ঠা দিৱসত কিয় “কেব”ৰ বিৰুদ্ধে মাত নামাতিলে? তেওঁলোক নামতহে আঞ্চলিকতাবাদী দল হৈ আছে। নুমলীগড় তেল শোধনাগাৰক লৈ অগপ নিমাত, বিমান বন্দৰক লৈও তেওঁলোক নিমাত”।

ইপিনে মুখ্য মন্ত্ৰীয়ে নুমলীগড় শোধনাগাৰৰ ব্যক্তিগতকৰণ হোৱাৰ কথা নাজানো বুলি কোৱা প্ৰসংগত গগৈয়ে কয়, “কিন্তু কালি তেওঁ চিঠি দিছে কেন্দ্ৰীয় চৰকাৰক। তেওঁ অসমৰ মানুহক আভুৱা ভাঁৰিছে। অসমীয়া ভাষা-কলা-সংস্কৃতিলৈ মহা সংকট আহিছে। তেওঁলোকে সকলো ব্যক্তিগতকৰণ কৰিব বিচাৰিছে”।

গগৈয়ে লগতে কয়, বিমুদ্ৰাকৰণ আৰু জি এছ টিয়ে ভাৰতৰ অৰ্থনীতি বিপদাপন্ন কৰিছে এই কথা নোবেল বঁটা বিজয়ী অভিজিত বেনাৰ্জীয়েও কৈছে। কেন্দ্ৰ চৰকাৰৰ ভঁৰালত সকলো ফালৰ পৰাই অভাৱে দেখা দিছে।

ৰাজ্য চৰকাৰৰ শিক্ষা নীতিক সমালোচনা কৰি গগৈৰ মন্তব্য, “বিদ্যালয়, কলেজবোৰত শিক্ষকৰ পদ খালী আছে, কিন্তু বিজেপি চৰকাৰে গুণোৎসৱ পতাতহে গুৰুত্ব দিছে”।

পুৰণি সতীৰ্থ হিমন্তৰ প্ৰসংগ টানি আনি গগৈয়ে সোণোৱালক কটাক্ষ কৰি কয়, “আমি ভ্ৰষ্টাচাৰৰ সদাগৰ আছিলোঁ বুলি সোণোৱালে আমাক গালি পাৰি আছে। কিন্তু আমাৰ পৰা সদাগৰ হিমন্ত আৰু গৌতম ৰয় দুয়োজনকে বিজেপিয়ে লৈ গ’ল।”

উপ-নিৰ্বাচনত বিজেপিৰ ধন ব্যয়ক লৈ গগৈৰ প্ৰশ্ন, “২খন হেলিকপ্টাৰ লৈ তেওঁলোকে ঘূৰি ফুৰি উপ-নিৰ্বাচনৰ প্ৰচাৰ চলাই আছে। হেলিকপ্টাৰ উৰুওৱা সেই ধন ক’লা নে বগা ধন”?

হিমন্তকো তীব্ৰ কটাক্ষ কৰে গগৈয়ে, “হিমন্ত এটা পেইড গায়ক। হিমন্তই এফালে এটা কেছে’ট বজায়, সিফালে আন এটা কেছে’ট বজায়। সংখ্যালঘু অসমত বেছি নে গুজৰাটত বেছি সেয়া হিমন্তক সোধক। হিমন্তই কংগ্ৰেছত থাকোতে গুজৰাটৰ নলাৰে মুছলমানৰ তেজ বয় বুলি কৈছিল।”

তেজপুৰ ডিটেনশ্যন কেম্পত বন্দী হৈ থকা অৱস্থাত মৃত্যু হোৱা হিন্দু বাঙালী দুলাল পালৰ মৃত্যুৰ বাবে বিজেপি চৰকাৰখনক দোষাৰোপ কৰে গগৈয়ে।

“দুলাল পলৰ মৃত্যুৰ বাবে কোন দায়ী? তেওঁ ভাৰতীয় নাগৰিক। ভাৰতীয় নাগৰিকসকলক এন আৰ চিৰ পৰা বাদ পেলাই ভবিষ্যৎ কোনে অন্ধকাৰ কৰিছে? তেওঁলোকক কোনে ডিটেনশ্যন কেম্পলৈ পঠাইছে?” গগৈৰ প্ৰশ্ন।

তেওঁ ৰাজ্যৰ বিজেপি চৰকাৰখনক লৈ আশাবাদী নহয় বুলি জানিবলৈ দি কয়, “তেওঁলোকে অমিত শ্বাহ আৰু মোডীৰ আগত সঁচা কথা ক’বলৈ ভয় কৰে। তেওঁলোকে সকলোকে ঠগিলে।”

Related News