• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বিজেপিৰ বাবে হিন্দু মূল বিষয় নহয়, আদানি-আম্বানিৰ সন্তুষ্টিহে বিজেপিৰ প্ৰধান লক্ষ্য’ সুস্মিতা দেৱ

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
October 11, 2023 7:41 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিশেষ তৎপৰতা আৰম্ভ কৰিছে অসম তৃণমূল কংগ্ৰেছে। আজি সমাগত নিৰ্বাচনৰ বাবে গুৱাহাটীৰ ৰূক্মিনীনগৰ বিহুতলী প্ৰেক্ষাগৃহত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি কঁকালত টঙালি বান্ধে অসম তৃণমূল কংগ্ৰেছে। অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সভাপতিত্বত আজি ৰাজ্যৰ বিভিন্ন জিলাৰ জিলা কমিটি, মহিলা কমিটি আৰু যুৱ কমিটিৰ প্ৰায় ৩০০ জন সদস্যই বৰ্ধিত কাৰ্যনিৰ্বাহকত অংশ গ্ৰহণ কৰে।

বুধবাৰে অনুষ্ঠিত কাৰ্যনিৰ্বাহকত পৰ্যবেক্ষক হিচাপে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সদস্য তথা ৰাজ্যসভাৰ সাংসদ শান্তনু সেন উপস্থিত থাকি দলীয় কৰ্মীসকলোক উদ্বুদ্ধ কৰাৰ লগতে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠে। ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে কয় যে- অসমত ডবল ইঞ্জিনৰ চৰকাৰ থকাৰ পিছতো কেনেধৰণৰ উন্নয়ন হৈছে সেয়া সকলোৱে দেখিছে।

Apply Now

নামনিৰ পৰা উজনি অথবা বৰাকলৈ গলেই পথৰ অৱস্থা গম পোৱা যায়। মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়া আৰু বানত লাখ লাখ জনতাই এতিয়াও চকুলো টুকে।

আনহাতে, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত থকা সময়ত বিভিন্ন কেলেংকাৰীত জড়িত আছিল বুলি অভিযোগ কৰে তৃণমূলৰ সাংসদ গৰাকীয়ে৷ বিজেপিলৈ আহি ধোৱা তুলসীৰ পাত হৈছে উল্লেখ কৰি বিজেপিত আহিলেই সকলো পাপ খণ্ডন হয় বুলি মন্তব্য কৰি অৱশ্যে মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁৰ পত্নীয়ে হাজাৰ হাজাৰ বিঘা ভুমি ক্ৰয় কৰিবলৈ সক্ষম হৈছে বুলি তৃণমূল কংগ্ৰেছৰ সাংসদ শান্তনু সেনে কটাক্ষ কৰে।

ইপিনে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ বাবে বিৰোধীয়ে ইণ্ডিয়া মহাজোঁট গঠন কৰা সন্দৰ্ভত মন্তব্য প্ৰদান কৰি শান্তনু সেনে কয় যে-বিজেপিৰ পৰা ক্ৰমশঃ সহযোগী দলবোৰ আঁতৰি আহিবলৈ আৰম্ভ কৰিছে। দাক্ষিণাত্যত বিজেপি এতিয়া শূণ্য।

শেহতীয়াকৈ তামিলনাডুৰ শক্তিশালী দল এআইএমডিকে দলে বিজেপিৰ সংগ ত্যাগ কৰিছে। আগন্তুক ইণ্ডিয়াৰ বৈঠকত আৰু অধিক ৰাজৈনিতক দল মহাজোঁটত চামিল হ’ব বুলি উল্লেখ কৰি তৃণমূল কংগ্ৰেছৰ সাংসদ গৰাকীয়ে কয় যে— বিজেপিয়ে হিন্দু-মুচলমানৰ কথা কৈ নিৰ্বাচনী বৈতৰণী পাৰ হ’ব খোজে, কিন্তু হিমাচল প্ৰদেশত মুখ ঠেকেচা খালে যত হিন্দু জনসংখ্যা প্ৰায় ৯৫ শতাংশ। কৰ্ণাটকত পৰাস্ত হল। বিজেপিৰ বাবে হিন্দু মুখ্য বিষয় নহয়, বিজেপিৰ প্ৰধান উদ্দেশ্য আদানি-আম্বানিৰ সন্তুষ্টি।

ইপিনে সভাত উপস্থিত থাকি প্ৰাক্তন সাংসদ সুস্মিতা দেৱে কয় যে- অসম চৰকাৰ এতিয়া দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ চৰকাৰত পৰিণত হৈছে। বিভিন্ন ধৰণৰ ঠিকা আৱণ্টনত কেন্দ্ৰীয়ভাৱে ধন সংগ্ৰহ কৰা হয়। এই ধনৰ ভাগ ওপৰৰ মহললৈ যায়।

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ নামত একনায়কত্ববাদ চলাই থকাৰ অভিযোগ উত্থাপন কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ গৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে কোনো মন্ত্ৰী, উচ্চ পদস্থ বিষয়াৰ পৰা পৰামৰ্শ নোলোৱাকৈ যি ইচ্ছা সেয়াই কৰে বুলি মন্তব্য কৰে সুস্মিতা দেৱে।

ইপিনে আগন্তুক লোকসভাত আসন ভাগ-বটোৰৱা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰাই। ‘ইণ্ডিয়া’ মহাজোঁটৰ প্ৰেক্ষাপটত অসমত কংগ্ৰেছৰ পিছতে তৃণমূল কংগ্ৰেছ দ্বিতীয় শক্তিশালী দল হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰি ৰাজ্যৰ ১৪ খন আসনৰ ভিতৰত অসম তৃণমূল কংগ্ৰেছে ৫ খন আসন বিচৰাটো যুক্তি সংগত বুলি মন্তব্য কৰে অসম তৃণমূলৰ সভাপতি ৰিপুন বৰাই।

উল্লেখ্য যে আজিৰ বৰ্ধিত কাৰ্যনিৰ্বাহকৰ জৰিয়েত অসম তৃণমূল কংগ্ৰেছে তৃণমূল পৰ্যায়ত দলীয় কাম-কাজ বৃদ্ধি, মণ্ডল আৰু ব্লক কমিটি শক্তিশালীকৰণত গুৰুত্ব প্ৰদান কৰা বুলি অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে।

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd