• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হিমন্তৰ প্ৰাক-নিৰ্বাচনী চমক! অসমত ১০০০% লৈ বৃদ্ধি পালে মাটিৰ খাজনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2026 11:25 am
70
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বৰ্তমানৰ বিত্তীয় পৰিস্থিতি অতিশয় উদ্বেগজনক হৈ পৰিছে। ইয়াৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰে সাধাৰণ জনতাৰ ওপৰত মাটিৰ খাজনাৰ নামত এক বৃহৎ বোজা জাপি দিছে। তথ্য অনুসৰি বৰ্তমান ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণ ২ লাখ কোটি টকা অতিক্ৰম কৰিছে যাৰ ফলত প্ৰতিজন নাগৰিকৰ মূৰত ঋণৰ বোজা বৃদ্ধি পাইছে। বিশেষকৈ বিজেপি চৰকাৰৰ যোৱা দহ বছৰীয়া শাসনকালত প্ৰায় ১.৬৫ লাখ কোটি টকা ঋণ লৈছে। বৰ্তমানৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে এই ঋণৰ পৰিমাণ প্ৰায় ৯০ হাজাৰ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে। চৰকাৰে বিভিন্ন জনকল্যাণমূলক আঁচনি আৰু হিতাধিকাৰী সৃষ্টিৰ নামত প্ৰতিমাহে প্ৰায় ৩০০০ কোটি টকাকৈ ঋণ লৈ থকাৰ ফলত ৰাজ্যৰ অৰ্থনীতি কঙাল হৈ পৰা বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।

এই ভয়াৱহ আৰ্থিক নাটনিৰ জোৰা মাৰিবলৈ চৰকাৰে এতিয়া সাধাৰণ জনতাক লক্ষ্য কৰি লৈছে আৰু ইয়াৰ শেহতীয়া উদাহৰণ হৈছে মাটিৰ খাজনাৰ অস্বাভাৱিক বৃদ্ধি। মাত্ৰ এবছৰৰ ভিতৰতে মাটিৰ খাজনা ১০ৰ পৰা ১২ গুণ বা ততোধিক বৃদ্ধি পাইছে। শতাংশৰ হিচাপত চাবলৈ গ’লে এই বৃদ্ধি ১০০০ শতাংশ পৰ্যন্ত হৈছে। কেৱল খাজনাই নহয় ইয়াৰ লগতে স্থানীয় কৰ আৰু আন কিছুমান অজ্ঞাত শিতানত অতিৰিক্ত ধন সংগ্ৰহ কৰা হৈছে যাৰ বিষয়ে সাধাৰণ ৰাইজৰ ওচৰত কোনো স্পষ্ট তথ্য নাই। পূৰ্বতে যিজন লোকে মাত্ৰ কেইটামান টকা খাজনা দিছিল তেওঁ এতিয়া ই-খাজনাৰ জৰিয়তে শ শ টকা পৰিশোধ কৰিবলগীয়া হৈছে। গাঁও আৰু চহৰ উভয় অঞ্চলতে এই বৃদ্ধিৰ প্ৰভাৱ পৰিছে যদিও কৃষক আৰু মধ্যবিত্ত শ্ৰেণীটোৱে আটাইতকৈ বেছি মাধমাৰ খাইছে।

Apply Now

দৈনিক অসমীয়া বাতৰি কাকত অসমীয়া প্ৰতিদিনৰ প্ৰকাশ পোৱা বাতৰি অনুসৰি, উদাহৰণস্বৰূপে যদি কোনো এজন লোকে পূৰ্বে একঠা মাটিৰ বাবে যদি মাত্ৰ ১৭.৫০ টকা খাজনা আৰু স্থানীয় কৰ দিছিল এতিয়া তেওঁ একেই মাটিৰ বাবে ১১১ টকাৰো অধিক ধন ভৰিবলগীয়া হৈছে। চহৰ অঞ্চলৰ ক্ষেত্ৰতো একেই পৰিস্থিতি পৰিলক্ষিত হৈছে য’ত মাত্ৰ কেইটামান টকাৰ খাজনা এতিয়া দহ গুণতকৈও অধিক বৃদ্ধি পাইছে। ইয়াৰ ফলত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ’ল যে এই বর্ধিত খাজনাৰ নিৰিখৰ সন্দৰ্ভত চৰকাৰে কোনো আনুষ্ঠানিক তালিকা বা তথ্য ৰাজহুৱা কৰা নাই। পূৰ্বতে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটিৰ শ্ৰেণী অনুসৰি খাজনাৰ তালিকা উপলব্ধ আছিল যদিও এতিয়া অনলাইন সেৱা সেতুৰ ই-খাজনা চফ্টৱেৰৰ জৰিয়তে যিমান ধন নিৰ্ধাৰণ কৰা হয় তাকেই দিবলৈ জনতা বাধ্য হৈছে। ইয়াৰ বিৰুদ্ধে কোনো প্ৰশ্ন কৰাৰ অৱকাশো ৰখা হোৱা নাই। মিছন বসুন্ধৰাৰ নামত চৰকাৰে প্ৰথমে কেৱল উদ্যোগিক ভূমিৰ খাজনা বৃদ্ধিৰ কথা কৈছিল যদিও এতিয়া গাঁও আৰু চহৰৰ বাসগৃহৰ ভূমিও ইয়াৰ আওতালৈ আহিল। কোনো ধৰণৰ ৰাজহুৱা শুনানি বা মতামত গ্ৰহণ নকৰাকৈ চৰকাৰে লোৱা এই সিদ্ধান্তই এতিয়া সাধাৰণ জনতাক বিমোৰত পেলাইছে।

চৰকাৰী বিভাগে কোনোবা লোকৰ খাজনা অতিৰিক্তভাৱে বেছি হ’লে সেয়া কাৰ্যালয়ত মীমাংসা কৰিব পৰা যাব বুলি আশ্বাস দিছে যদিও ইয়াৰ কোনো নিৰ্দিষ্ট চৰ্ত বা স্পষ্ট নিৰ্দেশনা নাই। ইয়াৰ ফলত জনসাধাৰণৰ মাজত অধিক বিভ্ৰান্তিৰ সৃষ্টি হৈছে। যি সময়ত ৰাজ্যখন আৰ্থিকভাৱে স্বাৱলম্বী হ’ব লাগিছিল সেই সময়ত ঋণৰ ওপৰত নিৰ্ভৰ কৰি চলোৱা হিতাধিকাৰীমুখী ৰাজনীতিয়ে সাধাৰণ মানুহৰ জেপত কোবাইছে। ৰাজ্য চৰকাৰে এই গুৰুত্বপূৰ্ণ বিষয়টোত স্বচ্ছতা অৱলম্বন নকৰিলে আৰু খাজনাৰ হাৰ পুনৰ বিবেচনা নকৰিলে আগন্তুক দিনত জনসাধাৰণৰ ক্ষোভ অধিক বৃদ্ধি পোৱাটো নিশ্চিত। চৰকাৰে দৰিদ্ৰ ৰাইজক শোষণ কৰি পুঁজিপতিৰ স্বাৰ্থ ৰক্ষা কৰা নীতি পৰিহাৰ কৰি জনহিতকৰ কামত মনোনিবেশ কৰাটোৱেই এতিয়া সময়ৰ দাবী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm
বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

July 22, 2026 11:30 am
বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

July 22, 2026 10:35 am
২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

July 22, 2026 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm
বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

July 22, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd