NORTHEAST NOW (Assamese)

পাকিস্তানৰ কৰাছীত এটা হিন্দু পৰিয়ালৰ খাদ্যৰ বিপনী! নেটিজেনে বৰষিলে মৰম

May 11, 2024 7:55 pm · এন ই নাও নিউজ, গুৱাহাটী

এজন পাকিস্তানী ব্লগাৰে কৰাছীৰ এটা হিন্দু পৰিয়ালে পৰিচালিত খাদ্যৰ ষ্টললৈ যোৱাৰ পাছত তেওঁৰ অভিজ্ঞতা শ্বেয়াৰ কৰে। “কবিতা দিদি কা ইণ্ডিয়ান খানা” হৈছে কৰাচীৰ কেণ্টনমেণ্ট ৰেলৱে ষ্টেচনৰ ওচৰত কবিতা আৰু তেওঁৰ পৰিয়ালৰ লোকে চলোৱা খাদ্যৰ বিপনীখনৰ নাম।

 

View this post on Instagram

 

A post shared by Karamat Khan (@karamatkhan_05)


ইনষ্টাগ্ৰামত এটা পোষ্টত কৰমত খানে এটা ভিডিঅ’ শ্বেয়াৰ কৰে য’ত তেওঁ কবিতাৰ ষ্টল ভ্ৰমণৰ অভিজ্ঞতা উল্লেখ কৰে। পাকিস্তানত তেওঁৰ ষ্টলখন যথেষ্ট জনপ্ৰিয় আৰু নিৰামিষ তথা আমিষ দুয়োপ্ৰকাৰৰ খাদ্য উপলব্ধ।কবিতাৰ বিশেষত্ব অৱশ্যে পাৱ ভাজী, বড়া পাৱ আৰু চামোছা। ভিডিঅ’টোত দেখাৰ দৰে কৰাচীৰ কেইবাজনো বাসিন্দাই কৰমতক কয় যে কবিতাই বিক্ৰী কৰা প্ৰতিটো খাদ্য সামগ্ৰী একেবাৰে সুস্বাদু।

কৰমতে লগতে কয় যে কৰাচীৰ খাদ্যপ্ৰেমীসকলে হিন্দু পৰিয়ালে বিক্ৰী কৰা সুস্বাদু খাদ্য উপভোগ কৰে আৰু যুৱ উদ্যোগীজনক মৰমেৰে “কবিতা দিদি” বুলি কয়।কৰাচীত থকা ফুড ষ্টলৰ বিষয়ে কৰমতে দৰ্শকক অৱগত কৰাৰ পাছতে ইনষ্টাগ্ৰামতো ভাইৰেল হৈ পৰে “কবিতা দিদি”।

কেইবাজনো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে কমেণ্ট ছেকচনত খাদ্যৰ ষ্টলখনৰ সঠিক স্থানৰ বিষয়ে সোধা-পোছ কৰি অতি সোনকালে ভ্ৰমণৰ আগ্ৰহ প্ৰকাশ কৰে।

Related News