নগাওঁ লোকসভা সমষ্টিত হিন্দু বাঙালীক টিকট দিবলৈ দাবী

'হিন্দু বাংলাদেশী'ৰে জাতি ৰক্ষা কৰিব খোজা ৰাজেন গোহাঁয়ে নিজৰ সমষ্টি ৰক্ষা কৰিব পাৰিবনে হিন্দু বাঙালীৰ হাতৰ পৰা?

Bengali Organisations

হিন্দু বাঙালীক টিকট প্ৰদানৰ দাবী জনাই গুৱাহাটী প্ৰেছ ক্লাবত যৌথ সংবাদমেল কেইবাটাও হিন্দু বাঙালী সংগঠনৰ।

দীৰ্ঘদিনৰ পৰা হিন্দু বাংলাদেশীৰ কাষত ঠিয় দি অহা ৰে’ল ৰাজ্যিক মন্ত্ৰী তথা ৪বাৰকৈ নগাওঁ সংসদীয় সমষ্টিটোৰ পৰা সাংসদ হোৱা ৰাজেন গোহাঁইৰ সমষ্টিটোত এজন বাঙালীক আগন্তুক লোকসভা নিৰ্বাচনত টিকট দিবলৈ বিজেপিক দাবী জনালে কেইবাটাও হিন্দু বাঙালী সংগঠনে।

অসমীয়া ‘জাতি ৰক্ষা’ৰ বাবে অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়া দৰকাৰ বুলি সংবাদ মাধ্যমত মুকলিকৈ মন্তব্য কৰি অহা সাংসদজনৰ সমষ্টি হিন্দু বাঙালীয়ে দাবী কৰাটোৱে ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে।

নগাওঁ সমষ্টিটো সাংসদজনৰ ৰাজনৈতিক কেৰিয়াৰৰ মূল ভেটি আৰু তাৰ পৰাই তেওঁ ৪বাৰকৈ সাংসদ নিৰ্বাচিত হৈছে। সমষ্টিটো হিন্দু বাঙালী প্ৰাৰ্থীৰ বাবে এৰি দিব লগীয়া হ’লে গোহাঁইৰ ৰাজনৈতিক কেৰিয়াৰৰ যৱনিকা পৰিব যে সেয়া প্ৰায় নিশ্চিত।

মন কৰিব লগীয়া যে সাধাৰণতে অসমত হিন্দু বাঙালীসকল বিজেপিৰ স্থায়ী ভোটবেংক হিচাপে পৰিগণিত হৈ আহিছে। কিন্তু এইবাৰ লোকসভা নিৰ্বাচনৰ দিন ওচৰ চপাৰ লগে লগে হিন্দু বাঙালীৰ সংগঠনবোৰে চাপ বৃদ্ধি কৰিছে দলটোৰ ওপৰত।

আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন যৌথ সংবাদমেল দি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যন, বৃহত্তৰ অসম বাঙালী উন্নয়ন সমিতি, স্বামী বিবেকানন্দ যুৱ সমিতি আৰু চহিদ কনকলতা মহিল উন্নয়ন সমিতিয়ে  ব্ৰহ্মপুত্ৰ উপত্যকাৰ এটা সমষ্টিত হিন্দু বাঙালীক প্ৰাৰ্থিত্ব দিব লাগে বুলি বিজেপিৰ নেতৃত্বক দাবী জনায়।

“আমি ব্ৰহ্মপুত্ৰ উপত্যকাত বিভিন্ন দলৰ ভোটবেংক হিচাপে ব্যৱহৃত হৈ আহিছো। কিন্তু আমি এতিয়া ৰাজনৈতিকভাৱে নিঃশেষ হোৱাৰ উপক্ৰম হৈছো। সেয়ে এইবাৰৰ লোকসভা নিৰ্বাচনত হিন্দু বাঙালীৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত এজন হিন্দু বাঙালীক প্ৰাৰ্থিত্ব দিয়াটো বিচাৰিছো”, সংবাদমেলত বৃহত্তৰ অসম বাঙালী উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক সুৰেশ সৰকাৰৰ ভাষ্য।

সংগঠনকেইটাই বিগত দিনবোৰত বিজেপিৰ হৈ কাম কৰি অহা বুলি স্পষ্টকৈ কয় আৰু তাৰ বিনিময়ত দলটোক এই দাবী জনায়। আনকি সংগঠনকেইটাই ইতিমধ্যেই দলৰ ৰাষ্টীয় সভাপতি অমিত শ্বাহ, সাধাৰণ সম্পাদক ৰাম মাধৱৰ উপৰি ৰাজ্যিক বিজেপিৰ ওচৰতো দাবী উত্থাপন কৰিছে বুলিও জানিবলৈ দিয়ে।

সংবাদমেলত সংগঠনকেইটাই তেওঁলোকৰ পচন্দৰ লোকসভা সমষ্টি হিচাপে নগাঁৱক বাছি দি কয়, “সমষ্টিটোত ৩৫ শতাংশ হিন্দু বাঙালী ভোটাৰ আছে। গতিকে নগাঁৱত এইবাৰ বিজেপিয়ে হিন্দু বাঙালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লাগে”। সংগঠনকেইটাই হিন্দু বাঙালী নেতা হিচাপে স্বপন কুমাৰ মণ্ডলক বিজেপিয়ে প্ৰাৰ্থিত্ব দিব পাৰে বুলি প্ৰাৰ্থীৰ নামো প্ৰস্তাৱ কৰে।

সুৰেশ সৰকাৰে লগতে কয় যে সুদীৰ্ঘ দিন ধৰি অসম ব্ৰহ্মপুত্ৰ উপত্যকাত থকা বাংলাভাষীসকলে অসমীয়া মাধ্যমত পঢ়াৰ লগতে থলুৱা কলা-সংস্কৃতি গ্ৰহণ কৰি অসমীয়া বুলি গৌৰৱান্বিত যদিও তেওঁলোক বিদেশীৰ নামত, ডি ভোটাৰ, এন আৰ চিৰ নামত নামত হাৰাশাস্তিৰ সন্মুখীন হৈ থাকিব লগীয়া হৈছে।

যোৱা ২০ বছৰ ধৰি ৰাজেন গোহাঁই সমষ্টিটোৰ সাংসদ হৈ আছে যদিও হিন্দু বাঙালীৰ সমস্যাসমূহ সমাধানত গুৰুত্ব নিদিয়ে বুলি অভিযোগ আনে সংগঠনকেইটাই।

উল্লেখযোগ্য যে অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিলেহে অসমীয়া জাতি বাচিব বুলি মন্তব্য কৰি অহা সাংসদজনৰ নিজৰ সমষ্টি হিন্দু বাঙালীয়ে দাবী কৰাৰ প্ৰতিক্ৰিয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। বৰ্তমানৰ বিজেপি সাংসদজন আগন্তুক লোকসভা নিৰ্বাচনত সমষ্টিটোত টিকটৰ অন্যতম দাবীদাৰ বুলি চৰ্চা হৈছে।

আজিৰ সংবাদমেলখনত স্বামী বিবেকানন্দ যুৱ সমিতিৰ সভাপতি অৰূপ কুমাৰ ঘোষ, বৃহত্তৰ অসম বাঙালী উন্নয়ন সমিতিৰ সম্পাদক বাপ্পা দত্ত, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যনৰ সাধাৰণ সম্পাদক অজয় সৰকাৰ আৰু চহিদ কনকলতা মহিলা উন্নয়ন সমিতিৰ সভানেত্ৰী গৌৰী বৰ্ধন আৰু সাধাৰণ সম্পাদিকা অঞ্জলী বৰুৱাও উপস্থিত থাকে।