আইআইটিত অধ্যয়নৰত অসমীয়া ছাত্ৰৰ মৃত্যুৰ চিবিআইৰ তদন্ত বিচাৰি মমতা বেনাৰ্জীলৈ পত্ৰ হিমন্ত বিশ্বৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আইআইটি খড়গপুৰৰ ছাত্ৰ ফৈজান আহমেদৰ মৃত্যুৰ আঁৰৰ ৰহস্য উন্মোচন কৰিবলৈ চিবিআইৰ তদন্তৰ দাবী জনাইছে। মঙলবাৰে তেওঁ এই দাবী উত্থাপন কৰি বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। ফৈজানৰ পৰিয়ালে দাবী কৰা মতে, পশ্চিম বংগ আৰক্ষীয়ে এই মৃত্যুৰ ৰহস্য উন্মোচন কৰিবলৈ বিশেষ তদন্তকাৰী দল গঠন কৰিছিল যদিও তদন্তৰ কোনো অগ্ৰগতি হোৱা নাই।

শিক্ষানুষ্ঠানখনৰ হোষ্টেলৰ পৰা আইআইটি খড়গপুৰৰ ছাত্ৰ ফৈজানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। ২০২২ চনৰ ২৪ অক্টোবৰত মৃতদেহটো উদ্ধাৰ কৰাৰ পাছত মেদিনীপুৰ আৰক্ষীয়ে ছাত্ৰজনে আত্মহত্যা কৰা বুলি দাবী কৰে।

গুৱাহাটী নিবাসী ছাত্ৰজনৰ পিতৃ আৰু মাতৃয়ে কলিকতা উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰি পুত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে। আদালতৰ নিৰ্দেশত দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ অন্তত ফৈজানৰ ডিঙিৰ সোঁফালে গুলীৰ ঘাঁ হোৱা বুলি ধৰা পৰে। তদুপৰি ডিঙিৰ বাওঁফালে চুৰীৰ আঘাত পোৱা গৈছে, যিটো আৰক্ষীয়ে চলোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত নাছিল। ন্যায়াধীশসকলে নতুনকৈ তদন্তৰ নিৰ্দেশ দিয়ে। কিন্তু ফৈজানৰ মৃত্যুৰ ৰহস্য সমাধান নহ’ল। আৰক্ষীৰ লগতে আইআইটি কৰ্তৃপক্ষয়ো ছাত্ৰজনে আত্মহত্যা কৰা বুলি দাবী কৰে। মৰণোত্তৰ পৰীক্ষাৰ পূৰ্বে আত্মহত্যাৰ কথা কোৱাৰ বাবে আৰক্ষী আৰু আইআইটি কৰ্তৃপক্ষক তীব্ৰ সমালোচনা কৰে আদালতে।

কিন্তু আদালতৰ হস্তক্ষেপ সত্ত্বেও তদন্ত আগবাঢ়িব নোৱাৰিলে। অসমৰ মুখ্যমন্ত্ৰীয়ে মমতা বেনাৰ্জীলৈ পত্ৰ প্ৰেৰণ কৰি তদন্ত চিবিআইক দিবলৈ অনুৰোধ জনাইছে। চিঠিখনত মুখ্যমন্ত্ৰী শৰ্মাই দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰিছে।

চিবিআইৰ তদন্তৰ দাবী বংগৰ মুখ্যমন্ত্ৰীয়ে মানি ল’ব বুলি আশা প্ৰকাশ কৰিছে ফৈজানৰ মাতৃ ৰছিদ আহমেদে। মঙলবাৰে তেওঁ কয় যে মোৰ পুত্ৰক কোনে হত্যা কৰিলে সেয়া ৰাজহুৱা কৰাটো অতিকৈ প্ৰয়োজন।