• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

দুটা বক্তৃতা

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
May 11, 2024 10:49 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ সময়ত কিমান ৰাজনীতিকে কিমান ভাষণ দিছে! সেই ভাষণবোৰত তেওঁলোকে কি কৈছে? বিজেপিয়ে কংগ্ৰেছক সমালোচনা কৰিছে।কংগ্ৰেছে বিজেপিক সমালোচনা কৰিছে। তেওঁলোকে ভাষণবোৰত ব্যৱহাৰ কৰা শব্দবোৰ আপোনালোকে লক্ষ্য কৰিছে নিশ্চয়।প্ৰায় সকলোৰে কথাত কেৱল উত্তেজনা আৰু আবেগ।কিছুমানৰ ভাষাতো গালি গালাজ- এক দুৰ্ব্যৱহাৰ।প্ৰধানমন্ত্ৰীৰ বক্তৃতাতো শুনিবই নোৱাৰি। তেওঁ ইমান অত্যাচাৰী আৰু মিছা কথা কয়! মানে তেওঁৰ বক্তৃতাবোৰ হোলোঙাৰে কাণ খজুৱাৰ দৰে।অদ্ভুৎ,অবান্তৰ।আৰু অসমৰ মুখ্যমন্ত্ৰীৰ বক্তৃতাৰতো কথাই বেলেগ।কি অংগ-ভংগী, কি শব্দ? আৰু এটা কথা চাওকচোন! সেইদিনা প্ৰধানমন্ত্ৰীয়ে যে কৈছিল টেম্প ভৰ্তি ‘মাল’ মানে পইছাৰ কথা। দেশৰ প্ৰধানমন্ত্ৰী এজনৰ মুখত ‘মাল’ শব্দটো শোভা পায়নে? অৰ্দ্ধ শিক্ষিত, অশিক্ষিত মানুহৰ কথা কোৱাৰ ধৰণ-কৰণহে তেনে।তেওঁলোকৰ লগত কথা কওঁতে, মই জটিল শিক্ষিত শব্দৰ ব্যৱহাৰ কৰিবলৈ কোৱা নাই। কিন্তু সদাচাৰী বুজুৰ্গ ব্যক্তি এজনে যেনেকৈ কথা কয়, প্ৰধানমন্ত্ৰীয়ে কিয় তেনেকৈ কথা ক’ব নোৱাৰে?

হিমন্ত বিশ্বৰ ভাষাৰ বিষয়ে কি কওঁ? তেওঁ ব্যৱহাৰ কৰা শব্দবোৰ গোটাই এখন ‘অসৌজন্য সূচক’ শব্দৰ অভিধানেই কৰিব পাৰি। কিন্তু আপোনালোকে আৰ এচ এচৰ প্ৰধান মোহন ভাগৱত বা বিজেপি নেতা ৰাজনাথ সিঙৰ ভাষণ শুনিছেনে? তেওঁলোকে কিমান ৰুচিপূৰ্ণকৈ কথাবোৰ কয়? আপুনি তেওঁলোকৰ কথা মানিব পাৰে, নামানিব পাৰে। সেইটো বেলেগ কথা।কিন্তু তেওঁলোকৰ কথা কোৱাৰ ধৰণটো মৰ্যাদাকৰ। বিৰোধী নেতাবোৰৰ ভাষণত কোনো আৱেগ আৰু উত্তেজনা নাই বুলি মই কেতিয়াও নকওঁ।তেওঁলোকৰ বহুতেও ওফাইদাং মৰা কথা কয়। কিয়নো তেওঁলোকৰো উদ্দেশ্যও কেৱল ক্ষমতা দখলহে।
মানুহে ৰাজনীতি কিয় কৰে? ক্ষমতাৰ কাৰণে, টকাৰ কাৰণে? নে কিহৰ কাৰণে? মানুহে ৰাজনীতি কিহৰ কাৰণে কৰে তাৰ ব্যাখ্যা প্ৰত্যেকেই বেলেগ বেলেগ ধৰণে কৰিব পাৰে। কিন্তু মানুহে ৰাজনীতি কৰিব লাগে মানুহৰ কাৰণে। মানুহৰ জীৱন সলনি কৰিবলৈ।মানুহৰ জীৱন সলনি কৰিবলৈ কৰা ৰাজনীতিৰ মূল কথা কি? মানুহ নহয় জানো? গতিকে মানবীয়তা ৰাজনীতিৰ মূল লক্ষ্য আৰু উদ্দেশ্য নহয় জানো? এই প্ৰসংগটো মই এই কাৰণেই উত্থাপন কৰিছোঁ যে কালি মই দুটা বক্তৃতা শুনিলোঁ- এটা প্ৰিয়ংকা গান্ধীৰ আমেঠিত দিয়া আৰু আনটো ৰাহুল গান্ধীয়ে লক্ষ্নৌত দিয়া।

দুয়োটা বক্তৃতা সম্পূৰ্ণ অগতানুগতিক ৰাজনৈতিক বক্তৃতা আছিল।গান্ধী পৰিয়ালৰ ইতিহাস পঢ়িছোঁ বাবে বক্তৃতা দুটা মই ভালদৰে হৃদয়ংগম কৰিব পাৰিছোঁ বুলি ভাবোঁ।প্ৰিয়ংকাৰ বক্তৃতাটো শুনোতে মই চকু পানী ৰাখিব পৰা নাছিলোঁ।ৰাজীৱ গান্ধীৰ মৃত দেহটো টুকুৰা টুকুৰহৈ ওভতি অহাৰ তেওঁ যি বৰ্ণনা দিছিল।ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত যেতিয়া ছোনীয়া গান্ধী সাত বছৰলৈ নিজৰ ঘৰৰ বাহিৰ নোহোৱাৰ কথা কৈছিল তেতিয়া মই মোৰ চকু পানী ৰাখিব পৰা নাছিলোঁ।সাত বছৰ ঘৰৰ ভিতৰত সোমাই থকাৰ পিছত সেই যে কংগ্ৰেছ আৰু অন্য দলৰ নেতাবোৰে ছোনীয়া গান্ধীক লগ কৰি ৰাজনীতিলৈ আহিবলৈ তেওঁক অনুৰোধ কৰিছিল। তেনে এটা দৃশ্যৰ ছৱি মই নিজে দেখিছিলোঁ।এবাৰ দেৱীলাল ছোনীয়া গান্ধীক লগ কৰিবলৈ গৈছিল।দেৱীলালে ‘হাৰিয়ানভী’ত স্থানীয় সুৰত কোৱা কথাৰ আধাই ছোনীয়া গান্ধীয়ে বুজি পোৱা নাছিল।।তেনেদৰে মানুহবোৰে লগ কৰাৰ পিছত, ছোনীয়া গান্ধী যেতিয়া ৰাজনীতিলৈ আহিবলৈ মন বান্ধিছিল তেতিয়া প্ৰিয়ংকাই মাকক ৰাজনীতিত নামানিবলৈ কেনেকৈ কাকূতি কৰিছিল।কিন্তু ৰাজীৱ গান্ধীৰ ছৱিখনলৈ দেখুৱাই প্ৰিয়ংকাক ছোনীয়া গান্ধীয়ে কি কৈছিল? মানে প্ৰিয়ংকা গান্ধীৰ বক্তৃতাটোৰ পৰা ওলাই অহা বস্তুটো আছিল মানবীয়তা, কেৱল মানবীয়তা।আৰু প্ৰিয়ংকাই মোদীৰ ৰাজনীতিৰ বিষয়ে কোৱা প্ৰথম ব্যাক্যটো বৰ তাৎপৰ্যপূৰ্ণ।

Apply Now

তেওঁ কি কৈছিল শুনকচোন।মানে এক অচিনা অজানা ৰাজনীতি যি ৰাজনীতিৰ মূল কথাটোৱে হৈছে মানুহক বিভাজিত কৰা। ৰাহুল গান্ধীৰ বক্তৃতাটো কেনে আছিল? এইটো আমি সচৰাচৰ শুনি থকাৰ দৰে ৰাজনৈতিক বক্তৃতা নাছিল।ৰাহুল গান্ধীয়ে কথাবোৰ এনেকৈ কয়, কেতিয়াবা এনে লাগে তেওঁ যেন এজন আধ্যাত্মিক সমাজ সংস্কাৰকহে( Spirital Social Reformer)।আপোনালোকে লক্ষ্য কৰিছেনে কি কি কথাই তেওঁৰ বক্তৃতাটো প্ৰাধান্য পাইছিল।বক্তৃতাটোৰ কেন্দ্ৰত আছে ভাৰতৰ জাত প্ৰথাৰ দ্বাৰা বিভাজিত সমাজ বাস্তৱতা যিটো আমি সাধাৰণতে এৰাই চলিব বিচাৰোঁ। তেওঁ কৈছে যে সমাজৰ এই পিছপৰা মানুহখিনক আগুৱাই লৈ যোৱাটোৱে হ’ব লাগে ৰাজনীতিৰ মূল উদ্দেশ্য। আৰু এই কাম কৰিব লাগিব প্ৰেমেৰে। জাত প্ৰথাৰ বিৰুদ্ধে মাত মতা সমাজ সংস্কাৰক বুদ্ধ, গান্ধী, আম্বেদকাৰ, ফুলে, পেৰিয়াৰ, বাচাপ্পা আদিয়ে সেইটোকে কোৱা নাছিল জানো? তাৰ পিছত তেওঁ কৈছে ভাৰত জোড়ো যাত্ৰাৰ সময়ত মানুহৰ লগত, সাধাৰণ মানুহৰ লগত মিলি তেওঁলোকৰ সমস্যাৰ কথা বুজি উপলব্ধি কৰা অভিজ্ঞতাৰ কথা।সেই যে ৰাহুলে কৈছিল হাতত হাত থোৱাৰ লগে লগে তেওঁ আৰু তেওঁ হাত মিলোৱা মানুহজনৰ মাজত হোৱা পৰিবৰ্তনৰ কথা।

কম সাংঘাটিক কথানে সেইটো? ৰাহুলৰ ৰাজনৈতিক পৰিভাষাত ক্ষমতাৰ কথা প্ৰায় শূন্য। তেওঁৰ কাৰণে ৰাজনীতি সমাজ পৰিবৰ্তনৰ এক আহিলাহে। নৰেন্দ্ৰ মোদীয়ে সংবিধান সংশোধন নকৰোঁ বুলি কোৱা কথাৰ সন্দৰ্ভত ৰাহুলে কোৱা কথা কেইটাও গুৰুত্বপূৰ্ণ। সংবিধানৰ মূল কথা কেইটাৰ বিৰুদ্ধে গৈ কাম কৰাটোৱে সংবিধান অমান্য কৰা নহয় জানো? বক্তৃতাটোত আৰু দুটা চমকপ্ৰদ কথাৰ উল্লেখ আছে। ৰাহুলে যে ই ডিৰ বিষয়া কেইজনক কৈছিল- আপোনালোকে মোক মাতি অনা নাই, মই নিজেহে ইয়ালৈ আহিছোঁ। আকৌ তেওঁ যে কৈছিল- মই ২০০৪ চনৰ পৰা ৰাজনীতিত আছোঁ। কিন্তু ‘ভাৰত জোড়ো যাত্ৰা’ৰ আগলৈকে মই মোৰ পৰিয়ালৰ মানুহৰ বাহিৰে কাৰো ক্ষেত্ৰত ‘মৰম’ শব্দটো ব্যৱহাৰ কৰা নাছিলোঁ।এতিয়াহে মই এই শব্দটোৰ অৰ্থ বুজিছোঁ।এইবোৰ উপলব্ধি কিবা মামুলি উপলব্ধিনে?

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am
বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd