NORTHEAST NOW (Assamese)

শ্ৰমিকক শোষণৰ অভিযোগ! আমেৰিকাৰ আৰক্ষীয়ে ঘেৰি ধৰিলে দেশখনত নিৰ্মীয়মাণ এটা হিন্দু মন্দিৰ

May 13, 2021 5:00 pm · এন ই নাও নিউজ
(নিৰ্মীয়মাণ মন্দিৰটো)

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্চিত নিৰ্মীয়মাণ অৱস্থাত থকা এটা হিন্দু মন্দিৰ ঘেৰি ধৰিছে দেশখনৰ ফেডাৰেল আৰক্ষী বাহিনীয়ে।

মন্দিৰটো নিৰ্মাণ কৰিবলৈ অধিক মজুৰিৰ লোভ দেখুৱাই ভাৰতৰ পৰা বহু শ্ৰমিকক লৈ যোৱা হৈছিল।

কিন্তু আমেৰিকালৈ নি ঘণ্টাৰ পাছত ঘণ্টা অতি কম মজুৰিৰে তেওঁলোকক হাড়ভঙা পৰিশ্ৰম কৰিবলৈ বাধ্য কৰোৱা হ’ল।

অভিযোগ অনুসৰি, শ্ৰমিকসকলৰ ওপৰত চলোৱা এই শোষণৰ আঁৰত আছে ভাৰতৰ শাসকীয় দল বিজেপিৰ শীৰ্ষ নেতৃত্বৰ এক ঘনিষ্ঠ সংগঠন ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন সংবাদপত্ৰত প্ৰকাশিত বাতৰি অনুযায়ী, শ্ৰমিকসকলে বিষয়টো লৈ আদালতৰ দ্বাৰস্থ হয়।

তাৰপাছতে আদালতৰ নিৰ্দেশমৰ্মে মঙলাবে আৰক্ষীয়ে মন্দিৰটো ঘেৰি ধৰে।

আদালতত শ্ৰমিকসকলৰ হৈ স্বাতী স্বাৱন্ত আইনজীৱিগৰাকীয়ে জানিবলৈ দিয়ে যে হিন্দু সংগঠন ‘বোকাচানৱাসি অক্ষৰ পুৰুষোত্তম স্বামীনাৰায়ণ সংস্থা’ (Bochasanwasi Akshar Purushottam Swaminarayan Sanstha, বিএপিএস) এই শোষণৰ স’তে জড়িত।

বিজেপিৰ শীৰ্ষ নেতৃত্বৰ অত্যন্ত ঘনিষ্ঠ এই সংগঠনটোৱে নিউজাৰ্চিসহ বিশ্বৰ বিভিন্ন চহৰত হিন্দু মন্দিৰ নিৰ্মাণ কৰি আহিছে।

মন্দিৰসমূহ নিৰ্মাণ কৰিবলৈ ভাৰতৰ পৰা কম মজুৰিতে শ্ৰমিকসকলক নি তেওঁলোকে খটুৱাই আছে।

শ্ৰমিকসকলৰ নিৰাপত্তাতো বাদেই, মন্দিৰৰ কাষৰ এটা স্থানতে বহু দিন ধৰি তেওঁলোকক থাকিবলৈ দিয়া হৈছে।

দিনে ঘণ্টাৰ প্ৰতি মাত্ৰ ১ ডলাৰ (ভাৰতীয় হিচাপত ৭৩ টকা) মজুৰি দিয়েই ঘণ্টাৰ পাছত ঘণ্টা শ্ৰমিকসকলক হাড়ভঙা পৰিশ্ৰম কৰিবলৈ বাধ্য কৰাইছে সংগঠনটোৱে।

অভিযোগ শোনাৰ পাছতে নিউ জাৰ্চিৰ এখন আদালতে মঙলবাৰে মন্দিৰৰ কাষত আৰক্ষী মোতায়েন কৰি অভিযোগকাৰী শ্ৰমিকসকলৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ দিয়ে।

আদালতে কয় যে এই কাৰ্যৰ দ্বাৰা সংগঠনটোৱে দেশখনৰ শ্ৰম আৰু প্ৰব্ৰজন আইন ভংগ কৰিছে।

উল্লেখযোগ্য যে ভাৰতৰ পৰা প্ৰব্ৰজন কৰি নিয়া শ্ৰমিকসকল দলিত, বহুজন আৰু আদিবাসী সম্প্ৰদায়ৰ বুলি জানিব পৰা গৈছে।

Related News